বেলকনিত ভগৱানঃ এখন অনন্য অসাধাৰণ ছবি

২০০০ চনত মুক্তি পোৱা এখন অসাধাৰণ, অসামান্য ছবি আছিল ‘ইন দ্যা মুড ফ’ৰ লাভ’ (In The Mood For Love)| ৱঙকাৰ- ৱাই (Wong Kar-Wai ) পৰিচালনা কৰা এই ছবিখন চোৱাৰ সৌভাগ্য ঘটিছিল ছবিখন মুক্তি পোৱাৰ কেইবছৰমান পিছত। গুৱাহাটী চিনে ক্লাৱে আয়োজন কৰা চলচ্চিত্ৰ মহোৎসৱত চাবলৈ সুযোগ লাভ কৰা এই ছবিখনৰ সংগীত আজিও যেন মন-মগজুত মাজে সময়ে সজীৱ হৈ উঠে। মাইকেল গেলাছো (Michael Galasso)ৰ সংগীত পৰিচালনাত ছবিখনৰ সংগীতাংশই আমাক লৈ গৈছিল অন্য এখন পৃথিৱীলৈ-যি সংগীতৰ মধুময় আৱেশ আজিও যেন কাণত ৰিণি ৰিণি বাজি উঠে। সংগীতো যে এক ৰূপকধৰ্মী কথক হ’ব পাৰে তাক বুজিছিলো ৱঙকাৰ-ৱাইৰ দ্বাৰা পৰিচালিত এই ছবিখন উপভোগ কৰি।গুৱাহাটীত চিনেমাখন উপভোগ কৰাৰ আজি প্রায় এটা দশক হ’ল। চিনেমাখনৰ দৃশাংশবোৰে, সেই দৃশ্যবোৰক মৰ্মস্পৰ্শী কৰি তোলা সংগীতৰ অনুৰণনে এতিয়াও মন-হৃদয়ক স্মৃতিকাতৰ কৰি তোলে। চলচ্চিত্ৰৰ যে এক সুকীয়া বিশ্বজনীন ভাষা আছে; ছবি এখনৰ দৃশাংশই, তাৰ সংগীতে যে দশকৰ পাছত দশক ধৰি দৰ্শকৰ মন-হৃদয় আন্দোলিত কৰি তুলিব পাৰে তাক বহুবোৰ ছবিয়ে ইতিমধ্যে প্রতিষ্ঠা কৰি গৈছে যাৰ ভিতৰত অন্যতম আছিল উল্লিখিত ‘ইন দ্যা মুড ফ’ৰ লাভ’ শীৰ্ষক ছবিখন।

চলচ্চিত্ৰৰ সেই বিশ্বজনীন ভাষা, কথকৰূপী-ৰূপকধমমী সংগীত, চিনেমেটিক ইমেজ আদিৰ লগত প্ৰায় অপৰিচিত; চলচ্চিত্ৰ উপভোগ কৰিব জনাটো যে এক অনুশীলনমূলক শিল্প তাক হৃদয়ংগম কৰিব নজনা এচাম দৰ্শকৰ মাজলৈ অকস্মাতে যেতিয়া উল্লিখিত ধৰণৰ ছবি এখন আহে বা তেনেকুৱা দৰ্শকেৰে পৰিপূৰ্ণ এখন সমাজত যেতিয়া বিভিন্ন ধৰণৰ সংযোগ-সন্দৰ্ভৰ পৰিপেক্ষিতত এখন অতি উন্নতমানৰ চলচ্চিত্ৰৰ নিৰ্মাণ হয় তেতিয়া সেই নিৰ্মাণ হৈ পৰে অবিস্মৰণীয়,চমকপ্রদ যিহেতু স্থানীয় বা আঞ্চলিক দৰ্শকে পাৰস্পৰিক গীত-বাদ্য,নৃত্য, নাটকীয় সংলাপ সম্বলিত চলচ্চিত্ৰ নিৰ্মাণ শৈলীটোৰ সৈতেহে অভ্যস্ত সেয়েহে তেওঁলোকে এনেধৰণৰ নতুন চলচ্চিত্ৰক প্রত্যাখ্যান কৰা বা অৱহেলা কৰাতো তেনেই স্বাভাৱিক। তদুপৰি সেই চলচ্চিত্ৰই যদিহে প্রতিষ্ঠিত ৰাজনৈতিক দৰ্শন, সামাজিক-সাংস্কৃতিক আবহাৱা আদিৰ প্রতি সমালোচনাত্মক হয়, পাৰম্পৰিক চিন্তা-চেতনাক ভেঙুচালি কৰে তেন্তে তেনে ছবিৰ বিৰুদ্ধে একধৰণৰ প্রপাগাণ্ডা চলে। দেশে-বিদেশে হাজাৰ বিজাৰ খ্যাতি অৰ্জন কৰাৰ সক্ষমতা থাকিলেও এনে ছবিক স্থানীয় পৰ্যায়ত অনুপ্ৰেৰণা দিয়া নহয়। ভাৰতবৰ্ষৰ কেবাজনো প্রখ্যাত চলচ্চিত্ৰ পৰিচালকে এনে তিক্ততাময় অভিজ্ঞতা লাভ কৰিছে যাৰ ভিতৰত আছে সত্যজিৎ ৰায়, মৃণাল সেন, খত্বিক ঘটক, অদূৰ গোপালকৃষ্ণণ আদিৰ লেখিয়া বিশ্ববিশ্ৰৃত চলচ্চিত্র নিৰ্মাতা।

