চাঞ্চল্য! শৌচাগাৰৰ গাঁতত উদ্ধাৰ নৰ কংকাল

skeleton

কলিয়াবৰৰ কুঠৰী ন-জানত এজন ব্যক্তিৰ বাসগৃহৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ হৈছে এটা নৰ কংকাল। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

কংকালটো ২নং নজানৰ উমেশ বৰা নামৰ লোকজনৰ ঘৰৰ চৌহদৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা কংকালটো উমেশ বৰাৰে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে যোৱা তিনিমাহ ধৰি সন্ধানহীন হৈ আছিল উমেশ বৰা। নিখোজ হোৱাৰ পিছতে তেওঁৰ পত্নীয়ে আৰক্ষীক এই সম্পৰ্কে অৱগত কৰিছিল।

ইয়াৰ পিছতেই কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল।

আজি শৌচাগাৰৰ গাঁতত কংকালটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ লগতে কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয়।

শৌচাগাৰৰ টেংকীৰ পৰা কংকালটো উলিয়াই অনাৰ পাছত আৰক্ষীয়ে এইয়া উমেশ বৰাৰে কংকাল বুলি সন্দেহ প্ৰকাশ কৰিছে।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে বৰাৰ পত্নীয়েই মজিবুৰ ৰহমান নামৰ এজন ব্যক্তিৰ লগত লগ হৈ স্বামী উমেশ বৰাক হত্যা কৰি শৌচাগাৰৰ গাঁতত পুতি থোৱা বুলি সন্দেহ কৰিছে।

বাগৰি আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ লগতে মজিবুৰ ৰহমানকো সোধাপোছৰ বাবে আটক কৰিছে।

পৰকীয়া প্ৰেমৰ পৰিণতিতে উমেশ বৰাৰ হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে।