কাজিৰঙাৰ লক্ষীপুৰত নৃশংস হত্যাকাণ্ড : পত্নীৰ দাৰ ঘাপত প্ৰাণ গ’ল স্বামীৰ

Kaziranga murder.040918 (1) (1)

কাজিৰঙাৰ লক্ষীপুৰত সোমবাৰে নিশা এক নৃশংস হত্যাকাণ্ড সংঘৰ্টিত হয়৷ লক্ষীপুৰৰ নিবাসী নবীন বৰুৱা নামৰ এজন লোকক নিজৰ পত্নীয়ে এখন চোকা দাৰে বুকুত ঘপিয়াই হত্যা কৰে৷ পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হোৱা এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মন কৰিবলগীয়া যে হত্যাৰ অভিযোগত নবীন বৰুৱাৰ পত্নী জান বৰুৱাক নিশাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইফালে নবীন বৰুৱাৰ হত্যা এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু পৰিয়ালৰ লোকে৷

ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা নবীন বৰুৱাৰ ঘৰত চিঞৰ-বাখৰ শুনি চুবুৰীয়া লোকে কিছু দূৰত থকা পৰিয়ালৰ লোকৰ লগতে আৰক্ষীক খবৰ দিয়ে। নিশাই আৰক্ষী আৰু পৰিয়ালৰ লোক বৰুৱাৰ ঘৰত উপস্থিত হয় যদিও ঘৰৰ ভিতৰত নবীন বৰুৱাৰ মৃত দেহটো প্ৰত্যক্ষ কৰে৷

আৰক্ষীয়ে ঘৰৰ বাহিৰত তেজৰ ডোঙাৰ লগতে এটা টৰ্চ লাইট, এখন দা আৰু এটা বাল্টি উদ্ধাৰ কৰে৷ এই সামগ্ৰী সমুহ হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷

স্থানীয় লোকৰ মতে অন্য কোনো লোকৰ সহযোগত অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ স্বামীক হত্যা কৰিছে৷ ইফালে ঘটনা সম্পৰ্কত বোকাখাত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে প্ৰয়াত নবীন বৰুৱাৰ পত্নী জানমনি বৰুৱাই আন এজন লোকৰ লগত এক অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে। আৰু কিছু দিন পূৰ্বে উক্ত ব্যক্তিৰ লগত জানমনি বৰুৱা পলাইও গৈছিল৷ কিন্তু দুদিন পূৰ্বে তেওঁ পুনৰ স্বামী গৃহলৈ ঘূৰি আহিছিল।

স্বামী গৃহলৈ পুনৰ উভটি অহা কাৰ্যক জানমনি বৰুৱাৰ পূৰ্ব পৰিকল্পিত অভিসন্ধি বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।