প্রায় সম্ভপৰ্ণে, সকলোৰে অগোচৰে অসম মুলুকত এনে এখন ছবি নিৰ্মিত হ’ল যিখন ছবিৰ ভাষা বিশ্বজনীন, যাৰ সংগীতত মন্ত্ৰমুগ্ধ হৈ আমি মনত পেলাব লগা হ’ল ৱঙকাৰ-ৱাইৰ ছবিখনৰ কথা৷ বিশ্বজিৎ বৰা পৰিচালিত ‘বেলকনিত ভগৱান’ শীৰ্ষক সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া কথাছবিখনত আমি অনুভৱ কৰিলো চলচ্চিত্ৰৰ সেই ভাষা যিয়ে পৃথিৱীৰ যিকোনো প্ৰান্তৰ এজন দৰ্শকক মন্তুমুগ্ধ কৰি ৰাখিব পাৰে। ছবিখনৰ যাদুকৰী সংগীতে দৰ্শকৰ আগত উন্মোচন কৰি দিছে অন্য এক কাহিনী বৃত্তান্ত (narrative) যি অব্যক্ত, অন্তৰ্মুখী ৷ নুৰুল চুলতান প্ৰযোজিত এই ছবিখনৰ সংগীত নিৰ্দেশনা কৰিছে বিশাল ক্ষেত্ৰীয়ে, যি সংগীতৰ যাদুই আমাৰ বুকুত যেন ৰোপন কৰি থৈ গ’ল অলেখ অপ্ৰকাশিত বেদনা আৰু ক্ষোভ।

‘বেলকনিত ভগৱান’ ৰ মূল কাহিনীটো এটা সঁচা কাহিনীৰ আধাৰত ৰচনা কৰা হৈছে। আজি কিছুবছৰ আগতে মাজুলীৰ এখন অতি প্রান্তীয় গীৱৰ এগৰাকী লোকে নিজ পত্নীৰ মৃতদেহ চিকিৎসালয়ৰ পৰা চাইকেল এখনত ভাৰবান্ধি অনাৰ কথা প্রকাশ পাইছিল। ছবিখনত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী নুমলি (অভিনয়ত প্রণামী বৰা) ক এখন চাইকেলত উঠাই লৈ বালিজান নামৰ গাঁৱখনৰ খগেন (অভিনয়ত হৰিষ খান্না) নামৰ লোকজনে
চিকিৎসালয়লৈ নিয়ে যদিও নিশাৰ ভাগত চিকিৎসালয়ত কোনো চিকিৎসক নথকাৰ বাবে ৰোগীজনাৰ মৃত্যু ঘটে।

ইপিনে চিকিৎসালয়ত নিশাৰ ভাগত কোনো ড্ৰাইভাৰ নথকাৰ বাবে ১০৮ ৰ বাবে ওৰেটো নিশা খগেনে নিজ কন্যাসহ পত্নীৰ মৃতদেহ ৰখি থাকিব লগা হয়। পুৱাৰ ভাগলৈ অপেক্ষা কৰি কৰি অৱশেষত খগেনে একপ্রকাৰ ধৈৰ্য্যচ্যুতহৈ চাইকেলখনত মৃতদেহটো বান্ধি লৈ ঘৰলৈ উভতি যোৱাৰ প্রস্তুতি চলায়। সুদীৰ্ঘ বাট অতিক্ৰম কৰাৰ পাছত মাজপথতে লগ পায় দুগৰাকী টি ভি কেমেৰামেন আৰু সাংবাদিকক। তেওঁলোকে এই ঘটনাক এক বিগ ব্ৰেকিং নিউজ হিচাপে নিজৰ চেনেলটোত প্রচাৰ কৰাৰ পাছতে সেই এলেকাত খদমদম লাগি যায়। স্থানীয় বিধায়কজনে নিজ পুত্ৰৰ ধৰ্মীয় অনুষ্ঠান এৰি খগেনহঁতৰ গাঁৱখনক বহিবিশ্বৰ সৈতে সংলগ্ন কৰা বীহৰ ভগ্নপ্রায় দলঙখনৰ কাষলৈ দৌৰি যায় য’ত প্রচাৰ মাধ্যমৰ প্রচাৰৰ ঢৌৰ বাবে ইতিমধ্যে মেলাসদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল।

