• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগ! এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াৰ এটা চিন্তা উদ্ৰেককাৰী পোষ্ট

জ্যোতিৰ্ময় চক্ৰৱৰ্তী by জ্যোতিৰ্ময় চক্ৰৱৰ্তী
May 23, 2023 1:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

#জোনমণি প্ৰসঙ্গ#

জোনমণি ৰাভাৰ মৃত্যুৰহস্য ভেদ কৰিবলৈ যোৱাটো আমাৰ উদ্দেশ্য নহয়। সেইটো পুলিচৰ কাম। কিন্তু প্ৰাসঙ্গিক কিছু গুৰুত্বপূৰ্ণ কথা আছে।

আমাৰ চাকৰিৰ আৰম্ভণিৰ সময়তে, প্ৰায় ৩৬ বছৰ আগতে, পুলিচ অফিচাৰৰ কেতবোৰ wrong example ৰ কাহিনী পুলিচ মহলত প্ৰচলিত আছিল। এজনে বহুসংখ্যক অবৈধ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰি ভালেমান পুৰস্কাৰ আৰু মেডেল লাভ কৰিছিল; পিছত জনা গ’ল, তেওঁ নিজেই সেইবিলাক বনোৱাইছিল আৰু নিজেই উদ্ধাৰ কৰিছিল। আন এজনক এবাৰ বদলি কৰা হৈছিল এক ভিতৰুৱা, অপৰাধমুক্ত থানালৈ। অপৰাধমুক্ত পৰিবেশ অসহনীয় হৈ পৰাত তেওঁ হেনো আন ঠাইৰ পৰা অপৰাধী আমদানি কৰি অপৰাধ সংঘটিত কৰোৱাত লাগিছিল, ইত্যাদি।

এনে উদাহৰণ বিচাৰিলে আজিও হয়তো ওলাব। সেয়ে, নকল সোণৰ বেহাৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ সময়ত আমি জানিবৰ প্ৰয়োজন হৈছে, যোৱা ৫ বছৰত অসমত কিমান নকল সোণেৰে প্ৰবঞ্চনা কৰা কেছ registered হৈছে, আৰু কিমান কৌটি টকাৰ প্ৰবঞ্চনা কৰা হৈছে। কোনোবাই যদি মুখলজ্জা বা আন কাৰণবশতঃ FIR নিদিয়াকৈ আছিল, এতিয়া অন্ততঃ দিয়ক। কেৱল কিমান লোক arrest হৈছে আৰু কিমান পিতলৰ টুকুৰা উদ্ধাৰ হৈছে, সেই পৰিসংখ্যাৰ পৰা নকল সোণৰ চক্ৰ কিমান প্ৰভাবশালী জানিব পৰা নাযাব। সাধাৰণ মানুহতকৈ লোভী বা অসাধু ব্যৱসায়ীহে এনে অপৰাধৰ লক্ষ্য হয়। আনহাতে জালনোটৰ কাৰবাৰে সাধাৰণ লোককে বেছিকৈ ক্ষতিগ্ৰস্ত কৰে। সহজে ধৰা নপৰা উচ্চ মানদণ্ডৰ নকল নোটে দেশৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰে।

অসংখ্য স্থানত অসংখ্য অপৰাধ চক্ৰ চলি থাকে, আৰু তাৰে কিছুমান চক্ৰৰ সৈতে আৰক্ষীৰ কোনো কোনো লোকও জড়িত হৈ থাকে। আন বিভাগৰ লোকও থাকিব পাৰে। জোনমণিৰ মৃত্যুৰ ক্ষেত্ৰত এই অপৰাধ চক্ৰ আছিল জালনোট আৰু নকল সোণক লৈ। এইটো incidental. গৌণ কাৰণ। আন অপৰাধ চক্ৰও হ’ব পাৰিলেহেতেন। আমাৰ দৃষ্টিত মুখ্য কাৰণ হ’ল আৰক্ষীৰ ভিতৰ ছ’ৰাত চলি থকা এক অস্বাস্থ্যকৰ বাতাবৰণ আৰু unprofessional কাৰ্যপ্ৰণালী। একেটা আৰক্ষী সংগঠনৰ মানুহৰ মাজত সমন্বয়ৰ অভাৱ ঘটাটো অবাঞ্ছনীয়। কৰ্তব্য পালনৰ সময়ত দেশৰ স্বাৰ্থতকৈ গাইগুটিয়া স্বাৰ্থই অগ্ৰাধিকাৰ পালে এনে হয়। ইয়াক এটা সুকীয়া বিষয় হিচাবে চৰকাৰে বিচাৰ কৰাৰ প্ৰয়োজন, কাৰণ ইয়াৰ পৰিসীমা জোনমণিৰ মৃত্যুতে, বা দুখন জিলাৰ অৰিয়াঅৰিৰ ভিতৰতে সীমাৱদ্ধ নহয়। ভৱিষ্যতে আৰু অধিক এই ধৰণৰ ঘটনাই যে চৰকাৰক আৰু আৰক্ষীৰ উৰ্দ্ধতম মহলক অস্বস্তিত পেলাই নাথাকিব তাক ন দি ক’ব নোৱাৰি।

