• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটিয়াত এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ ব্যতিক্ৰমী প্ৰচেষ্টা; দুখীয়া-দৰিদ্ৰৰ বাবে বিনামূলীয়া বিদ্যালয়

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
October 3, 2021 6:37 am
Goalpara school for poor students

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Free of cost school for poor students: ব্যৱসায়িক দৃষ্টিভংগীৰে নহয়, অঞ্চলটোত এটা সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গোৱালপাৰাৰ মাটিয়াত স্থাপন হৈছে এখন ব্যক্তিগত বিদ্যালয় ৷

চলিত বছৰৰ আৰম্ভণিতে একমাত্ৰ সেৱাৰ মনোভাৱেৰে আৰম্ভ কৰা বিদ্যালয় খন হল “আমাৰ বিদ্যালয়“৷

ব্যক্তিগত শিক্ষানুষ্ঠান হ’লেও এই বিদ্যালয়ৰ আছে বহু সুকীয়া বৈশিষ্ট্য ৷ গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কৰে গঢ় লৈ উঠা আমাৰ বিদ্যলয়খনে বহু কাৰণতে শেহতীয়াকৈ জিলা খনৰ মাজতে চচিত হৈ পৰিছে ৷

Apply Now

ব্যক্তিগত এই বিদ্যালয় খন কেৱল দৰিদ্ৰ সীমাৰেখা তলত বসবাস কৰা লোকৰ বাবেহে মুকলি ৷ ইতিবাচক দিশটো হ’ল বিদ্যালয়খনত কোনো ধৰণৰ মাচুল দিব নালাগে ৷ কিতাপ-পত্ৰ, টিউচনৰ মাচুল আদায় দিব নালাগে ছাত্ৰ-ছাত্ৰী সকলে৷ সম্পূৰ্ণ বিনামূলীয়া এই আমাৰ বিদ্যালয় ৷

জিলাখনৰ মাটিয়াৰ অজয় কুমাৰ নাথ, তাৰক চন্দ্ৰ সাউদ, আল্পনা, মৃদুলা, স্মৃতা, ভৃগুহতঁৰ দৰে এদল উচ্চ শিক্ষিত যুৱক-যুৱতীৰ চিন্তাৰ ফচল “আমাৰ বিদ্যালয়“৷

ষষ্ঠ মান শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণৰ সুবিধা থকা বিদ্যালয়খনত সাত গৰাকী শিক্ষকে মুঠ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে ৷

আৰু পঢ়ক: বিটিআৰত এক হাজাৰ জন দুৰ্নীতিগ্ৰস্ত লোকক জেইলত ভৰোৱাৰ প্ৰক্ৰিয়া চলি আছে, কোনে কলে?

গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা এইখন বিদ্যালয়ত কেৱল আৰ্থিক ভাৱে পিচ পৰা আৰু দুখীয়া, মেধাবী ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ সুবিধা দিয়া হয় ৷

আনহাতে, এইখন বিদ্যলয়ত পাঠদান কৰিবলৈ অহা শিক্ষক-শিক্ষয়ত্ৰী সকলো দুখীয়া পৰিয়ালৰ পৰা অহা ৷ অতি সামান্য পৰিতোষৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে প্ৰত্যেকজন শিক্ষক-শিক্ষযেত্ৰীয়ে নিজকে আত্মনিয়োগ কৰিছে “আমাৰ বিদ্যালয়ত“।

বিদ্যালয়খনৰ আটাইটকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল শিক্ষা দানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে কুটিৰ শিল্প, স্বচ্ছতা, কৃষি, ক্ৰীড়াৰ অনুশীলন আদিৰ লগতে বিভিন্ন শিক্ষা ৷

বিদ্যালয়ৰ চৌহদৰ লগতে  প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ ঘৰত গঢ়ি তোলা হৈছে একো একোখন নাৰ্চাৰী আৰু শাকপাচলিৰ খেতি ৷ প্ৰয়োজনীয় খিনি খোৱাৰ উপৰৰিও বিক্ৰী কৰাৰ সুবিধাও ৰাখিছে ৷

লগতে পঢ়ক:সৰুপেটাত শোকাৱহ ঘটনা,পুখুৰীত গা ধুবলৈ গৈ দুই ভাতৃৰ সলিল সমাধি

বিদ্যালয়খনৰ এই সকলো কাম কাজৰ নেতৃত্বত দিছে বিদ্যালয়খনৰ অধ্যক্ষ অজয় কুমাৰ নাথে ৷

অধ্যক্ষ গৰাকী জানিব দিয়া মতে ইতিমধ্যে বিদ্যালয়খনে  পৰবৰ্তী দিনত নিজাববীয়াকৈ খেতি কৰি খেতিৰ পৰা পোৱা লাভৰ ধনৰে বিদ্যালয়খন  পৰিচালনা কৰাৰ এক আচঁনি প্ৰস্তুত কৰিছে ৷

ইতিমধ্যে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক অধ্যায়ন, খেতি-বাতিৰ লগতে সকলো কামত আত্মনিয়োগ কৰিব পৰা জোখাৰে প্ৰস্তুত কৰি তুলিছে ৷

তাহানিতে যেনেদৰে গুৰুৰ ঘৰত থাকি শিষ্যই শিক্ষাৰ লগতে  ব্যৱহাৰিক শিক্ষা গ্ৰহন কৰিছিল, তেনে আৱাসিক সুবিধা নাথাকিলেও  “আমাৰ বিদ্যালয়“ৰ শিক্ষক সকলে বিদ্যালয়ত পাঠদান কৰাৰ উপৰিও ঘৰত গৈও দিছে শিক্ষা ৷

গুৰু শিষ্যৰ এনে বহু পবিত্ৰ পৰম্পৰাৰে শেহতীয়াকৈ চৰ্চাৰ মাজলৈ আহিছে “আমাৰ বিদ্যালয়”৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd