অসমীয়াৰ আন্তৰিতাত বৈ থকা জাতীয় জীৱনৰ ৰং,আৱেগ-অনুভূতিৰ উৎসৱ ব’হাগ বিহু। যদিও বিহু বুলিলেই গা-সাতখন-আঠখন কৰা সেই সময় নাই, তথাপি ঠাই বিশেষে বৰ্তমানেও আছে ব’হাগ বিহু উদযাপনৰ নিৰ্ভেজাল ৰূপ । চাবুৱা অঞ্চলৰ বৃহৎ অসমীয়া জাতিৰ মটক সম্প্ৰদায়ৰ বৰবাৰী ,বগডোং ভৰলুৱা গাঁৱত আজিও মাটি – মানুহৰ উৎসৱ ব’হাগৰ অনন্য ৰূপ “গাভৰুৰ গছ তলৰ বিহু ” ৰ পৰম্পৰা চলি আছে ।
পৰিবৰ্তিত সংস্কৃতিত একেবাৰে নিভাঁজ ৰূপ নাই যদিও প্ৰকৃতিৰ উৰ্বৰতাৰ এই সময়ছোৱাত অসমীয়া পহিলা মাহৰ প্ৰথম দিনাৰে পৰা উদযাপন কৰে ” গাভৰুৰ গছ তলৰ বিহু ” সুস্থ ,শৃংখলাবদ্ধ আৰু বৈজ্ঞানিক চিন্তাৰ প্ৰভাৱ পৰা এই পৰম্পৰা সমাজে বান্ধি দিয়া নিয়মত,সম্পূৰ্ণ শালীনতা বা নিৰাপত্তা বেষ্টনীত পালন কৰা হ’য়।
প্ৰায় দুকুৰি বছৰ আগলৈকে তেতিয়াৰ শিৱসাগৰ মহকুমাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত ” গাভৰুৰ ৰাতি বিহু”ৰ পৰম্পৰা চলি আছিল বুলি শুনিবলৈ পোৱা গৈছিল যদিও চাবুৱা অঞ্চলত বৰ্তমানেও চলি আছে গাভৰুৰ “গছ তলৰ বিহু ।”
প্ৰতি বৰ্ষতে পৰম্পৰাগত ভাৱে পালন কৰি অহাৰ বাবেই আজি এই বিহুয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। ব’হাগ শব্দটিত অন্তৰ্নিহিত হৈ থকা চৰম আনন্দ প্ৰকাশৰ মাজেদিয়েই পূৰ্বতে মটক সম্প্ৰদায়ৰ সমাজত চ’ত মাহৰ প্ৰথম দিনৰ পৰাই ব’হাগক আঁদৰাৰ প্ৰস্তুতি ” বালি বিহু” পালন কৰিছিল।
যদিও বৰ্তমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি কেৱল ব’হাগতে ডেকা-গাভৰুৱে এই বিহু খোলা পাতে।অৰ্থাৎ গৰু বিহুৰ দিনা কাহিলী পুৱাতে ন- পানীৰে গৰুক গা ধুৱাই , ৰাজহুৱাকৈ স্থানীয় নামঘৰত শৰাই নৈবদ্য আগবঢ়াই জেষ্ঠ্যজনৰ আৰ্শীবাদ লৈ সন্ধিয়াৰ পৰাই ডেকাচামে আৰম্ভ কৰে হুঁচৰিৰ পৰম্পৰা।
গাৱঁৰ মুখিয়াল তথা সন্মানীয় জনৰ চোতালত আৰম্ভ কৰা এই হুঁচৰি গোটেই নিশা মাৰে আৰু শেষনিশা পথাৰৰ মাজত ৰৈ থকা বৰগছজোপাত জাতিৰ মান গামোচা উৰুৱাই গাভৰু সকলক গছতলৰ গাভৰু বিহুৰ বাবে আঁদৰণি জনায়।
এক বহাগৰ দিনা পুৱা গাভৰুসকলে বিহুলৈ বুলি বোৱা জাতীয় সাজ পৰিধান কৰি হাতে-হাতে বিহু বাদ্য টকা লৈ সেই নিৰ্দিষ্ট গছ জোপাৰ তলত “গছ তলৰ বিহু “ৰ খোলা পাতি আৰম্ভ কৰে। প্ৰথমতে পূজা -অৰ্চনাৰে গছৰ গুৰিত এযোৰ গোৱা-পাণ আগবঢ়াই গছজোপাৰ চাৰিওফালে ঘূৰি ঘূৰি বিহু মাৰি আনন্দ প্ৰকাশ কৰে।
এই সময়ছোৱাত অৱশ্যে গাওঁ সমাজৰ অন্য কোনো লোকে এই বিহু প্ৰত্যক্ষ নকৰে।মূলতে নিৰাপত্তাজনিত কাৰণতে নহওক কিয় নিয়মানুসৰি গছজোপাৰ চাৰিওফালে মাটি কাটি ঢাপ বান্ধি দিয়া সীমাৰ ভিতৰতে এই বিহু মাৰে। যি সীমাৰ ভিতৰত পুৰুষ বা কোনো বিবাহিতা মহিলাৰ প্ৰৱেশতো বাধা আছে।অজানিতে প্ৰৱেশ কৰিলে দণ্ডস্বৰূপে জৰিমনা বিহাৰো নিয়ম আছে।
