উৰিষ্যাঃ  নিজে বাচিল কিন্তু বচাব নোৱাৰিলে ১৮ বছৰীয়া পুত্ৰক, ঘৰলৈ ফোন কৰি নিজেই দিলে পুত্ৰৰ মৃত্যু সংবাদ

শুকুৰবাৰে নিশা উৰিষ্যাৰ বালাসৰৰ সমীপত চেন্নাই অভিমুখী ক’ৰ’মেণ্ডেল এক্সপ্ৰেছত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। বৰ্তমানলৈকে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংল্খ্যা প্ৰায় ৩০০জনলৈ বৃদ্ধি পাইছে বুলি খবৰ আহি পৰিছে। আনহাতে প্ৰায় এহেজাৰ লোক চিকিৎসাধীন হৈ আছে।

পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। পূৰ্ণ শক্তিৰে চলি আছে উদ্ধাৰৰ কাম। সেনাবাহিনীয়ে দুৰ্যোগ সঁহাৰি দলৰ সৈতে উদ্ধাৰ কৰিছে  ছিন্নভিন্ন মৃতদেহ ।

উল্লেখ্য যে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এগৰাকী ১৮ বছৰীয়া কিশোৰৰ মৃত্যুৰ ঘটনা চৰ্চালৈ আহিছে। নিজৰ পিতৃৰ সৈতে কিশোৰগৰাকী পূৱ বুঢ়ামনৰ কাটৱাৰৰ কাৰুই গাঁৱৰ পৰা মিস্ত্ৰীৰ কাম কৰিবলৈ কেৰালালৈ গৈ আছিল। প্ৰথমবাৰৰ বাবে পিতৃয়ে ১৮ বছৰীয়া পুত্ৰ চোট্টু চৰ্দাৰৰ সৈতে কাম কৰিবলৈ ওলাইছিল। কিন্তু কাম লৈ বুলি গৈ থাকোতেই ঘটিল অভিশপ্ত ঘটনাটো। 

বালাসৰত সংঘটিত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ১৮ বছৰীয়া চোট্টু চৰ্দাৰৰ। পিতৃৰ সমুখতেই প্ৰাণ গ’ল উঠি অহা পুত্ৰৰ। ঘৰৰ পৰা কামলৈ উলিয়াই লৈ যোৱা পুত্ৰত ঘৰলৈ ঘূৰাই আনিব নোৱাৰিলে অসহায় পিতৃয়ে। নিজেই পৰিয়ালক ফোন কৰি পুত্ৰৰ মৃত্যুৰ খবৰটো জনালে। আহত পিতৃগৰাকী এতিয়াও চিকিৎসাধীন।

উল্লেখ্য যে শুকুৰবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনাত নিহত আৰু আহত হোৱা লোকসকলক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ১০ লাখ, গুৰুতৰভাৱে আহতক ২ লাখ আৰু তুলনামূলকভাৱে কম আহতক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰা হৈছে।