NORTHEAST NOW (Assamese)

উত্তৰ পূৰ্বাঞ্চলৰ অৰণ্যত ৬ টা নতুন প্ৰজাতিৰ সৰীসৃপ আৱিষ্কাৰ

December 10, 2018 3:29 pm ·
Updated: December 10, 2018 6:03 pm

জৈৱ-বৈচিত্ৰ্যৰে সম্পদশালী উত্তৰ পূৰ্বাঞ্চলৰ অৰণ্যত অলপতে আৱিষ্কাৰ হৈছে গুঁই পৰিয়ালৰ ৬টা  নতুন প্ৰজাতিৰ সৰীসৃপ।  চিৰট’ডাকটিলাছ  (Cyrtodactylus) জেনাছৰ অন্তৰ্গত এই প্ৰজাতিসমূহ গুঁই জেনাছৰ আটাইতকৈ অধিক প্ৰজাতি থকা জেনাছ। সমগ্ৰ বিশ্বতে ইয়াৰে ২৫০টা প্ৰজাতি আছে বুলি জুটাক্সা আলোচনীত প্ৰকাশ পাইছে। বেঁকা আঙুলি থকা থকা বাবে এই গুঁইক বেঁকা আঙুলীয়া গুঁই বোলা হয়।

এই নতুনকৈ আৱিষ্কৃত ৬টা গুঁইৰ প্ৰজাতিৰ বিৱৰণ নিউজিলেণ্ডৰ পৰা প্ৰকাশিত জীৱৰ নামকৰণৰৰ জুটাক্সা আলোচনীত অলপতে প্ৰকাশিত হৈছে।

গৱেষক দলটোৰ মুখপাত্ৰ ঈশান অগ্ৰৱালে জনোৱা মতে গৱেষক দলটোত আছে নেছাৰেল হিষ্টৰি মিউজিয়াম, লণ্ডনৰ বৰাদ বি গিৰি, আৰ চৈতন্য,  ষ্টিফেন মেহনি। এই গৱষকসকল গুঁই জেনাছৰ বিষয়ত সমগ্ৰ বিশ্বতে কৰ্তৃত্ব থকা বিশেষজ্ঞ। তাৰোপৰি আছে আমেৰিকাৰ ভিলান’ভা য়ুনিভাৰছিটিৰ আৰন বৌৰ।

গৱেষক দলটোৰ মুখপাত্ৰ ঈশান অগ্ৰৱালে জনাইছে যে উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ আৱিষ্কৃত প্ৰজাতি এটাৰ নাম অসমৰ ৰাজধানী গুৱাহাটীৰ নামেৰে চিৰট’ডাকটিলাছ গুৱাহাটিয়েনছিছ (Cyrtodactylus Guwahatiensis) অৰ্থাৎ গুৱাহাটী বেঁকা আঙুলীয়া গুঁই। ইয়াৰ ফলত দিল্লী, বাংগালুৰু, মুম্বাইৰ পাছত গুৱাহাটী হ’ল সৰীসৃপক নামাংকিক পঞ্চমখন মহানগৰ। আন এটা নামকৰণ কৰা হৈছে নাগালেণ্ডৰ নামত চিৰট’ডাকটিলাছ নাগালেণ্ডেনছিছ ( Cyrtodactylus Nagalandensis) আৰু আন এটা নামকৰণ কৰা হৈছে কাজিৰঙাৰ নামত চিৰট’ডাকটিলাছ কাজিৰাংগায়েনছিছ ( Cyrtodactylus Kazirangaensis)। আটাইতকৈ ডাঙৰ প্ৰজাতিৰ বেঁকা আঙুলীয়া গুঁইবিধৰ নাম মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ নামত চিৰট’ডাকটিলাছ জয়ন্তীয়ায়েনছিছ (Cyrtodactylus Jaintiaensis)। আন দুটা প্ৰজাতিৰ নাম ত্ৰিপুৰাৰ জামপুই পাহাৰৰ নামত চিৰট’ডাকটিলাছ মণ্টানাছ (Cyrtodactylus Montanus) আৰু আনটো প্ৰজাতিক অভয়াপুৰী বেঁকা আঙুলীয়া গুঁই অৰ্থাৎ চিৰট’ডাকটিলাছ ছেপ্টনট্ৰায়নেলিছিছ (Cyrtodactylus Septentrionalis)।

Related News