দুৱাৰত তলা নলগোৱাকৈ কেতিয়াবা ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ কথা ভাবিছেনে? অথবা কল্পনা কৰকচোন যদি আপোনাৰ ঘৰত দুৱাৰ একেবাৰেই নাথাকে? আজিৰ যুগত এনেবোৰ কথা ভাবিলেই বুঁকু কঁপি উঠে। বৰং দুৱাৰ-খিৰিকী ভালদৰে মাৰি গ;লেও আমাৰ কোনো সকাহ নাই।
কিন্তু আমাৰ দেশৰ এনে এখন গাঁও আছে য’ত মানুহে দুৱাৰত তলা লগোৱাৰ কথা কেতিয়াও ভবাই নাই। গাঁৱৰ এটা ঘৰতো দুৱাৰৰ অৰ্গলো নাই। খিৰিকীখনো ২৪ ঘণ্টাই প্ৰায় খোলাই থাকে।
এই গাঁৱত ‘চুৰি’ শব্দটোৱে অচিনাকি। মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁওখনৰ নাম শনি-শিংনাপুৰ। ইয়াৰ ইতিহাস গাঁওখনৰ নামৰ লগত জড়িত। শনিৰ ভক্ত এই গাঁৱৰ বাসিন্দাসকলে শনি ভগৱান নিজেই তেওঁলোকৰ ৰক্ষক বুলি বিশ্বাস কৰে। তেওঁৰ আশীৰ্বাদে সমগ্ৰ গাঁওখনক শক্তিশালী নিৰাপত্তাৰক্ষীৰ বেৰ হিচাপে ৰক্ষা কৰি আছে। গতিকে দুস্কৃতিকাৰীয়ে গাঁৱৰ তিনি সীমাত প্ৰৱেশ কৰিবলৈ ভয় কৰে।
![](https://assam.nenow.in/wp-content/uploads/2024/03/dfd13851-f9cc-4f7b-a897-2a7e38ad44b4-300x200.jpg)
যোৱা ৩০০ বছৰে এই গাঁৱৰ প্ৰতিটো ঘৰ দুৱাৰ নোহোৱাকৈয়ে চলি আছে। খিৰিকী আছে যদিও তাত অৰ্গল (খিলি) নাই। কেৱল ঘৰবোৰতে নহয়, দোকান, কাৰ্যালয়, হোটেল-ৰেষ্টুৰেণ্ট, আনকি আৰক্ষী থানাতো দুৱাৰ নাই। বেংকৰ দুৱাৰ আছে যদিও তাতো তলা নাই।
গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ মতে দুৱাৰত তলা লগোৱাৰ অৰ্থ হ’ল শনি ভগৱানৰ অৱস্থিতিক অবিশ্বাস কৰা। তেওঁলোকৰ বিশ্বাস দুৱাৰত তলা লগোৱাৰ দিনাই শনি দেৱৰ আশীৰ্বাদ অভিশাপ হৈ গাঁৱৰ মানুহৰ ওপৰত পৰিব।
গাঁওখনত প্ৰায় চাৰি হাজাৰ লোকে বাস কৰে। ইয়াৰ গাওঁবাসীৰ মুখে মুখে শনি দেৱৰ মহিমাৰ কথা। গাঁৱৰ মাজভাগত শনি দেৱৰ এটা প্ৰকাণ্ড শিলৰ মূৰ্তি। প্ৰায় ডেৰ মিটাৰ দীঘল শিলটো বিভিন্ন ধৰণৰ সোণ আৰু ৰত্নেৰে সজাই তোলা হৈছে। সেই মূৰ্তিটোও মুকলি আকাশৰ তলত। স্থানীয় ৰাইজৰ মতে, “কোনোবাই যদি অসৎ হ’বলৈ চেষ্টা কৰে তেন্তে তেওঁ দেৱতাৰ ক্ৰোধৰ পৰা সাৰি নাযায়। এই গাঁৱত কোনেও অপৰাধ নকৰে, সকলোৱে ইষ্ট দেৱতাৰ আদেশ মানি চলে। ৰাজহুৱা শৌচাগাৰতো কোনো দুৱাৰ নাই। লাজ লুকুৱাবলৈ আছে শিলৰ ফলক। সেইটো দুৱাৰৰ বাহিৰত ৰাখিব লাগে।
![](https://assam.nenow.in/wp-content/uploads/2024/03/a09621ae-09a4-4aff-bce2-04080c5b118b-300x185.jpg)
শনি-শিংনাপুৰ এফালে তীৰ্থস্থান, আৰু দেশৰ অন্যতম জনপ্ৰিয় পৰ্যটন কেন্দ্ৰও। প্ৰতিদিনে এই গাঁৱত প্ৰায় ৪০ হাজাৰ তীৰ্থযাত্ৰীৰ ভিৰ হয়। আটাইতকৈ ডাঙৰ পূজা হয় অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা।
গীতবাই সুৰেশ মহেলা গাঁৱৰ এটা মূৰত দুটা সৰু কোঠাৰ ঘৰত থাকে। কেইবাবছৰ পূৰ্বে স্বামীৰ মৃত্যু হয়। দুজন পুত্ৰ আৰু পত্নীৰ সৈতে পৰিয়াল। ঘৰৰ চুকে-কোণে দৰিদ্ৰতা স্পষ্ট হৈ আছে। কিন্তু এই ঘৰৰ আতিথ্যৰ কথা মানুহৰ মুখে মূখে। গীতবাইৰ ভাষাত “মোৰ স্বামীয়ে আলহীক সেৱা কৰি ভাল পাইছিল। আলহীয়ে যেতিয়াই ঘৰত ভৰি দিছিল তেওঁ নিজৰ হাতেৰে ৰান্ধি খুৱাইছিল। তেওঁ অনুভৱ কৰিছিল যে ভোকাতুৰ অতিথি এজনে কেৱল পানীৰে তৃপ্ত হ’ব নোৱাৰে।”
![](https://assam.nenow.in/wp-content/uploads/2024/03/top-min-10-300x169.jpg)
গীতবাইয়ে এতিয়াও স্বামীৰ পৰম্পৰা অনুসৰণ কৰি আছে। তাত অভাৱ কোনো বাধা নহয়। গীতবাই নহয়, গাঁৱৰ বেছিভাগ ঘৰতে এই প্ৰথা আছে। অচিনাকি, অপৰিচিত পৰ্যটকৰ তাত বিশাল সোঁত। ঘৰৰ দুৱাৰ মুখৰ পৰা কোনেও খালী মূখে উভতি নাহে। গাঁৱৰ মহিলাসকলে অলপ হ’লেও নিজ হাতেৰে ৰান্ধি খুৱাই আলহীক সেৱা আগবঢ়ায়।