অশান্ত মেঘালয়; আবদ্ধ অসমৰ লোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে মেঘালয়ৰ গৃহ মন্ত্ৰীক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলৰ

APCC team

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলে মেঘালয়ৰ গৃহ মন্ত্ৰীক সাক্ষাৎ

নাগৰিকত্ব সংশোধনী আইন আৰু অন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰসংগৰে উত্তপ্ত হৈ পৰা অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে আজি অসম প্ৰদেশ কংগ্ৰেছৰ এটা সজাঁতি দলে মেঘালয়ৰ গৃহ মন্ত্ৰী এল লিম্বুই আৰু বিৰোধী দলপতি মুকুল চাংমাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ সাক্ষাৎ কালত মেঘালয়ৰ গৃহ মন্ত্ৰী গৰাকীয়ে মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বিৰোধী দলপতি চাংমাইয়ো বিষয়টো সন্দৰ্ভত চৰকাৰৰ সৈতে শীঘ্ৰেই আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলটোত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাস, বিধায়ক ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়স্থ আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি উপস্থিত থাকে।

উল্লেখযোগ্য যে, কৰ্মসূত্ৰে মেঘালয়ৰ বিভিন্ন জিলাত প্ৰায় ১৫০০ ত কৈ অধিক অসমৰ লোক সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ আছে।

নাগৰিকত্ব সংশোধনী আইন আৰু আন্তঃৰাজ্যিক পাৰপত্ৰক কেন্দ্ৰ কৰি খাচি ছাত্ৰ সন্থা আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘাতক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যখনত অশান্তজৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।