NORTHEAST NOW (Assamese)

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ; গঁড়টোৰ গতিবিধিত তীক্ষ্ণ দৃষ্টি ৰাখিছে বন বিভাগৰ লোকে

January 18, 2021 2:19 pm · কাজি জেইদুল ইছলাম
চতিয়াত মুক্ত বিচৰণ কৰা গঁড়টো। ফটো: নৰ্থইষ্ট নাও।

যোৱা নিশা চতিয়াত আগমন হয় কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গঁড়ৰ।

আজি পুৱাতে চতিয়াৰ উন্নয়ন খণ্ডৰ কাৰ্যলয় সমীপৰ এটা পুখুৰীত গঁড়টোৱে জিৰণি লয় ৷

পানীৰ মাজত জিৰণি লোৱা গঁড়টোক চাবলৈ লোকে লোকাৰণ্য হৈ পৰে অঞ্চলটো।

গঁড়টোৱেও মানুহৰ চিঞৰ-বাখৰত অতিষ্ঠ হৈ পুখুৰীৰ পৰা ওলাই মৰনৈ নদী পাৰ কৰি খাটোৱালৰ এটা পুখুৰীত পুনৰ অৱস্থান কৰি আছিল যদিও বৰ্তমানো চতিয়া অঞ্চলৰ কেইবাটাও প্ৰান্তত গঁড়টিয়ে  বিচৰণ কৰি আছে ৷

গঁড়টো মুক্ত বিচৰণ কৰি থকা অঞ্চলত বৰ্তমান বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ কটকীঁয়া নিৰাপত্তা গঢ়ি তুলিছে।

বন বিভাগে ধাৰণা কৰা মতে কলিয়াবৰত মুক্ত বিচৰণ কৰা গঁড়টিয়ে বৰ্তমান বিশ্বনাথত আহিছে।

প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী পৰ্যায়ত গঁড়টো স্থানান্তৰ কৰা হ’ব পাৰে বুলি জানিবলৈ দিছে বন বিভাগে।

Related News