• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 30, 2024 7:13 pm
459
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে এইমছ গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ অৰ্থে  একাধিক অত্যাধুনিক স্বাস্থ্যসেৱাৰ সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে।

অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ লগতে সাংসদ, বিধান সভাৰ সদস্য, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক,  কেইবাগৰাকীও অনুষদ, জ্যেষ্ঠ চৰকাৰী বিষয়া আদি উপস্থিত থাকে।

এইমছ গুৱাহাটীত নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী দ্ৰুতগতিত প্ৰদান কৰাৰ বাবে ড্ৰোন সেৱা, এটা আধুনিক প্ৰেক্ষাগৃহ আৰু উচ্চ-শক্তিৰ লিনিয়াৰ এক্সেলেৰেটৰ , এইচডিআৰ ব্ৰেকিথেৰাপী ইউনিট আৰু ৪ ডি-চিটি চিমুলেটৰেৰে সজ্জিত ৰেডিঅ‘থেৰাপী ব্লক, যিবোৰে  অঞ্চলটোত কৰ্কট ৰোগীৰ  যত্ন লোৱাত  বিপ্লৱৰ সূচনা কৰিব।

এনে সুবিধাসমূহৰ লগতে এইমছ গুৱাহাটীয়ে জটিল স্বাস্থ্য প্ৰয়োজনীয়তা থকা ৰোগীসকলক চিকিৎসা প্ৰদান  কৰাৰ ক্ষমতা সম্প্ৰসাৰিত কৰিব আৰু কৰ্কট ৰোগৰ চিকিৎসা প্ৰটোকলত উন্নত গৱেষণাৰ লগতে ভৱিষ্যতৰ বাবে ৰেডিয়েচন অংকলজিষ্ট আৰু চিকিৎসা পদাৰ্থবিজ্ঞানীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব।

ইয়াৰ উপৰি  উন্নত ৰোগ নিৰ্ণয় আৰু চিকিৎসা সেৱা যেনে ৩টি স্কেনাৰৰ সৈতে মেগনেটিক ৰেজনেন্স ইমেজিং (এমআৰআই) গোট, বিপলেন ডিজি ছাবট্ৰেকছন এঞ্জিওগ্ৰাফী (DSA), কেথ লেব,  আন্তৰ্জাতিক মানৰ  ৰেডিঅ‘লজীৰ সুবিধা আৰু নিউৰোভাস্কুলাৰ,  হাড়ৰ স্বাস্থ্যৰ বাবে ডেক্সা স্কেনো  উদ্বোধন কৰা হয় । এইমছ গুৱাহাটীত নতুনকৈ স্থাপিত নিশাৰ আশ্ৰয়স্থলত  ৰোগীৰ যত্নৰ বাবে দূৰনিৰ পৰা অহা  ৰোগীসকলৰ পৰিয়ালৰ বাবে আশ্ৰয়স্থলৰো  ব্যৱস্থা কৰা হৈছে। ফলত ৰোগীৰ সৈতে অহা পৰিয়ালৰ লোকৰ  কষ্ট লাঘৱ হ‘ব ।

 ভাৰতৰ চলিত স্বাস্থ্যসেৱাৰ উন্নতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়  যে এইমছ গুৱাহাটীৰ সৈতে বিভিন্ন স্থানত উদ্বোধন কৰা এই নতুন সুবিধাসমূহ সুলভ, উচ্চ মানদৰ স্বাস্থ্যসেৱা, বিশেষকৈ  সেৱা লাভৰ পৰা দূৰৈত থকা  অঞ্চলসমূহৰ বাবে চৰকাৰে দিয়া  প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে  । তেওঁ ভাৰতৰ স্বাস্থ্য নীতিৰ পাঁচটা স্তম্ভৰ বিষয়ে আলোকপাত কৰে: প্ৰতিৰোধমূলক যত্ন, আগতীয়া চিনাক্তকৰণ, সুলভ চিকিৎসা, সৰু চহৰসমূহত সম্প্ৰসাৰিত স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ। তেওঁ কয় “ভাৰতে স্বাস্থ্যৰ বিষয়টোত  সামগ্ৰিকভাৱে দৃষ্টি ৰাখিছে,” । তেওঁ  কয় যে ৪ কোটিতকৈও অধিক নাগৰিকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান ভাৰত যোজনা আৰু ৭০ বছৰৰ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভায়া বন্দনা কাৰ্ডৰ দৰে পদক্ষেপে সকলোৰে বাবে স্বাস্থ্যসেৱাৰ  ব্যয় হ্ৰাস কৰিবলৈ  চৰকাৰে  স্থিৰ কৰা  লক্ষ্যকে  প্ৰতিফলিত কৰিছে।

 অনুষ্ঠানত অধ্যাপক পুৰাণিকেএইমছ গুৱাহাটীয়ে  উত্তৰ–পূব ভাৰতলৈ উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে আৰু অদূৰ ভৱিষ্যতে ট্ৰমা ইভেকুৱেচন চেণ্টাৰ, এটা শিশু বিকাশ  গোট আৰু এটা ষ্ট্ৰোক কেন্দ্ৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd