NORTHEAST NOW (Assamese)

কৰ্ণাটকৰ বিজেপি নেতা য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ দিয়া মহিলাৰ ৰহস্যজনক মৃত্যু

May 29, 2024 12:36 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 29, 2024 2:36 pm

ৰহস্যজনকভাবে মৃত্যু হৈছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু এগৰাকী মহিলা।

মহিলাগৰাকীৰ হৈ আদালত পক্ষ দাঙি ধৰা অধিবক্তাগৰাকীক লগ কৰাৰ কথা আছিল যদিও অধিবক্তাগৰাকীক লগ পোৱাৰ পূৰ্বেই মহিলাগৰাকীৰ মৃত্যু হয়।

মহিলাগৰাকীয়ে নিজৰ কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু কৰিছিল। সোমবাৰে তেওঁ অধিবক্তা এছ বালানক সাক্ষাৎ কৰাৰ কথা আছিল। কিন্তু তাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। এই মৃত্যুক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইয়াৰ আঁৰত য়েডিয়ুৰাপ্পাৰ হাত আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, উশাহ-নিশাহৰ সমস্যাৰ বাবে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে কৰ্কট ৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। কেইবাবছৰ ধৰি বৃক্কৰ সমস্যাতো ভুগি আছিল মহিলাগৰাকী। দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত তেওঁৰ কন্যাই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। ৰাতিপুৱা ৯.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ দাবী  জনাইছে অধিবক্তাগৰাকীয়ে। অধিবক্তাগৰাকীয়ে লগতে কয় যে চিকিৎসালয়ৰ পিছফালৰ দুৱাৰেদি গোপনে মহিলাগৰাকীৰ মৃতদেহ লৈ যোৱা হৈছে। সমগ্ৰ ঘটনাটোত ৰহস্যৰ আভাস পোৱা গৈছে।

লগতে পঢ়কঃ সুস্বাদু বিৰিয়ানীয়ে মাতি আনিলে কাল! খোৱাৰ পাছতে এগৰাকী মহিলাৰ মৃত্যু,১৭৮ গৰাকীত চিকিৎসালয়ত ভৰ্তি
লগতে পঢ়কঃ বিজেপি নেতাৰ অতপালি : ব্ৰীজভূষণৰ পুত্ৰ কৰণভূষণৰ কয়ভয়ৰ খুন্দাত নিহত দুটা শিশু, আহত আন এজন
লগতে পঢ়কঃ কাৰাবন্দী হৈ আছিল পাকিস্তানত : ১৮ মাহ পিছত আজি ওপজা মাটিলৈ ঘূৰি আহিব অসমৰ মাতৃ-পুত্ৰ

মৃতকৰ চিনাকি এজন সমাজকৰ্মীয়ে জনোৱা মতে, য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত মহিলাগৰাকীৰ পৰিয়ালৰ আপত্তি আছিল। কিন্তু কন্যাৰ ন্যায় পাবলৈ তেওঁ গোটেই পৰিয়ালটোৱেই ত্যাগ কৰিছিল। কিন্তু মৃত্যুৰ পিছত মহিলাগৰাকীৰ পুত্ৰ আৰু ভাতৃয়ে চিকিৎসালয়লৈ গৈ মৃতদেহটো লৈ যায়। ইয়াতো সন্দেহৰ সৃষ্টি হয়।

প্ৰসংগক্ৰমে যোৱা ১৪ মাৰ্চত বেংগালুৰুৰ সদাশিৱনগৰ আৰক্ষী থানাত য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ মাতৃয়ে। ১৭ বছৰীয়া নাবালিকাৰ মাতৃৰ অভিযোগৰ ভিত্তিত বেংগালুৰুৰ সদাশিৱনগৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(এ) ধাৰা আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

আৰক্ষীৰ মতে, ২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনা। ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ মাতৃয়ে য়েডিয়ুৰাপ্পাৰ ওচৰলৈ গৈ প্ৰতাৰণাৰ গোচৰত সহায় বিচাৰিছিল। সেই সময়ত এইগৰাকী প্ৰভাৱশালী বিজেপি নেতাই নাবালকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

 

Related News