NORTHEAST NOW (Assamese)

অৱশেষত চীনৰ য়ুহান প্ৰদেশত উপস্থিত হ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয়া বিশেষজ্ঞৰ দল

January 14, 2021 7:08 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল সম্বন্ধে অনুসন্ধান কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা গৱেষকৰ দল বৃহস্পতিবাৰে চীনৰ য়ুহান প্ৰদেশত উপস্থিত হৈছে।

আজি চীনৰ য়ুহান প্ৰদেশত বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয় দলটো উপস্থিত হয়।

চীন চৰকাৰৰ তৰফৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকৰ দলটোক বাধ্যতামূলক ১৪ দিন কোৱাৰেণ্টাইনত ৰখা হ’ব।

১৪ দিনীয়া কোৱাৰেণ্টাইনৰ সমাপ্তিৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসন্ধানকাৰী গৱেষকৰ দলটোৱে গৱেষণা প্ৰতিষ্ঠান, চিকিৎসালয় আৰু সাগৰীয় খাদ্যৰ বজাৰত বিভিন্ন লোকৰ পৰা প্ৰাথমিক ক’ৰ’নাৰ সংক্ৰমণ সম্পৰ্কে অনুসন্ধান কৰিব।

বিগত সপ্তাহত চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসন্ধানকাৰী দলটোক দেশখনত উপস্থিত হোৱাত বাধা আৰোপ কৰিছিল।

ভিছা সম্পৰ্কীয় বিষয়ৰ বাবেই চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ ১০ জনীয়া দলটোক দেশখনত উপস্থিত হোৱাৰ ক্ষেত্ৰত বাধা দিছিল বুলি প্ৰকাশ কৰে।

চীনৰ এই কাৰ্য্যৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।

Related News