Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

Anti-corruption drive প্ৰায় প্ৰতিদিনেই আৰক্ষী তথা দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছে একাধিক ঘোচখোৰ বিষয়া-কৰ্মচাৰী ৷ ইয়াৰ পিছতো যেন সংশোধন নহ’ল একাংশ বিষয়া কৰ্মচাৰীৰ চৰিত্ৰ ৷ উৎকোচৰ নামত সহজ সৰল জনতাক প্ৰৱঞ্চনা কৰি লালায়িত হোৱা এই সকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে সেয়েহে অধিক তৎপৰ হৈ উঠিছে তদাৰকী তথা দুৰ্নীতি নিবাৰক শাখা।

বিভাগটোৰ শেন দৃষ্টিৰ পৰা যেন কাৰো নিস্তাৰ নাই। তদাৰকী তথা দুৰ্নীতি নিবাৰক শাখাৰ তৎপৰতাৰ মাজতে এইবাৰ উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল খোদ আৰক্ষী বিষয়া। উৎকোচ লৈ আৰক্ষী থানাৰ ভিতৰতে হাতে-লোটে ধৰা পৰিল গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক চবিন পাল দাস।

লগতে পঢ়ক: টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

দীৰ্ঘদিন ধৰি গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত বিভিন্ন লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল এএছআই চবিন পাল দাসৰ বিৰুদ্ধে ৷ অৱশেষত দেওবাৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰে এএছআই চবিন পাল দাস।

জানিব পৰা মতে, কঠালগুৰিৰ ছাহাদত আলী নামৰ লোক এজনৰ পৰা দেওবাৰে এক গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত নগদ ৩৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে-লোটে ধৰে এএছআই চবিন পাল দাসক।

ঘটনা সন্দৰ্ভত ছাহাদত আলীৰ ভায়েক কহিনুৰ ইছলামে জনোৱা অনুসৰি ফেচবুকত কিবা এখন ফটো ভাইৰেল হোৱা সংক্ৰান্তত গোচৰ ৰুজু হোৱা বুলি তেওঁলোকক থানালৈ মাতি আনি জনাইছিল এএছআই চবিন পাল দাসে।

লগতে পঢ়ক: মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

এই ঘটনাটো নিষ্পত্তি কৰি দিয়াৰ বাবদ ছাহাদত আলীৰ পৰা নগদ ৩৫ হেজাৰ টকা দাবী কৰে এএছআই চবিন পাল দাসে। ইয়াৰ অন্যথা তেওঁলোক জে’লত যাব লাগিব বুলি ভাবুকি প্ৰদান কৰে এএছআই জনে।

ইপিনে, এই সমস্ত কথা নিজৰ মোবাইলত বাণীবদ্ধ কৰে ভায়েক কহিনুৰ ইছলামে  আৰু আৰক্ষী বিষয়াজনক দেওবাৰে টকা আদায় দিয়াৰ সময় লৈ কহিনুৰ ইছলামে সমগ্ৰ ঘটনাটো গুৱাহাটীস্থ দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষকক অৱগত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত অতি কৌশলেৰে চবিন পাল দাসক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই।

লগতে পঢ়ক: ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

উল্লেখ্য যে ধৃত চবিন পাল দাসে চাকৰিৰ পৰা অৱসৰ ল’বলৈ আৰু মাত্ৰ তিনি মাহ কাল বাকী আছিল ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য উদঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