হাতী-মানুহৰ সংঘাত: সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি মহানগৰীৰ তিনিটা স্থানত বাটৰ নাট প্ৰদৰ্শন

ৰাজ্যখনশেহতীয়াকৈ উদ্বেগজনকভাৱে বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে। দ্ৰুতগতিত হোৱা বনধ্বংসৰ ফলত খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ এলেকালৈ ওলাই অহা বন্যহস্তীয়ে বিশেষকৈ ৰাজ্যৰ বহু অঞ্চলত প্ৰায়ে অথন্তৰৰ সৃষ্টি কৰিছে।

হাতী-মানুহৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা এনে সংঘাত দূৰীকৰণ তথা শান্তিপূৰ্ণ সহাবস্থানৰ উদ্দেশ্যে সজাগতা বৃদ্ধিৰ বাবে আজি মহানগৰীৰ তিনিটা স্থান ক্ৰমে সাতগাঁওৰ শনি মন্দিৰ এলেকা, সাপ্তাহিক বজাৰ এলেকা আৰু পাঞ্জাবাৰী বজাৰত এখন বাটৰ নাট পৰিৱেশন কৰা হয়।

এই বাটৰ নাটখনৰ জৰিয়তে হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত মানুহৰ কৰণীয় ব্যৱস্থা সন্দৰ্ভতো এক আভাস দাঙি ধৰা হয়।

গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ আমচাং বন্যপ্ৰাণী পৰিসৰ আৰু বেচৰকাৰী সংস্থা বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আজি পাঞ্জাবাৰী বজাৰ এলেকাত বাটৰ নাটখন পৰিৱেশনৰ সময়ত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বনৰক্ষী বাহিনীৰ মুৰব্বী এম কে যাদৱ, প্ৰশাসন তথা তদাৰকী শাখাৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়া আৰু বিশ্ব প্ৰকৃতি নিধিৰ অমিত শৰ্মা উপস্থিত থাকি সংশ্লিষ্ট সকলোকে উৎসাহিত কৰে।