• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটিয়াত এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ ব্যতিক্ৰমী প্ৰচেষ্টা; দুখীয়া-দৰিদ্ৰৰ বাবে বিনামূলীয়া বিদ্যালয়

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
October 3, 2021 6:37 am
Goalpara school for poor students

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Free of cost school for poor students: ব্যৱসায়িক দৃষ্টিভংগীৰে নহয়, অঞ্চলটোত এটা সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গোৱালপাৰাৰ মাটিয়াত স্থাপন হৈছে এখন ব্যক্তিগত বিদ্যালয় ৷

চলিত বছৰৰ আৰম্ভণিতে একমাত্ৰ সেৱাৰ মনোভাৱেৰে আৰম্ভ কৰা বিদ্যালয় খন হল “আমাৰ বিদ্যালয়“৷

ব্যক্তিগত শিক্ষানুষ্ঠান হ’লেও এই বিদ্যালয়ৰ আছে বহু সুকীয়া বৈশিষ্ট্য ৷ গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কৰে গঢ় লৈ উঠা আমাৰ বিদ্যলয়খনে বহু কাৰণতে শেহতীয়াকৈ জিলা খনৰ মাজতে চচিত হৈ পৰিছে ৷

ব্যক্তিগত এই বিদ্যালয় খন কেৱল দৰিদ্ৰ সীমাৰেখা তলত বসবাস কৰা লোকৰ বাবেহে মুকলি ৷ ইতিবাচক দিশটো হ’ল বিদ্যালয়খনত কোনো ধৰণৰ মাচুল দিব নালাগে ৷ কিতাপ-পত্ৰ, টিউচনৰ মাচুল আদায় দিব নালাগে ছাত্ৰ-ছাত্ৰী সকলে৷ সম্পূৰ্ণ বিনামূলীয়া এই আমাৰ বিদ্যালয় ৷

জিলাখনৰ মাটিয়াৰ অজয় কুমাৰ নাথ, তাৰক চন্দ্ৰ সাউদ, আল্পনা, মৃদুলা, স্মৃতা, ভৃগুহতঁৰ দৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ চিন্তাৰ ফচল “আমাৰ বিদ্যালয়“৷

ষষ্ঠ মান শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণৰ সুবিধা থকা বিদ্যালয়খনত সাত গৰাকী শিক্ষকে মুঠ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে ৷

আৰু পঢ়ক: বিটিআৰত এক হাজাৰ জন দুৰ্নীতিগ্ৰস্ত লোকক জেইলত ভৰোৱাৰ প্ৰক্ৰিয়া চলি আছে, কোনে কলে?

গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা এইখন বিদ্যালয়ত কেৱল আৰ্থিক ভাৱে পিচ পৰা আৰু দুখীয়া, মেধাবী ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ সুবিধা দিয়া হয় ৷

আনহাতে, এইখন বিদ্যলয়ত পাঠদান কৰিবলৈ অহা শিক্ষক-শিক্ষয়ত্ৰী সকলো দুখীয়া পৰিয়ালৰ পৰা অহা ৷ অতি সামান্য পৰিতোষৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে প্ৰত্যেকজন শিক্ষক-শিক্ষযেত্ৰীয়ে নিজকে আত্মনিয়োগ কৰিছে “আমাৰ বিদ্যালয়ত“।

বিদ্যালয়খনৰ আটাইটকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল শিক্ষা দানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে কুটিৰ শিল্প, স্বচ্ছতা, কৃষি, ক্ৰীড়াৰ অনুশীলন আদিৰ লগতে বিভিন্ন শিক্ষা ৷

বিদ্যালয়ৰ চৌহদৰ লগতে  প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ ঘৰত গঢ়ি তোলা হৈছে একো একোখন নাৰ্চাৰী আৰু শাকপাচলিৰ খেতি ৷ প্ৰয়োজনীয় খিনি খোৱাৰ উপৰৰিও বিক্ৰী কৰাৰ সুবিধাও ৰাখিছে ৷

লগতে পঢ়ক:সৰুপেটাত শোকাৱহ ঘটনা,পুখুৰীত গা ধুবলৈ গৈ দুই ভাতৃৰ সলিল সমাধি

বিদ্যালয়খনৰ এই সকলো কাম কাজৰ নেতৃত্বত দিছে বিদ্যালয়খনৰ অধ্যক্ষ অজয় কুমাৰ নাথে ৷

অধ্যক্ষ গৰাকী জানিব দিয়া মতে ইতিমধ্যে বিদ্যালয়খনে  পৰবৰ্তী দিনত নিজাববীয়াকৈ খেতি কৰি খেতিৰ পৰা পোৱা লাভৰ ধনৰে বিদ্যালয়খন  পৰিচালনা কৰাৰ এক আচঁনি প্ৰস্তুত কৰিছে ৷

ইতিমধ্যে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক অধ্যায়ন, খেতি-বাতিৰ লগতে সকলো কামত আত্মনিয়োগ কৰিব পৰা জোখাৰে প্ৰস্তুত কৰি তুলিছে ৷

তাহানিতে যেনেদৰে গুৰুৰ ঘৰত থাকি শিষ্যই শিক্ষাৰ লগতে  ব্যৱহাৰিক শিক্ষা গ্ৰহন কৰিছিল, তেনে আৱাসিক সুবিধা নাথাকিলেও  “আমাৰ বিদ্যালয়“ৰ শিক্ষক সকলে বিদ্যালয়ত পাঠদান কৰাৰ উপৰিও ঘৰত গৈও দিছে শিক্ষা ৷

গুৰু শিষ্যৰ এনে বহু পবিত্ৰ পৰম্পৰাৰে শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে “আমাৰ বিদ্যালয়”৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd