ইংৰাজৰ বিৰোধিতা কৰাৰ বাবেই দেওবাৰেও খোলা ৰখা হয় এইখন বিদ্যালয়

school1

দেওবাৰ বন্ধৰ দিন। এই দিনটোত সকলো বিদ্যালয় বন্ধ থাকে।

কিন্তু সকলো বিদ্যালয় বুলি ক’লে হয়তো ভুল কৰা হ’ব।

কাৰণ দেশৰ এখন বিদ্যালয় দেওবাৰেও খোলা ৰখা হয়। ইংৰাজে প্ৰৱৰ্তন কৰা নিয়মৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই এই বিদ্যালয় খনত বিগত প্ৰায় ৯৮ টা বছৰ ধৰি দেওবাৰেও বিদ্যালয় খোলা ৰখা হৈছে।

দেওবাৰেও খোলা ৰখা এই বিদ্যালয় খন আছে পশ্চিমবংগৰ পূব বৰ্দ্ধমান জিলাৰ জামালপুৰত।

১৯২২ চনৰ ৫ জানুৱাৰীত স্থাপন কৰা জামালপুৰৰ গোপালপুৰ মুক্তকেশী বিদ্যালয় খনে প্ৰতিষ্ঠাৰ দিনৰে পৰা আজিলৈকে দেওবাৰেও বিদ্যালয় খোলা ৰাখি আহিছে।

এই প্ৰসংগত স্থানীয় বাসিন্দা এগৰাকীয়ে কয় যে দেওবাৰৰ দিনটো যিহেতু ইংৰাজ সকলে বন্ধৰ দিন হিচাবে ঘোষমা কৰিছে সেয়ে ইংৰাজৰ বিৰোধিতা কৰাৰ এক পদক্ষেপ হিচাবে বিদ্যালয় খন দেওবাৰেও খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল।

দেশত এতিয়া ইংৰাজ নাই যদিও সেই পৰম্পৰা আজিও অব্যাহত আছে।

বিদ্যালয় খন দেওবাৰে খোলা ৰখা হয় যদিও সোমবাৰে বিদ্যালয় বন্ধ ৰখা হয়।

ইংৰাজৰ শাসন কালতে এনেদৰে ইংৰাজৰ নিয়মৰ বিৰোধিতা কৰি জামালপুৰৰ ৰাইজে তেতিয়াই দিছিল দেশভক্তিৰ পৰিচয়।