ভাৰত বনাম উত্তৰ-পূব বিতৰ্কত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন!

উত্তৰ-পূব বনাম ভাৰতৰ বাকী অংশ বুলি কৈ কি বুজালে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে?

WhatsApp Image 2021-07-25 at 1.02.43 PM

যিসময়ত উত্তৰ-পূবৰ এগৰাকী ভাৰোত্তলক মীৰাবাই চানুৱে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে সমগ্ৰ ভাৰততে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেনে সময়ত অসম বিধান সভাৰ উপাধ্যক্ষই উত্তৰ পূব আৰু ভাৰতৰ বাকী অংশৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে বুলি ছ’চিয়েল গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আজি পুৱাৰ ভাগত বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে দিয়া এটা টুইট য’ত তেওঁ লিখিছে ‘NE VS rest of India #Olympics NE Won’ বুলি লিখিছিল।

তাৰ পাছতে তেওঁৰ টুইটৰ উত্তৰ দি বিমল কেম্পৰাই লিখিছে, ‘বিধানসভাৰ উপাধ্যক্ষৰ দৰে পদত থকা এগৰাকী ব্যক্তিয়ে এনেধৰণৰ মন্তব্য কৰাৰ কথাটো বিশ্বাসেই কৰিব নোৱাৰি।‘

ঠিক সেইদৰে প্ৰাণজিৎ শৰ্মাই মমিনৰ পোষ্টৰ উত্তৰ দি লিখিছে, ‘উত্তৰ পূবৰ পৰা ‘CAA’ বাদ দিয়ক…. উত্তৰ পূব বনাম ভাৰতৰ বাকী অংশ…. আমি ভাৰতক ভাল পাওঁ,, কিন্তু ‘CAA’ ভাৰতৰ বাকী অংশত আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ কৰাৰ পাৰ্থক্য আছে।‘

আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰী মীনাক্ষী কাচুৱাহাই লিখি কয়, ‘ভাৰতক বিভাজন কৰা ব্যক্তি আহি গ’ল,,,, হিমন্ত বিশ্ব শৰ্মা, তেওঁক নিয়ন্ত্ৰণ কৰক।‘

ইপিনে, ফেইচবুকতো ইয়াক লৈ তুমুল চৰ্চা অৱ্যাহত আছে। লুইত কুমাৰ বৰ্মণ নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখি কয়, ‘অসম বিধানসভাৰ উপাধ্যক্ষৰ টুইটে প্ৰমাণ কৰিলে যে উত্তৰ-পূব ভাৰত আৰু ভাৰতৰ মূল ভূখণ্ডৰ মাজত সংঘাত আছে। উত্তৰ-পূবৰ বিপ্লৱী সংগঠনক পৰোক্ষভাৱে মান্যতা দিলে!’

আনহাতে, এনেবোৰ তুমুল চৰ্চা চলি থকাৰ মাজতে আমাৰ সাংবাদিকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ডাঃ নোমল মমিনে কয়, ‘উত্তৰ পূবৰ খেলুৱৈসকল ভাৰতৰ বাকী অংশৰ খেলুৱৈতকৈ উন্নত। উত্তৰ-পূবৰ প্ৰথম মেডেলটো আমিহে জিকিছো। খেলৰ বিষয়টো ৰাজনীতিকৰণ কৰিব নালাগে। এইটো সম্পূৰ্ণ অৰাজনৈতিক পোষ্ট।‘

সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি ভাৰতৰ মূলসূঁতিৰ বঞ্চনাৰ অভিযোগ কৰি অহা কথাটোৱে খেলৰ অচিলাৰে অজানিতে প্ৰকাশ পালে নেকি বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ টুইটত?