ধনৰ অভাৱত গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আবদ্ধ জটিল ৰোগত আক্ৰান্ত এজন যুৱক, প্ৰয়োজন সুহৃদ জনৰ সহায়ৰ

dd

এজন অসহায় যুৱক। যুৱক জনৰ নাম কংকণ দাস বয়স ২৬ বছৰ।

ঘৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কালাকুছি গাঁওত।

যুৱক জন ”হিমফিলিয়া বি”, “চেপচিছ”, ”ক্ৰনিক এনেমিয়া”, বৃক্কৰ লগতে কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈছে। বিগত প্ৰায় ৩৪ দিন ধৰি গুৱাহাটীৰ দিছ্পুৰ হস্পিতাল নামৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

তেওঁক কালি চিকিৎসালয় খনৰ পৰা চিকিৎসকে ঘৰলৈ আহিবলৈ দিয়া হৈছে যদিও হস্পিতালৰ বিল প্ৰায় সাত লাখতকৈ অধিক হৈছে।

অতি দুখীয়া পৰিয়ালৰ যুৱক জনৰ পৰিয়ালে বৰ্তমান ব্যক্তিগত চিকিৎসালয়খনৰ বিল পৰিশোধ কৰিব নোৱাৰা বাবে ৰোগীজন এতিয়া চিকিৎসালয় খনত আবদ্ধ হৈ আছে।

আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগৰ পৰাই বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ অসমৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন চিকিৎসালত চিকিৎসা কৰি মাটি সম্পত্তি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটো।

যুৱকজনৰ আছে এটি এক মহীয়া সন্তান। এতিয়া পৰিয়ালটো পৰিছে তীব্ৰ আৰ্থিক সংকটত।

গাঁওৰ যুৱক সকলেও ঘৰে ঘৰে গৈ নগণ্য পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰিছে।

ইতিমধ্যে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু তামুলপুৰৰ নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োয়ে আৰ্থিক সাহায্য দিছে যদিও সেয়া পৰ্যাপ্ত নোহোৱাত যুৱক জনক ঘৰলৈ আনিব পৰা নাই।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ লগতো যোগাযোগ কৰিছে গাঁওবাসীয়ে।

গাঁওবাসী, তেওঁৰ পৰিয়ালৰ লোকে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োৰ সহায় বিচাৰিছে যাতে যুৱক জনক ঘৰলৈ ঘূৰাই আনিব পৰা যায়।

পৰিয়ালৰ লোকে আৰু গাঁওবাসীয়ে আশাৰে জনপ্ৰতিনিধি আৰু চৰকাৰৰ মুখলৈ বাট চাই ৰৈ আছে।

কোনো লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে 91011 89801 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ বা কংকণ দাসৰ নামত কানাড়া বেংকত ৰঙিয়া শাখাত থকা একাউণ্ট নম্বৰ 4559101005323, IFSC Code – CNRB0004559 ত আৰ্থিক অনুদান আগবঢ়াবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।