নাগৰিকত্ব বিধেয়ক, ২০১৬ বাতিলৰ দাবীত হাউলীত জোঁৰ সমদল

Screenshot_20190119-083010

অসমীয়া জাতিক নি:শেষ কৰিব বিচৰা জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি অসম গণ পৰিষদে ৰূপায়ণ কৰে জোঁৰ সমদল কাৰ্যসূচী৷

অসম গণ পৰিষদ দলৰ আহ্বান মৰ্মে  বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত  হাউলী চহৰতো এটা জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা হয়। কেইবা শ  অগপ নেতা কৰ্মী আৰু সমৰ্থকে ‘জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল কৰক’, ‘নৰেন্দ্ৰ মোডী হায় হায়’, ‘বিজেপি মুৰ্দাবাদ’, ‘সোণোৱাল চৰকাৰ হায় হায়’,  ‘বিদেশী হুচিয়াৰ’ আদি শ্লোগান দি হাউলী চহৰ পৰিভ্ৰমণ কৰাৰ লগতে  হাউলী চহৰৰ ৰাজপথ উত্তাল কৰি তোলে।

আনকি ‘জাতীয় নায়ক সৰ্বানন্দ মুৰ্দাবাদ’, ‘ৰণজিৎ দাস লেই লেই চেই চেই’, ‘বিজেপি চৰকাৰ ওৱাক থুই’ আদি শ্লেগান দি বিধেয়কখনৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে৷

বিধেয়কখন বাতিল নকৰিলে তীব্ৰ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি চৰকাৰক সকীয়নি দিয়ে অগপ নেতা, কৰ্মীৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা  জনতাই।