• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰে এইখন গাঁৱত ৩০০ বছৰে হোৱা নাই চুৰি; ঘৰৰ দুৱাৰ-খিৰিকীতো নাই অৰ্গল, ব্যৱহাৰ নাই তলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2024 1:20 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৱাৰত তলা নলগোৱাকৈ কেতিয়াবা ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ কথা ভাবিছেনে? অথবা কল্পনা কৰকচোন যদি আপোনাৰ ঘৰত দুৱাৰ একেবাৰেই নাথাকে? আজিৰ যুগত এনেবোৰ কথা ভাবিলেই বুঁকু কঁপি উঠে। বৰং দুৱাৰ-খিৰিকী ভালদৰে মাৰি গ;লেও আমাৰ কোনো সকাহ নাই।

কিন্তু আমাৰ দেশৰ এনে এখন গাঁও আছে য’ত মানুহে দুৱাৰত তলা লগোৱাৰ কথা কেতিয়াও ভবাই নাই। গাঁৱৰ এটা ঘৰতো দুৱাৰৰ অৰ্গলো নাই। খিৰিকীখনো ২৪ ঘণ্টাই প্ৰায় খোলাই থাকে।

এই গাঁৱত ‘চুৰি’ শব্দটোৱে অচিনাকি। মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ পৰা ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁওখনৰ নাম শনি-শিংনাপুৰ। ইয়াৰ ইতিহাস গাঁওখনৰ নামৰ লগত জড়িত। শনিৰ ভক্ত এই গাঁৱৰ বাসিন্দাসকলে শনি ভগৱান নিজেই তেওঁলোকৰ ৰক্ষক বুলি বিশ্বাস কৰে। তেওঁৰ আশীৰ্বাদে সমগ্ৰ গাঁওখনক শক্তিশালী নিৰাপত্তাৰক্ষীৰ বেৰ হিচাপে ৰক্ষা কৰি আছে। গতিকে দুস্কৃতিকাৰীয়ে গাঁৱৰ তিনি সীমাত প্ৰৱেশ কৰিবলৈ ভয় কৰে।

Apply Now
ফটোঃ সংগ্ৰহীত।

যোৱা ৩০০ বছৰে এই গাঁৱৰ প্ৰতিটো ঘৰ দুৱাৰ নোহোৱাকৈয়ে চলি আছে। খিৰিকী আছে যদিও তাত অৰ্গল (খিলি) নাই। কেৱল ঘৰবোৰতে নহয়, দোকান, কাৰ্যালয়, হোটেল-ৰেষ্টুৰেণ্ট, আনকি আৰক্ষী থানাতো দুৱাৰ নাই। বেংকৰ দুৱাৰ আছে যদিও তাতো তলা নাই।

গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ মতে দুৱাৰত তলা লগোৱাৰ অৰ্থ হ’ল শনি ভগৱানৰ অৱস্থিতিক অবিশ্বাস কৰা। তেওঁলোকৰ বিশ্বাস দুৱাৰত তলা লগোৱাৰ দিনাই শনি দেৱৰ আশীৰ্বাদ অভিশাপ হৈ গাঁৱৰ মানুহৰ ওপৰত পৰিব।

গাঁওখনত প্ৰায় চাৰি হাজাৰ লোকে বাস কৰে। ইয়াৰ গাওঁবাসীৰ মুখে মুখে শনি দেৱৰ মহিমাৰ কথা। গাঁৱৰ মাজভাগত শনি দেৱৰ এটা প্ৰকাণ্ড শিলৰ মূৰ্তি। প্ৰায় ডেৰ মিটাৰ দীঘল শিলটো বিভিন্ন ধৰণৰ সোণ আৰু ৰত্নেৰে সজাই তোলা হৈছে। সেই মূৰ্তিটোও মুকলি আকাশৰ তলত। স্থানীয় ৰাইজৰ মতে, “কোনোবাই যদি অসৎ হ’বলৈ চেষ্টা কৰে তেন্তে তেওঁ দেৱতাৰ ক্ৰোধৰ পৰা সাৰি নাযায়। এই গাঁৱত কোনেও অপৰাধ নকৰে, সকলোৱে ইষ্ট দেৱতাৰ আদেশ মানি চলে। ৰাজহুৱা শৌচাগাৰতো কোনো দুৱাৰ নাই। লাজ লুকুৱাবলৈ আছে শিলৰ ফলক। সেইটো দুৱাৰৰ বাহিৰত ৰাখিব লাগে।

ফটোঃ সংগ্ৰহীত।

শনি-শিংনাপুৰ এফালে তীৰ্থস্থান, আৰু দেশৰ অন্যতম জনপ্ৰিয় পৰ্যটন কেন্দ্ৰও। প্ৰতিদিনে এই গাঁৱত প্ৰায় ৪০ হাজাৰ তীৰ্থযাত্ৰীৰ ভিৰ হয়। আটাইতকৈ ডাঙৰ পূজা হয় অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা।

গীতবাই সুৰেশ মহেলা গাঁৱৰ এটা মূৰত দুটা সৰু কোঠাৰ ঘৰত থাকে। কেইবাবছৰ পূৰ্বে স্বামীৰ মৃত্যু হয়। দুজন পুত্ৰ আৰু পত্নীৰ সৈতে পৰিয়াল। ঘৰৰ চুকে-কোণে দৰিদ্ৰতা স্পষ্ট হৈ আছে। কিন্তু এই ঘৰৰ আতিথ্যৰ কথা মানুহৰ মুখে মূখে। গীতবাইৰ ভাষাত “মোৰ স্বামীয়ে আলহীক সেৱা কৰি ভাল পাইছিল। আলহীয়ে যেতিয়াই ঘৰত ভৰি দিছিল তেওঁ নিজৰ হাতেৰে ৰান্ধি খুৱাইছিল। তেওঁ অনুভৱ কৰিছিল যে ভোকাতুৰ অতিথি এজনে কেৱল পানীৰে তৃপ্ত হ’ব নোৱাৰে।”

ফটোঃ সংগ্ৰহীত।

গীতবাইয়ে এতিয়াও স্বামীৰ পৰম্পৰা অনুসৰণ কৰি আছে। তাত অভাৱ কোনো বাধা নহয়। গীতবাই নহয়, গাঁৱৰ বেছিভাগ ঘৰতে এই প্ৰথা আছে। অচিনাকি, অপৰিচিত পৰ্যটকৰ তাত বিশাল সোঁত। ঘৰৰ দুৱাৰ মুখৰ পৰা কোনেও খালী মূখে উভতি নাহে। গাঁৱৰ মহিলাসকলে অলপ হ’লেও নিজ হাতেৰে ৰান্ধি খুৱাই আলহীক সেৱা আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd