বোকাখাতত তিনিজন সাহিত্যিকৰ স্মৃতিত ‘চাহ জনগোষ্ঠী গ্ৰন্থ মেলা’ৰ আয়োজন

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম প্ৰকাশন পৰিষদ আৰু অসম চাহ জনজাতি সাহিত্য সভাৰ সহযোগত বোকাখাতত ‘চাহ জনগোষ্ঠী গ্ৰন্থ মেলা’ অনুষ্ঠিত কৰাৰ বাবে এক পৰিকল্পনা হাতত লৈছে ৷

চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানৰ বাবে শনিবাৰ অৰ্থাৎ ২৯ ছেপ্টেম্বৰত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

এই ৰাজহুৱা সভাত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস, গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, মহকুমাধিপতি বিবেক শ্যাম,  চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সঞ্চালক পলাশ ৰঞ্জন ঘৰফলীয়া, প্ৰকাশন পৰিষদৰ সচিব   প্ৰমোদ কলিতা, প্ৰকাশ আৰু মুকুতাৰ সম্পাদক  মিহিৰ দেউৰী , চাহ জনগোষ্ঠী সাহিত্য সভা  সভানেত্ৰী মনোমতী কুৰ্মী , সম্পাদক  মনিষ ঠাকুৰ , মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপৰিও বোকাখাত মহকুমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷

অনুষ্ঠানত মন্ত্ৰী পল্লৱ লোচন দাসে শিক্ষাৰ ক্ষেত্ৰত পিচপৰা চাহ জনগোষ্ঠীক কিতাপৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক ইতিবাচক চিন্তাৰে এই গ্ৰন্থ মেলাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰে ৷

লগতে এই গ্ৰন্থ মেলা চাহ জনজাতিৰ তিনিজন সাহিত্যিক ক্ৰমে মেঘনাথ কৰ্মকাৰ, দেউৰাম তাচা আৰু নাৰায়ন ঘাটোৱাৰৰ স্মৃতিত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷

মন্ত্ৰী গৰাকীয়ে গ্ৰন্থমেলাখনৰ বাবে বোকাখাতৰ গড়মূৰ খেলপথাৰক স্থান হিচাপে নিৰ্বাচন কৰি ইতিমধ্যে এক প্ৰাথমিক পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

তাৰোপৰি মন্ত্ৰী পল্লৱ লোচন দাসে আগন্তুক দিনত গ্ৰন্থ মেলাখন অনুস্থিত কৰাৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আৰু সহযোগিতা বিচাৰে।

আনহাতে কালিৰ সভাত উপস্থিত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বোকাখাতত এই চাহ জনগোষ্ঠী গ্ৰন্থ মেলা আয়োজন কৰাৰ বাবে আদৰণী জনোৱাৰ লগতে বিভিন্ন দিহা পৰামৰ্শও আগবঢ়ায়।