দিন-ৰাতি অবিৰতভাৱে চলি থকা বিহু খোলাত কোনো যতি নপৰিবলৈ গছজোপাৰ সমীপতে বিহু খোলা ঘৰ নিৰ্মাণ কৰি লোৱা হ’য়। ডেকা – গাভৰুৰ মনৰ মিলনক প্ৰাধান্য দিয়া এই বিহুৰ উদ্দেশ্য হৈছে নিজৰ ইচ্ছাৰে জীৱন সংগী নিৰ্বাচন কৰি লোৱা। সেইবাবেই দাঁতিকাষৰীয়া গাঁৱৰ ডেকা সকলৰ বাবেহে এই বিহু প্ৰত্যক্ষ কৰাৰ অনুমতি থাকে।
ন-পানী ফালি গাভৰুৰ বিহুতলিলৈ ঢপলিয়াই অহা ডেকাচামে নিজৰ প্ৰেয়সীক বিভিন্ন যোৰা নামৰ যোগেদি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই। বৰগছৰ ন- বহাগী পাতৰ দৰে কুমলীয়া গাভৰুৱে যোৰানামেৰে প্ৰেমৰ প্ৰত্যুত্তৰ দি মনৰ মানুহজনক বিবাহৰ বাবে সন্মতি প্ৰদান কৰে।
আধুনিক তথা বৈজ্ঞানিক দৃষ্টিকোণেৰে ফঁহিয়াই চালে ক’ব পাৰি যে , দাম্পত্য জীৱনত মনৰ মিলন সৰ্বোচ্চ।কিয়নো মৰম-চেনেহ, বুজা-বুজি আৰু সহযোগে বৈবাহিক সম্পৰ্কক অধিক নিকপকপীয়া কৰে। এনেদৰেই ডেকা – গাভৰু দুয়োপক্ষৰ যোৰানামৰ ৰাগীয়ে বিহুখন পকাই তোলে। অৰ্থাৎ নিৰ্দিষ্ট দূৰত্বৰ পৰাই যোৰা নামৰ মালিতাই বান্ধে দুজন প্ৰেমিকৰ মন। উল্লেখ্য যে , গাওঁ সম্বন্ধীয় ডেকা চামে এই বিহু প্ৰত্যক্ষ নকৰাৰ মূলতে আছে অন্য এক কাৰণ, গাওঁ সম্বন্ধীয় ইষ্ট -কুটুম্ব, বাই -ভনীৰ দৰে পবিত্ৰ সম্পৰ্কৰ লগত যাতে কোনো বৈবাহিক সম্বন্ধ স্থাপন নহ’য়।
ডেকা চামৰ দায়িত্ব যে গাঁৱৰ প্ৰতিজনী গাভৰুক ৰক্ষণাবেক্ষণ দি সহ সন্মানেৰে অন্য এখন গাঁওলৈ উলিয়াই পঠিওৱা। এই প্ৰথাই এক আত্মিক সম্বন্ধৰে বান্ধ খাই থকা গাওঁখনৰ সামাজিক উত্তৰণতো প্ৰভাৱ পেলায়। লগতে দাঁতিকাষৰীয়া গাওঁখনৰ প্ৰতি সম্প্ৰিতীৰ অনন্য নিৰ্দশন দাঙি ধৰে।
আজিও শিক্ষা বা বৃত্তিগত কাৰণত বাহিৰত থকা প্ৰতিগৰাকী যুৱক-যুৱতী প্ৰাণৰ বিহুটিৰ বাবে ঢপলিয়াই আহে। নিভাঁজ ৰূপত ধৰি ৰাখিবলৈ উদযাপন কৰা এই গছ তলৰ বিহুৰ আমেজ সঁচাকৈয়ে সুকীয়া । অৱশ্যে এই বিহুৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল তাৰ সঠিক তথ্য নাই যদিও যান্ত্ৰিকতাৰ দৌৰৰ এনে জটিল সময়তো এই পৰম্পৰা জীয়াই ৰখাৰ স্বাৰ্থত সেই অঞ্চলৰ যুৱচাম প্ৰধানকৈ দিব্যজ্যোতি লাহন, দেৱজিৎ ৰাজখোৱা ,অনুপম বুঢ়াগোহাঁই আদিৰ দৰে সচেতন যুৱচামৰ প্ৰচেষ্টা আন দহজন নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰ’ব।
এইকাৰণেই যে মাটি – মানুহৰ এই বিহুভাগিত এতিয়াও বেপেৰুৱা সংস্কৃতিৰ প্ৰলেপ পৰা দেখা নগ’ল। বিহুৰ বিকৃতিকৰণে সমগ্র অসমীয়া জাতিৰ বাবেই অশনি সংকেত কঢ়িয়াই আনিছে ।
তেনেক্ষেত্ৰত বগডোং ভৰলুৱা গাঁৱৰ এই পৰম্পৰা সদায়েই নিভাঁজ হৈ ৰৈ-বৈ যাওঁক। এই চেগতে বৃহৎ মটক সম্প্ৰদায়ৰ এই পৰম্পৰাক নিচেই ওচৰৰ পৰা চিনাকি কৰি দিবলৈ এই লেখিকাক কৰা সহায় -সহযোগৰ বাবে গাওঁবাসীৰ লগতে প্ৰমুখ গোলোক বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক ধন্যবাদ জনালোঁ।