গোৱালপাৰাত এদল শিল্পীৰ ব্যতিক্ৰমী প্ৰচেষ্টা; গান পৰিৱেশন কৰি ৰাইজক ক’ৰ’নাৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা

ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ আধাৰত ৰচিত কৰিছে মহামাৰী ক’ৰনাক লৈ এটি গান

49c13504c57a615c24bf0567ae482c5b
মহামাৰী ক’ৰ’নাক লৈ এতিয়া সমগ্ৰ বিশ্বতে আতংক৷ দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমতো মহামাৰী ক’ৰ’নাৰ আতংকই বিৰাজ কৰিছে৷
এনে জটিল সন্ধিক্ষণত গোৱালপাৰা জিলাৰ দলগোমাৰ উদীয়মান শিল্পী ৰাতুল শীলৰ কন্ঠত মহামাৰী কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰান পাই উঠিছে ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীতে৷
মহাবাহু ব্ৰহ্মপুত্ৰ…… শীৰ্ষক ভূপেন দাৰ এই কালজয়ী গীতৰ সুৰত গোৱালপাৰা জিলাৰ ভোজমালা গাঁৱৰ উদীয়মান যুৱক উৎপল কুমাৰ নাথে বিশ্বৰ শেহতীয়া পৰিস্থিতিক লৈ ৰচিত কৰিছে এটি সুন্দৰ গান৷
স্থানীয় শিল্পী ৰাতুল শীলে কন্ঠদানোকৰা গানটোৰ জৰিয়তে মহামাৰী ক’ৰনাক লৈ সজাগতাৰ লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাক বীৰ লাচিতৰ লগত তুলনা কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰি জেলৰ ভাত খাই থকা ধিংৰ বিধায়ক আমিনুল ইছলামো স্থান পাইছে৷
গীতৰ কথাত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ লগতে সাংসদ বদৰুদ্দিন আজমলৰ নামো উচ্চাৰিত হৈছে৷ অসমৰ এই সংকটকালত দিনেনিশাই কষ্ট কৰি মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুজ দিয়া স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাক বীৰ লাচিতৰ লগত তুলনা কৰি মন্ত্ৰীগৰাকীৰ কামৰ প্ৰশংসাত পঞ্চমুখ হৈছে গীতটোত৷
একেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ কৰ্মৰাজিক প্ৰশংসা কৰাৰ লগতে এআইইউডিএফক প্ৰধান বদৰুদ্দিন আজমলে সংখ্যালঘু লোকসকলক উদ্দেশ্যি দিয়া আহ্বানে লক ডাউনত পালন যথেষ্ট সফল হোৱাৰ বাবে সাংসদগৰাকীক প্ৰশংসা কৰিছে৷
ইফালে ক’ৰ’না ভাইৰাছক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ মন মেলা ধিংৰ বিধায়ক আমিনুল ইছলামক দেশৰ শত্ৰু বুলি অভিহিত কৰিছে৷ ইতিমধ্যে চছিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে এই গানটো৷
সামাজিক দূৰত্বৰ মাজেৰে এইসকল শিল্পীয়ে এনেদৰে গীতটো পৰিবেশন কৰি ৰাইজক মহামাৰী ক’ৰনাৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ চেষ্টা কৰিছে৷
উল্লেখ্য যেে, উৎপল কুমাৰ নাথে সাম্প্ৰতিক পৰিস্থিতিক লৈ ৰচিত কৰা এই গীতটো লৈ ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে জিলাখনত৷