NORTHEAST NOW (Assamese)

বিহালীত শোকাৱহ ঘটনা; বজ্ৰপাত পৰি কিশোৰৰ মৃত্যু

May 31, 2021 12:38 pm · কাজি জেইদুল ইছলাম
ফটো: নর্থইষ্ট নাও।

বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেদেতীৰ জামুৱনীত আজি পুৱা সংঘটিত হয় এক শোকাবহ ঘটনা।

পুৱা নিজা খেতিৰ পথাৰত কোৰেৰে আলি কাটি থকা অৱস্থাত বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় বেদেতীৰ জামুৱনীৰ ধন কটকী আৰু অৰুণা কটকীৰ পুত্ৰ সুনীল কটকী নামৰ কিশোৰজন।

প্ৰথমতে সুনীলক বিহালী প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় কেথলিক হাস্পাতাললৈ।

কিন্তু পৰৱৰ্তী সময়ত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

উল্লেখ্য যে, জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া অঞ্চলটোৰ এজন সৰবৰাহী, অমায়িক কিশোৰৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ।

Related News