• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
August 8, 2022 7:11 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ অন্তৰ্গত টিপং কলিয়ৰীত দুস্কৃতিকাৰীয়ে লো পিতলৰ সামগ্ৰীৰ ওপৰত লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ উপস্থাপন হৈছে। কলিয়ৰীটো বন্ধ হৈ থকাৰ সুযোগ লৈ এই লুটপাত চলোৱাৰ অভিযোগ উঠিছে। কলিয়ৰীটোত কৰ্মৰত বিষয়া-কৰ্মচাৰী নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগো উঠিছে।

উৎপাদন ব্যাহত হৈ পৰিত্যক্ত হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিপং কলিয়ৰীত এই লুটপাত চলিছে। কলিয়ৰীটোৰ বৃহৎ পৰিমাণৰ লোহা চুৰি হৈছে। নিশাৰ ভাগৰ কথা বাদেই বিগত প্ৰায় সপ্তাহজুৰি চলি আছে লোহাৰ চুৰি কাণ্ড। চুৰি হোৱা লোহা খিনিৰ মূল্য প্ৰায় ১ কোটি মান হ’ব বুলি এক সূত্ৰই সদৰী কৰিছে।

আনহাতে, কোম্পানীৰ নিয়ম অনুসৰি এম এছ টি চিৰ অধীনত কলকতাত টেণ্ডাৰ হ’ব লাগে কিন্তু কাৰ আশীৰ্বাদপুষ্ট হৈ দিনতে চোৰাং লোহা বেপাৰীয়ে অংগুষ্ঠ প্ৰদৰ্শন কৰি নিবলৈ সাহস পালে তাকে লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

Apply Now
টিপং কয়লাখনিৰ মূল্যৱান মেচিন। ফটো: নৰ্থইষ্ট নাও।

 এই ক্ষেত্ৰত বিভিন্ন পক্ষক মেনেজ কৰি এই লুটপাত  চলোৱা বুলি  অঞ্চলটোত চৰ্চা হৈছে। দেওবাৰে টিপং কলিয়ৰীত শ্ৰমিক নেতা ভাৰতভূষণ বৰঠাকুৰৰ নেতৃত্বত এটি দল উপস্থিত হৈ ঘটনাৰ বুজ লয়। শ্ৰমিকনেতা জনে কলিয়ৰীটোত কৰ্মৰত বিষয়া-কৰ্মচাৰী নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে, দেওবাৰে একাংশ সাংবাদিক টিপং কলিয়ৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে “সাংবাদিকে পইচা নাপালে বাবে লোহা চুৰি নিউজটো লিখিলে” বুলি এক বিতৰ্কিত মন্তব্য কৰে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়োৱে। মহকুমা আৰক্ষী বিষয়াৰ এনে বক্তব্যত ক্ষোভ প্ৰকাশ কৰিছে সাংবাদিক মহলে। এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি শনিবাৰে নিশা প্ৰায় ৭১ খন ডি আই মেক্স গাড়ীৰে কলিয়ৰীটোৰ পৰা লোহা চোৰে মূল্যবান লোহা চুৰি কৰে আৰু এনে চুৰি গাড়ীৰ পৰা ১৫ হাজাৰ টকাকৈ একাংশ আৰক্ষীয়ে সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ইতিহাস প্ৰসিদ্ধ টিপং ভূগৰ্ভ কয়লাখনিটো বিগত প্ৰায় তিনি বছৰ ধৰি বন্ধ হৈ থকাৰ বাবে উক্ত কয়লা খনিত থকা লোহাৰ ওপৰত চলিছে চোৰৰ ব্যাপক লুটপাট। বিগত কেইদিনমানৰ পৰা টিপং কয়লাখনিত উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ কোনো কৰ্মচাৰী নথকাৰ অজুহাতত চোৰে বিভিন্ন পক্ষক মেনেজ কৰি চুৰি কাৰ্য ব্যাপক ৰূপত অব্যাহত ৰাখিছে।

কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই যথেষ্ট সংখ্যক অসম ঔদ্যোইক নিৰাপত্তা বাহিনীৰ থকাৰ পিছতো প্ৰতিষ্ঠানটো চোৰৰ সোণৰ কণী পৰা হাঁ‌হলৈ যে পৰ্যবসিত হৈছে সেইটো এতিয়া বুজিবলৈ কাৰো বাকী নাই।