লগতে এইটোও কওঁ যে এজন আৰক্ষী বিষয়া এক গুৰুতৰ অপৰাধৰ সৈতে জড়িত হৈ পৰিলে পুনৰ ততালিকে তেওঁক থানা বা জিলাৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব নালাগে। ভুল শুধৰোৱাৰ সুযোগ নিশ্চয় দিব লাগে, কিন্তু খৰধৰ কৰাৰ প্ৰয়োজন নাই। বিষয়া জনৰ আইনৰ জ্ঞান, temperament আৰু অভিজ্ঞতা পৰীক্ষা কৰি চাব লাগে। এজন জুনিয়ৰ অনভিজ্ঞ বিষয়াক গুৰু দায়িত্ব দিলে তেওঁতকৈ চিনিয়ৰ অনেক বিষয়াই তেওঁৰ ওপৰত প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰিব। আৰক্ষী মুখ্যালয়ে এই বিষয়টোত নীতি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন।

মৰণোত্তৰ পৰীক্ষাৰ video recording কৰা-নকৰাৰ বিষয়েও বহুত আলোচনা হৈছে। এই বিষয়টো medical protocol ৰ অধীন। আগতে মৰণোত্তৰ পৰীক্ষা কেৱল দিনৰ সময়তহে কৰিব পাৰিছিল। দুবছৰ মানৰ পৰাহে ৰাতিও কৰাৰ অনুমতি দিয়া হৈছে। Protocol মতে ৰাতি কৰা মৰণোত্তৰ পৰীক্ষাৰ video recording কৰাটো বাধ্যতামূলক। আনহাতে মানৱ অধিকাৰ আয়োগৰ guideline মতে custodial death কেছৰ মৰণোত্তৰ পৰীক্ষাৰ video recording কৰিব লাগে। আনবিলাক ক্ষেত্ৰত আমি জনাত video recording কৰাৰ নিৰ্দেশ নাই। উল্লেখযোগ্য যে video recording ৰ সৈতে মৃতজনৰ privacy আৰু dignity ৰ কথাও সাঙোৰ খাই আছে। Privacy ৰ অধিকাৰক মৌলিক অধিকাৰৰ মান্যতা দিয়াৰ পিছত video recording কৰাৰ ক্ষেত্ৰত আচলতে বিশদ নিৰ্দেশনাৰ প্ৰয়োজন হৈছে।

জোনমণিৰ মৰণোত্তৰ পৰীক্ষাৰ যি অংশ আমি দেখিছোঁ তাৰে মাত্ৰ এটা কথাই কওঁ, occipital area ৰ (লাওখোলাৰ পিছফালে) আঘাতত underlying bone fracture থকা বুলি লিখা আছে, কিন্তু সেই fracture ৰ জোখমাখ বা বিৱৰণ দেখা নাই। মই নেদেখা কোনো অংশত থাকিলে অৱশ্যে বেলেগ কথা।

ঘটনাটোৰ আনবোৰ বিষয়ত মন্তব্য দিবলৈ নোযোৱাকৈও আমি ক’ব পাৰোঁ যে এই ঘটনা দুৰ্ঘটনানে হত্যা সেই কথা তদন্তৰ প্ৰাথমিক অৱস্থাতে শুদ্ধকৈ নিৰ্ণয় কৰিব পৰা যায়, আৰু CID ৰ দলে নিশ্চয় নিৰপেক্ষ আৰু বিজ্ঞানসন্মত ভাৱে ইয়াক নিৰূপণ কৰিছে। যদি দুৰ্ঘটনা হয়, সি আকস্মিক নে আত্মহত্যা, তাৰো তথ্য পাবলৈ বেছি কঠিন নহয়। যদি হত্যা হয়, তেন্তে হত্যাকাৰীক চিনাক্ত কৰি সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাটো তদন্তৰ মূল কাম হ’ব। কিন্তু পৰিতাপৰ কথা এই যে তদন্তৰ এই মূল কামতেই ঘূণে ধৰিছে, যিটো মই আগতে কৈ অহা unprofessional কাৰ্য্যপ্ৰণালীৰে ভিতৰৰ এটা। এফালে অসমৰ conviction rate দেশৰ ভিতৰতে সৰ্বনিম্ন (অসম আৰক্ষীয়ে নিজে দিয়া তথ্য)। আনফালে কষ্টকৰ তদন্ত কৰাৰ পৰিবৰ্তে কাৰোবাক অপৰাধী সজাই এনকাউন্টাৰ কৰি দিয়াটোৱে এতিয়া পৃষ্ঠপোষকতা পাইছে, আনকি একাংশ অজ্ঞানী (এই শব্দটো আমি অতি দুঃখেৰে লিখিব লগীয়া হৈছে) ৰাইজকো উৎফুল্লিত কৰি তুলিবলৈ লৈছে। আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক। নতুন আৰক্ষীয়ে কেতিয়াও শুদ্ধকৈ কাম শিকিবই নোৱাৰিব। এই পদ্ধতিবোৰ দুয়োফালে ধাৰ থকা তৰোৱাল। আনক কাটোতে কেতিয়াবা নিজেও কটা যাব।

আদালতত অপৰাধ সাব্যস্ত কৰিব পৰাকৈ প্ৰমাণ সংগ্ৰহ নোহোৱালৈকে আমি এটা ৰহস্যৰ সমাধান হ’ল বুলি কেতিয়াও নামানো। এনে বিশ্বাসত বিশ্বাসী আৰক্ষীৰ সংখ্যা এতিয়া নিচেই কম। ভৱিষ্যতে হয়তো ক্ৰমে অধিক সংখ্যক কেছৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় সংস্থাক দিব লগীয়া হ’বগৈ। কিন্তু দিব খুজিলেই জানো তেওঁলোকে সকলো কেছ ল’ব?

&;

জ্যোতিৰ্ময় চক্ৰৱৰ্তী

জ্যোতিৰ্ময় চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

September 5, 2025 4:19 pm
বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

September 5, 2025 3:19 pm
ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

September 5, 2025 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

September 5, 2025 4:19 pm
বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

September 5, 2025 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd