দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ! পিতৃ-মাতৃৰ কাজিয়াত প্ৰাণ গ’ল তিনিমহীয়া শিশুৰ

মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কচুমাৰী-ঘিলাগুৰি গাঁৱত শিশুটিৰ পিতৃ-মাতৃৰ মাজত হোৱা হিংসাত্মক কাজিয়াৰ ফলত প্ৰাণ হেৰুৱালে এটি তিনিমহীয়া শিশুটিয়ে।

বুধবাৰে নিশা শিশুটিৰ পিতৃ বুধন গড় আৰু তেওঁৰ মাতৃ ৰাণী গড়ৰ মাজত দুৰ্বাদল কাজিয়াৰ সৃষ্টি হয়। পিতৃ-মাতৃৰ হেঁচা-ঠেলাৰ ফলত মৃত্যু হয় তেওঁলোকৰ তিনিমহীয়া শিশুটি।

এই খব পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পিতৃ-মাতৃ দুয়োকে গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে, ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে পিতৃ বুধন গড়ক জিম্মাত লৈছে আৰক্ষীয়ে।