NORTHEAST NOW (Assamese)

নগাঁৱত গুৱাহাটী অভিমুখী ৰে’লৰ আগত জঁপিয়াই মহিলাৰ আত্মহত্যা

November 23, 2018 8:37 pm · মিণ্টু দাস
Updated: November 23, 2018 8:38 pm

নগাঁও চহৰৰ হয়ৱৰগাঁও ৰে’ল ষ্টেশ্যনত ৰে’ল আৰক্ষীৰ সন্মুখতে এগৰাকী মহিলাই ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ ১.২২ বজাত এই ঘটনাটো সংঘটিত হয়। হয়ৱৰ গাঁও ৰেল ষ্টেশ্যনৰ পৰা গুৱাহাটী অভিমুখী কপিলী পেচেঞ্জাৰ ৰে’লখনে যাত্ৰা কৰাৰ সময়তেই মহিলা গৰাকীয়ে ৰে’লখনৰ আগত জঁপিয়াই দিয়ে। ফলত মহিলা গৰাকী থিতাতে নিহত হয়।

ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰে’লৱে আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে নিহত মহিলাগৰাকী নগাঁও চহৰৰ তথা হয়বৰগাঁও ৰে’ল ষ্টেশ্যনৰ কাষৰ শান্তিপুৰৰ নিৱাসী আন্না চৰকাৰ (৫৫) বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News