গোৱালপাৰাৰ দুধনৈত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বন্ধ হৈ পৰিছে ।
গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে সংযুক্ত গাৰো স্বায়ত্ব পৰিষদ সংগ্রাম সমিতিয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ।
। ফলত শ শ যান বাহন আবদ্ধ হৈ পৰিছে। গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজপথ ।
আৰক্ষীৰ বাধা নামনি হাজাৰ হাজাৰ লোকে সমদল কৰি দুধনৈ গুৱাহাটী পথৰ দলঙত পথ অৱৰোধ । গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন নকৰাৰ প্ৰতিবাদত তীব্ৰ আন্দোলনৰ হুংকাৰ দিছিল সংযুক্ত গাৰো স্বায়ত্ব পৰিষদ সংগ্রাম সমিতিয়ে । উল্লেখ্য সংযুক্ত গাৰো স্বায়ত্ব পৰিষদ সংগ্রাম সমিতিৰ সভাপতি এলেক্স কে চাংমাই কয় যে অসমত বসবাস কৰা গাৰো জনগোষ্ঠীয় লোক সকলে ২০০৩ চনত জনজাতিৰ স্বীকৃতি লাভ কৰাৰ পিছৰে পৰাই গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী কৰি আহিছে ।
গাৰো জনগোষ্ঠীৰ লোক সকলে দীৰ্ঘদিন ধৰি এই দাবী উত্থাপন কৰি আহিছে যদিও এতিয়ালৈকে কোনো এখন চৰকাৰে বিষয়টো সম্পৰ্কে গুৰুত্ব দিয়া নাই ।
সেয়ে যিকোনো মূল্যৰ বিনিময়ত গাৰো জনগোষ্ঠীয় লোক সকলৰ এই দাবী পূৰণ হব লাগিব ।
আমি উগ্ৰ হৈ আন্দোলন কৰা বাদে আন কোনো বিকল্প ব্যৱস্থা নাই ।
গুলি খাই মৰিলেও আমাৰ প্ৰাপ্য আদায় কৰিম— এই মন্তব্য কৰিছে গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন সমিতিয়ে।
সেয়ে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা বুলি কয় গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠন সমিতিয়ে।