NORTHEAST NOW (Assamese)

পদপথৰ ম’ম’ খাই সৰ্বনাশ : এগৰাকী মহিলাৰ মৃত্যু

October 30, 2024 8:09 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পদপথৰ দোকানৰ পৰা ম’ম’ খাই বিষক্ৰিয়াত মৃত্যু হ‘ল এগৰাকী মহিলাৰ। একেখন দোকানতে ম’ম’ খাই অসুস্থ হৈছে আৰু ২০ জন লোক।

হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। এই ঘটনাত মৃতকৰ পৰিয়ালে ইতিমধ্যে ম’ম’ বিক্ৰেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

হায়দৰাবাদৰ নন্দী নগৰৰ বঞ্জৰা পাহাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মৃত মহিলাগৰাকীৰ নাম ৰেশমা বেগম (৩৩)।

মহিলাগৰাকী আৰু তেওঁৰ ১২ আৰু ১৪ বছৰীয়া কন্যাই যোৱা শুকুৰবাৰে পথৰ কাষৰ দোকানখনৰ পৰা ম’ম খাইছিল।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ম’ম’ সেৱনৰ পিছতেই তিনিওজনে অসুস্থ হৈ পৰে।  বমি, ডায়েৰিয়া আৰু পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে। তেওঁলোকৰ অৱস্থা অধিক বেয়া হোৱাৰ লগে লগে দেওবাৰে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসালয়লৈ যোৱাৰ পথত ৰেশমা বেগম নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। তেওঁৰ দুগৰাকী কন্যা এতিয়াও চিকিৎসাধীন হৈ আছে।

এই ঘটনা সন্দৰ্ভত তেওঁৰ পৰিয়ালে আৰক্ষীক অভিযোগ কৰিছে। খবৰ অনুসৰি সেই দোকানৰ পৰা ম’ম’ খাই আৰু কমেও ২০ জন লোক অসুস্থ হৈছে।

আৰক্ষীৰ তদন্তত অনুসৰি, ম’ম’ বিক্ৰেতাই খাদ্য সুৰক্ষা বিভাগৰ অনুমোদিত অনুজ্ঞাপত্ৰ অবিহনে দোকানখন চলাই আছিল। অস্বাস্থ্যকৰ পৰিৱেশত ৰন্ধা-বঢ়া কৰিছিল।

Related News