টিপং কয়লাখনিৰ বহু মূল্যবান মেচিন। ফটো: নৰ্থইষ্ট নাও।

শেহতীয়াকৈ চোৰৰ অতপালিত টিপং ভূগৰ্ভ কয়লাখনিটো বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাই। যাৰ ফলত কলিয়ৰীত থকা প্ৰতিষ্ঠানটোৰ বহু মূল্যবান সামগ্ৰীৰ লগতে লোহা সমূহ মাৰ্ঘেৰিটালৈ সৰবৰাহ কৰিছে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে যি সকল কৰ্মচাৰীয়ে লোহা সমূহ নিজা স্বাক্ষৰে মাৰ্ঘেৰিটালৈ আনিছে সেই সকলেই চোৰৰ সৈতে লগ হৈ চুৰি কাৰ্যত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ জনৈক ঘোষাল, টায়ে, ৰাই, বৰুৱা আদি লোক কেইজন এই কাৰ্যত জড়িত হৈ থকা বুলি চৰ্চা চলিছে।  এই ক্ষেত্ৰত ক’ল ইণ্ডিয়াৰ উৰ্ধতন কৰ্তৃপক্ষ জড়িত হোৱাটোও নুই কৰিব নোৱাৰি।

অতি হাস্যকৰ ভাবে প্ৰতিষ্ঠানটোত এনে চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতে থানাত এজাহাৰ দিয়াৰ পৰিবৰ্তে কৰ্তৃপক্ষই জাননী দিয়েই দায় সামৰে বুলি একাংশই কব বিচাৰে। শনিবাৰে পুনৰ শতাধিক চোৰে গেছ লৈ লোহা কাটি গাড়ীয়ে গাড়ীয়ে জাগুন, টিৰাপগেট, লিডু আদিত থকা লোহাৰ ডেম্পলৈ দিনে নিশাই সৰবৰাহ কৰে। ইয়াৰ পিছতো আৰক্ষীৰ কিয় চকু নপৰিল এনে লোহা চুৰিৰ গাড়ীৰ ওপৰত। চোৰৰ সৈতে গোপন বুজাবুজি আছে নেকি আৰক্ষী লোকৰ? এনে কথা বৰ্তমানে লেখাপানী, টিপং, লিডু মাৰ্ঘেৰিটা, জাগুনত সচেতন মহলত চৰ্চা হৈছে।

এই সন্দৰ্ভত আৰক্ষী বিষয়াৰ পৰা জানিব বিচৰাত ক’ল ইণ্ডিয়াই জাননীহে দিয়ে এজাহাৰ নিদিয়ে বুলিহে টুলুঙা মন্তব্য আগবঢ়ায়। চুৰি হোৱা লোহা খিনিৰ মূল্য প্ৰায় ১ কোটি বুলি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।

ইপিনে দেওবাৰে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো, লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপজ্যোতি বৈশ্য ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য যে টিপং কলিয়ৰীত থকা দুটাকৈ ষ্টিম ইঞ্জিন পৃথিৱী বিখ্যাত, ইয়াৰে ডেভিড নামৰ ষ্টিম ইঞ্জিনটো চাবলৈ বিভিন্ন সময়ত বহু বিদেশী পৰ্য্যটক টিপং কলিয়াৰিলৈ আহে। এতিয়া এই ইঞ্জিনটোতো চোৰৰ হাতোৰা পৰাৰ সম্ভৱনা আছে। এইক্ষেত্ৰত ক’ল ইণ্ডিয়া, আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

টিপং কয়লাখনিৰ পৰিত্যক্ত যন্ত্ৰপাতি । ফটো: নৰ্থইষ্ট নাও।

আনহাতে, বৃটিছৰ দিনৰে টিপং কলিয়ৰীৰ চোৰৰ লুটপাতৰ ঘটনাত সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় সম্পদ ক’ল ইণ্ডিয়াৰ মূল্যবান লোহা সামগ্ৰী চুৰি কৰা চোৰ সমূহ অনতি প্ৰলমে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন হৈছে।

উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি টিপং কলিয়ৰীক কয়লা পৰ্য্যটনক্ষেত্ৰ হিচাপে নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ সৈতে ক’ল ইণ্ডিয়াই প্ৰস্তাৱ আগবঢ়োৱাৰ প্ৰস্ততি চলি আছে। তাৰ মাজতেই বৃহৎ মূল্যবান লোহা চুৰিৰ ঘটনা দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd