NORTHEAST NOW (Assamese)

শিৱসাগৰ ষ্টেশ্যন চাৰিআলিত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী; এজনক গ্ৰেপ্তাৰ

October 22, 2018 9:34 pm · পার্শ্বজোতি গগৈ
ধৃত ৰাজু আলী ফটো : নৰ্থ-ইষ্ট নাও

আজি সন্ধিয়া ৭.৩০ মান বজাত শিৱসাগৰ নগৰৰ ষ্টেশ্যন চাৰিআলিত সেনা বাহিনীৰ অভিযানত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ চহৰখনতে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

উল্লেখ্য যে সেনা বাহিনীৰ দলটোৱে নিয়মীয়া তালাচী চলাই থকাৰ সময়তেই এজন লোকে এখন মোনা লৈ আহি থকা অৱস্থাত সেনাৰ জোৱানে তেওঁক তালাচী চলাব বিচৰাত লোকজনে মোনাখন দলিয়াই ঘটনাস্থলৰ পৰা পলায়। লগে লগে সেনাৰ জোৱানে তৎপৰতাৰে লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু মোনাখনত বিস্ফোৰক সামগ্ৰী থকা বুলি নিশ্চিত হয়।

বিস্ফোৰক সামগ্ৰী কঢ়িওৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকজন শিৱসাগৰ নগৰৰে ষ্টেশ্যন চাৰিআলিৰ ওচৰৰ নিবাসী ৰাজু আলি ওৰফে মেকুৰী বুলি জানিব পৰা গৈছে।

ফটো : নৰ্থ-ইষ্ট নাও

ইফালে মোনাখনত বোমা থকা বুলি প্ৰকাশ পোৱাৰ পাছৰে পৰা অঞ্চলটোত এক চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। বৰ্তমান বিস্ফোৰক সামগ্ৰীখিনি শিৱসাগৰ থানাৰ আৰক্ষীয়ে সত্য সত্যতা প্ৰমাণ কৰিবলৈ লৈ যায়।

ধৃত ৰাজু আলিয়ে বোমাটো ক’ত সংস্থাপন কৰিবলৈ বা কাৰ নিৰ্দেশত এনেদৰে কঢ়িয়াই আনিছিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ৰাজু আলি ইয়াৰ পূৰ্বেও বহুবাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত হৈ জে’ল খাবলগীয়া হৈছিল। ইয়াৰ উপৰি এবাৰ নিজ গৃহতেই বোমা ৰাখোতে বোমা বিস্ফোৰণ হৈ দুয়োখন হাত হেৰুৱাইছিল ধৃত ৰাজু আলীয়ে।

Related News