সকলোৱে খগেনৰ বাবে অপেন্ষা কৰি আছিল যদিও কেমেৰা দেখি খগেনে হাবিতলীয়া এক বাটেৰে ঘৰলৈ ৰাস্তা পোন কৰিছিল। স্থানীয় বিধায়ক গৰাকীয়ে প্রতিবাদকাৰী বিভিন্ন সংগঠনসমূহক থাউকতে ‘মেনেজ’ কৰাৰ লগতে লগে লগে তাত এখন দলঙৰ আধাৰশিলা স্থাপন কৰে। বাহৰ দলঙখন পাৰ হৈ খগেনহঁতৰ ঘৰৰ পিনে যাবলৈ ওলাওতে গোটেই দলঙখন মাজডোখৰতে ভাঙি পৰি বিধায়কসহিত, সাংবাদিক-কেমেৰামেন আদি সকলো নৈৰ পানীত পৰে। এই হৈচৈৰ পৰা আঁতৰত দুগৰাকীমান বন্ধু-বান্ধৱৰ উপস্থিতিত পত্নীৰ শেষকৃত্য সম্পন্ন কৰি খগেনে মাতৃহাৰা হোৱা একমাত্ৰ কন্যা গৰাকীক লৈ পুনৰ উভতি যায় নিজৰ ধ্বংসস্তপলৈ পৰিণত হোৱা পঁজাটোলৈ য’ত কোনো ভগৱানে খগেনহঁতৰ প্রতি সদয় নহয়। ঘৰলৈ ওভতাৰ পৰত নিজ কন্যাই খগেনক প্রশ্ন কৰে-“দেউতা,আমি সকলোৱে একেখন সুবিশাল আকাশৰ তলত বাস কৰো অথচ আমি সকলো সমান নহয় কিয়?”

‘বেলকনিত ভগৱান’ ত উপস্থাপন কৰা হৈছে এক শক্তিশালী ৰাজনৈতিক বৰ্ণনা যি বৰ্ণনাত উন্মোচন কৰা হৈছে অসমৰ দৰে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ ফোপোলা আৰু পয়ালগা অৱস্থা। যুগ যুগ ধৰি ৰাজ্যখনৰ প্ৰান্তে প্রান্তে বসবাস কৰি অহা সাধাৰণ জনতাই যে চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লাগে; সামান্য চিকিৎসাৰ অভাৱত অমূল্য জীৱনটো হেৰুৱাব লাগে; বাট-পথ আৰু দলঙৰ অভাৱত ঠেলা-ৰিক্সা, চাইকেলেৰে কিম্বা দাঙি নি ৰোগীক চিকিৎসক-নাৰ্ছবিহীন চিকিৎসালয়লৈ নিব লাগে তাক অতি সাৱলীল ভাৱে, অতি কলাসন্মতভাৱে ‘বেলকনিত ভগৱান’ ত দেখুওৱা হৈছে। ছবিখন উপভোগ কৰি আমাৰ দৰে চলচ্চিত্ৰৰ সাধাৰণ দৰ্শকে অনুভৱ কৰিছো বেলকনিৰ ভগৱান বেলকনিতে থাকে। বেলকনিৰ পৰা তেওঁ নামি আহি ধৰাৰ মানুহৰ দুখ-দুৰ্দশা মোচন নকৰে। বেলকনিত কাহি-বাতি বজোৱা হয় – সংকটমোচনৰ বাবে। অথচ এসাজ ভাতৰ বাবে, এচামুচ ও্ষধৰ বাবে আজিও মাটিৰ জনতাই হায়ৈ-বিয়ৈ কৰিব লগা হয়। বেলকনিৰ ভগৱানে এইবোৰ নুশুনে।
(লেখকৰ email: kishorassam@gmail.com)