সংকটকালত ব্যতিক্ৰমী পদক্ষেপ! টীয়কৰ যুৱ শিক্ষক পৰাগ শইকীয়ালৈ গ্ল’বেল টিচাৰ এৱাৰ্ড-২০২১

Global teacher award.png final

আন্ত:ৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকাই, ২০২১ বৰ্ষৰ গ্ল’বেল টিচাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে টীয়কৰ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ শইকীয়া৷

পৰাগ শইকীয়াই ২০১৭ বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে ২০২০ বৰ্ষত ক’ভিড-১৯ মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়চোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।

তেওঁ সমান্তৰালকৈ ক’ভিড-১৯ সম্পৰ্কত জনসজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিমুলক দক্ষতা বৃদ্ধিৰ বাবে ল’কডাউনৰ সময়চোৱাত “খোজ” নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশৰ ব্যৱস্থা, ২০২১ বৰ্ষৰ ক’ৰোণাৰ দ্বিতীয় ঢৌ আগমণৰ সময়তে জনসজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ- ছাত্ৰীক লৈ আৰম্ভ কৰা ৰাজহুৱা জনসজাগতা পোষ্টাৰিং কাৰ্যসূচী, বিদ্যালয়বন্ধৰ সময়চোৱাত শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে আৰম্ভ কৰা “গুৰুদক্ষিণা: গুৰুৰ বাবে এজুপি গছ” শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীও ৰূপায়ন কৰি আহিছে।

এইসমূহৰ উপৰিও সম্পূৰ্ণৰূপে তথ্য- প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে ধাৰাবাহিকভাবে কৰি অহা অনলাইন শিক্ষাদান আৰু মুল্যায়ণ প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক এই বটাঁৰ বাবে নিৰ্বাচন কৰা হৈছে৷

যোৱা ১২ আগষ্টত ডুবাইৰ পৰা আয়োজন কৰা ভাৰ্চুৱেল প্ৰেজেন্টেশ্যনত পৰাগ শইকীয়াই আন্ত:ৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ সন্মুখত প্ৰতিটো তথ্যৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়াইছিল৷

অহা ১০ অক্টোবৰ তাৰিখে ভাৰ্চুৱেল মাধ্যমত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষকক এই বটাঁ প্ৰদান কৰা হ’ব৷

যোৰহাটৰ গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানৰ শিক্ষক পৰাগ শইকীয়াৰ এই সফলতাত বিদ্যালয়খনৰ শিক্ষাৰ্থী-শিক্ষক-অভিভাৱক, শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰাৰ লগতে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, সমগ্ৰ শিক্ষা অভিযান যোৰহাটৰ বিষয়াসকল, পূব যোৰহাট শিক্ষাখণ্ডৰ বিষয়া কৰ্মচাৰী, টীয়কৰ বিভিন্ন দল সংগঠন, শিক্ষানুৰাগী ব্যক্তিয়ে অভিনন্দন জনাইছে৷