NORTHEAST NOW (Assamese)

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

April 18, 2021 6:02 pm · মীনাক্ষী ফুকন
Updated: April 18, 2021 6:06 pm

ৰঙালীৰ আনন্দৰ মাজতে এটি দুখৰ খবৰে শোকৰ বন্যা বোৱাইছে গোলাঘাট চহৰত।

লগৰীয়াৰ সৈতে গা ধুৱলৈ গৈ ধনশিৰি নদীত সন্ধানহীন হৈ আছে গোলাঘাটৰ এজন উদীয়মান ফুটবল খেলুৱৈ।

সন্ধানহীন যুৱকজন গোলাঘাট শান্তিপুৰৰ গোবিন নায়ক বুলি জানিব পৰা গৈছে।

আজি দুপৰীয়া ভাগত ৬ জন লগৰীয়াৰ সৈতে গা ধুবলৈ গৈছিল যুৱকজন।

গা ধুই থকা অৱস্থাতে হঠাৎ সন্ধানহীন হয় যুৱকজন।

বৰ্তমান SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলকৈ সন্ধানহীন যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই।

উল্লেখ্য যে, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল প্ৰশিক্ষাৰ্থী গোবিন নায়কে আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশ লোৱাৰ লগতে এজন সুদক্ষ গ’লৰক্ষক আছিল।

Related News