সমগ্ৰ দেশতে ক’ৰ’নাৰ সন্ত্ৰাস৷ ক’ৰ’নাৰ সন্ত্ৰাস ৰুধিবলৈ ৩ মেলৈকে পৰ্যন্ত সমগ্ৰ দেশতে ল’কডাউন জাৰি কৰা হৈছে৷
ক’ৰ’নাৰ সংক্ৰমণ ৰুধিবলৈ জনসানৰণক মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰৰ বাবে সজাগ কৰিছে ৰাজ্যচৰকাৰে ৷
তেনে সময়তে অসমৰ এজন যুৱকে সাজি উলিয়াইছে এটি স্বয়ংক্ৰিয় চেনিটাইজ কেবিন৷ যুৱক জনৰ নাম হৰপ্ৰীত সিং৷
বেহৰবাৰী স্থিত হেপী ইঞ্জিনাৰিং ৱৰ্কছৰ স্বত্বাধিকাৰী সিং য়ে নিজস্ব প্ৰচেষ্টাৰে সাজি উলিয়াইছে এইটো যন্ত্ৰ৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষী চকীত এই চেনিটাইজ কেবিন ৰখা হৈছে৷
সোমাই গৈ এপাক ঘুৰিলেই নিজে নিজে চেনিটাইজ হৈ পৰে কেবিনৰ ভিতৰেৰে যোৱা ব্যক্তি জন৷
কৃষি পাম্প, লোহা, প্লাষ্টিক পাইপ আদি ব্যৱহাৰ কৰি এই যন্ত্ৰটি সাজি উলিয়াই সিঙে৷ মহানগৰীৰ প্ৰতিখন থানাতে দিবলৈ যত্ন কৰিব যদিও সাজিবৰ বাবে বৰ্তমান সজুলি নাই বাবে দিব পৰা নাই বাবে সাজিব পৰা নাই যন্ত্ৰটি ৷
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনে যন্ত্ৰ নিৰ্মাণ কৰা হৈছে যদিও অসমত এনে যন্ত্ৰ অসম এয়াই প্ৰথম আৰু ই ভবিষ্যতে বহু পৰিমাণে সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে৷
গুৰুত্বপূৰ্ন কথা এই যে কোনোবাই যদি এনে যন্ত্ৰ বনাব খোজে অথবা বনোৱাৰ বাবে সহায় প্ৰয়োজন হয় তেনেহ’লে তেওঁ সহায় কৰিব বুলি জানিবলৈ দিছে৷