দিনৰ পোহৰতে আমেৰিকাৰ হোৱাইট হাউছৰ লাফায়েট চৌহদত হঠাতে এখন গাড়ী আহি চাইনপোষ্টত খুন্দা মাৰে। বাতৰি অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছৰ চৌহদতে আছিল। ইফালে গাড়ীখনে খুন্দা মৰাৰ লগে লগে হোৱাইট হাউছত সাময়িক লকডাউন ঘোষণা কৰা হয়।
হোয়াইট হাউছক আমেৰিকাৰ ৰাষ্ট্ৰপতি চৌহদ বুলি জনা যায়। এই অঞ্চলটো আমেৰিকাৰ ৰাজনৈতিক ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তাত থকাৰ সময়তে এখন গাড়ীয়ে তাত থকা এটা চাইনপ’ষ্টত খুন্দা মাৰিলে। এই ঘটনাক কেন্দ্ৰ কৰি আমেৰিকাৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।
ভিডিঅ’ ত দেখা গৈছে যে গাড়ীখনে খুন্দা মৰাৰ পিছত ছিক্ৰেট চাৰ্ভিচ আৰু ইউ এছ গাৰ্ডৰ কৰ্মীয়ে গাড়ীখন ঘেৰাও কৰে। দেখা যায় যে গাড়ীখনৰ চালকজন আমেৰিকাৰ গাৰ্ড সেনা আৰু ছিক্ৰেট চাৰ্ভিচৰ জোৱানৰ সৈতে কাজিয়াত লিপ্ত হয়। ইয়াৰ পূৰ্বে ৰূপালী ৰঙৰ গাড়ীখনে লাফায়েট স্কোৱাৰৰ উত্তৰ দিশত খুন্দা মাৰে। প্ৰশ্ন হয় এই গাড়ীৰ চালক কোন? তেওঁৰ উদ্দেশ্য কি?
স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১০ বজাত (ভাৰতত নিশা ৮.৩০ বজাত) সংঘটিত হয় এই ঘটনা। ইয়াৰ পিছত ছিক্ৰেট চাৰ্ভিচে হোৱাইট হাউছৰ সকলোকে ভিতৰলৈ যাবলৈ কয়। তাৰ পৰা ওলাই অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই গাড়ীখন চলাই অহা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে হোৱাইট হাউছৰ সন্মুখত কূটাঘাতৰ সন্দেহত আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। ইফালে সোমবাৰৰ গাড়ী দুৰ্ঘটনাৰ পিছত এতিয়াৰ বাবে হোৱাইট হাউছত সাময়িক লকডাউন। সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। সদ্যহতে বন্ধ কৰি দিয়া হৈছে স্থানীয় লাফায়েট পাৰ্ক। ঘটনাস্থলীত উপস্থিত হৈছে বোমা নিষ্কাশন দল।





