NORTHEAST NOW (Assamese)

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

May 21, 2022 10:26 am · এন ই নাও নিউজ, গুৱাহাটী
এলন মাস্ক।

নিজৰ কোম্পানীৰে এগৰাকী বিমান সেৱিকক যৌন নিৰ্যাতন আৰু তাৰ পিছত মুখ বন্ধ ৰাখিবলৈ ২,৫০,০০০ ডলাৰৰ ‘ক্ষতিপূৰণ’। বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ বিৰুদ্ধে এনে এক চাঞ্চল্যকৰ দাবী কৰিছিল এক সংবাদ মাধ্যমে।

দৰাচলতে সেই সংবাদ মাধ্যমে কি দাবী কৰিছিল? দাবী কৰা মতে ঘটনাটো ২০১৬ চনত এক উৰণৰ সময়ত সংঘটিত হৈছিল। ভুক্তভোগী বিমান সেৱিকাগৰাকী চুক্তিভিত্তিত মাস্কৰ কোম্পানী স্পেচএক্সত কাম কৰিছিল। কৰ্পোৰেট উৰণৰ সময়ত মাস্কে যুৱতীগৰাকীক তেওঁৰ পুৰুষাংগ দেখুৱাইছিল। তাৰ পিছত তেওঁৰ অনুমতি অবিহনে ভৰিত স্পৰ্শ কৰিছিল।

লগতে পঢ়ক: Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

সেইদৰে, তেওঁ যুৱতীগৰাকীক মালিচ কৰি দিলে এটা ঘোঁৰা কিনি দিয়াৰো প্ৰস্তাৱ দিছিল। যুৱতীগৰাকীয়ে এগৰাকী বান্ধৱীক কৈছিল যে বিমান সেৱিকা হিচাপে চাকৰি পোৱাৰ সময়ত তেওঁক জোৰ কৰি মেচেজদাতাৰ অনুজ্ঞাপত্ৰও দিয়া হৈছিল। উদ্দেশ্যটো হৈছে যাতে তেওঁ মাস্কক মালিচ দিব পাৰে।

পিছত উৰণৰ সময়ত মাস্কে তেওঁক তেওঁৰ কোঠালৈ মাতি নিছিল। সেই সময়ত ধনকুবেৰজনৰ শৰীৰত পোছাক বুলিবলৈ প্ৰায় একো নাছিল। তলৰ অংশত কেৱল এখন সৰু কাপোৰ ঢাকি ৰখা আছিল। তাৰ পিছত তেওঁ ইয়াকো আঁতৰাই যুৱতীগৰাকীক অসৎ প্ৰস্তাৱ আগবঢ়াইছিল।

উক্ত সংবাদ মাধ্যমে লগতে দাবী কৰে যে ২০১৮ চনত তেওঁ ভুক্তভোগীৰ মুখ বন্ধ ৰাখিবলৈ মাস্কে ২,৫০,০০০ ডলাৰ পৰিশোধ কৰিছিল।

লগতে পঢ়ক: জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ইপিনে, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰক “ৰাজনৈতিক প্ৰতিশোধ” বুলি অভিহিত কৰিছে মাস্কে। সংবাদ মাধ্যমে এই সন্দৰ্ভত যোগাযোগ কৰাত বিশ্বৰ অন্যতম ধনী ব্যক্তিগৰাকীয়ে কয়, “এই কাহিনীৰ সৈতে আৰু বহু কথা আছে। যদি সঁচাই মই এনেধৰণৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত হ’লোহেঁতেন, তেন্তে ৩০ বছৰীয়া কেৰিয়াৰত এনে অভিযোগ এই প্ৰথমবাৰ পোহৰলৈ নাহিলেহেঁতেন।‘’ তেওঁ পিছত টুইট কৰি অভিযোগটো অস্বীকাৰ কৰিছে আৰু অভিযোগকাৰীৰ বিৰুদ্ধে চিধা প্ৰত্যাহ্বান আগবঢ়াইছে।

বিগত কিছুদিন ধৰি এলন মাস্কে টুইটাৰ ক্ৰয়ৰ বিষয়টোৱে চৰ্চাৰ মাজত আছে। টুইটাৰ সম্পৰ্কত এলন মাস্কৰ পৰিকল্পনাসমূহকলৈও জল্পনা-কল্পনা চলি আছে। তাৰমাজতে যৌন নিৰ্যাতনৰ অভিযোগ পোহৰলৈ অহাত নতুন এক বিতৰ্কৰ মাজত সোমাই পৰিছে এলন মাস্ক।

Related News