নাবালিকা ধৰ্ষণকাৰীক ১৪২ বছৰৰ কাৰাদণ্ড বিহিলে কেৰালাৰ আদালতে

JailPic

এজন অপৰাধীক ১৪২ বছৰৰ কাৰাদণ্ডৰ ৰায়ে এতিয়া বেছ চৰ্চা লাভ কৰিছে কেৰালাত। এজন ধৰ্ষণৰ গোচৰত অভিযুক্তক আদালতে ১৪২ বছৰৰ কাৰাদণ্ড বিহিছে। কেৰালাৰ এজন লোকক আদালতে বিহিলে এই শাস্তি । সঁচাকৈয়ে শেহতীয়াকৈ কেৰালাৰ এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত ১৪২ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।

এখন স্থানীয় আদালতে এগৰাকী নাবালিকাক দুবছৰ ধৰি বলাৎকাৰ কৰি থকাৰ অপৰাধত এজন ৪১ বছৰীয়া লোকক ১৪২ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পাথানামথিট্টাৰ অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ (পকচো) ন্যায়াধীশ জয়কুমাৰে আনন্দন পি আৰ নামৰ অপৰাধীজনক ১৪২ বছৰৰ কাৰাদণ্ড বিহে।

তেওঁক ৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হয়। জিলাখনত পকচো গোচৰত অভিযুক্তক ইমান বছৰৰ শাস্তি প্ৰদানৰ ঘটনা এয়াই প্ৰথম। তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা (পকচো) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬(অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু হৈছিল।

আদালতে কয় যে অভিযুক্তজনে ২০১৯-২০২১ বৰ্ষত শিশুটোক নিৰ্মমভাৱে যৌন নিৰ্যাতন কৰিছিল। সেই অপৰাধতে তেওঁক ইমান বছৰৰ কাৰাদণ্ড বিহা হয়।