• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফাৰ অস্ত্ৰৰ জবাব ‘শক্তিৰে’ দিব ৰাষ্ট্ৰই, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত মন্তব্য হিমন্ত বিশ্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 8:04 pm
Indian state will 'handle ULFA with might', Assam minister Himanta Biswa declares in Sputniknews interview

হিমন্ত বিশ্ব শৰ্মা। ছবি- scroll.inৰ সৌজন্যত।

560
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হুংকাৰ দি অহা আলফা (পঢ়ক আলফা-স্বাধীন)ই ‘অস্ত্ৰ’ প্ৰদৰ্শন কৰিলে তাক ‘শক্তিৰে’ মোকাবিলা কৰিব ৰাষ্ট্ৰই। এই মন্তব্য অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

“এখন গণতান্ত্ৰিক চৰকাৰ আলফাৰ নিচিনা সংগঠনৰ শ্ৰুতলিপি মতে নচলে।… তেওঁলোকক শুনিবলৈ চৰকাৰ বাধ্য নহয়। আলফাই যি কৰে, তাৰ মোকাবিলা শক্তিৰে কৰা হ’ব।… তেওঁলোকে যদি অস্ত্ৰৰ শক্তি দেখুৱাব খোজে, তেন্তে ৰাষ্ট্ৰও তেওঁলোকক প্ৰত্যুত্তৰ দিয়াৰ বাবে মুক্ত,” মস্ক’ত মুখ্য কাৰ্য্যালয় থকা আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী স্পুতনিকনিউজ-ত শেহতীয়া এক সাক্ষাৎকাৰত এই মন্তব্য শৰ্মাৰ।

বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈ অহা আলোচনাপন্থী (পঢ়ক আলোচনাৰত) আলফা সন্দৰ্ভতো সাক্ষাৎকাৰটোত মন্তব্য কৰিছে মন্ত্ৰীজনে। আগন্তুক নিৰ্বাচনত শাসনাধীন বিজেপিক ভোট নিদিয়াৰ ইংগিত দি অহা আলোচনাৰত আলফাৰ “সমৰ্থন বা বিৰোধিতাৰ কোনো মূল্য নাই”, দাবী মন্ত্ৰীজনৰ। শৰ্মাই কয়, “আলোচনাৰত আলফাৰ দুটা বা তিনিটা ভোটে কোন জিকিব বা হাৰিব নিৰ্ধাৰণ নকৰে।”

লগতে পঢ়ক– দুৰ্ধৰ্ষ দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত বাংলাদেশত আজিও সক্ৰিয় আলফা (স্বাঃ)

যোৱা নিৰ্বাচনত বিজেপিক ভোট “দিছিল”, কিন্তু এইবাৰ “নিদিয়ে” বুলি আলোচনাৰত আলফাই কৰা মন্তব্য সন্দৰ্ভত সাক্ষাৎকাৰী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই ইয়াক অভিহিত কৰিছে “দৰদাম”ৰূপে।

“নাগৰিক হিচাপে তেওঁলোকে যদি বিজেপিক ভোট দিছিল, ঠিক আছে! কিন্তু বাঙালী হিন্দু শৰণাৰ্থীকে ধৰি আন বহুতেওটো বিজেপিক ভোট দিছিল। কিন্তু আপুনি চৰকাৰৰ সৈতে দৰ-দাম কৰিব নোৱাৰে যে, ‘চাওক আমি ভোট দিছিলো’,” শৰ্মাৰ মন্তব্য।

শেহতীয়াকৈ অসমৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাৰ কথাও অগ্ৰাহ্য কৰিছে মন্ত্ৰীজনে। শৰ্মাই এই দাবীক চৰকাৰক ‘ব্লেকমে’ইলিং’ৰ এক পদ্ধতিৰূপে অভিহিত কৰিছে।

লগতে পঢ়ক– আলফা (স্বাঃ)ক নাগৰিকত্ব বিধেয়কে ‘নতুন জীৱন দান’ কৰিছে: পল্লৱ ভট্টাচাৰ্য্য

“আপোনালোকে যদি নাগৰিকত্ব বিধেয়ক গৃহীত কৰে, তেন্তে আলফা শক্তিশালী হৈ যাব, এইটো চৰকাৰৰ সৈতে একধৰণৰ ব্লেকমে’ইলিং। কোনোবাই যদি আলফাত যদি যোগ দিয়ে তেওঁলোকক কঠোৰভাৱে মোকাবিলা কৰা হ’ব, কাৰণ কোনো বিধেয়ক বা নীতিগত বিষয়ত আপুনি ৰেহাই দিব নোৱাৰে বা আপুনি ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাব নোৱাৰে,” চৰকাৰৰ সৈতে “এইটো দৰদামৰ বিষয়” নহয় বুলি দাবী কৰি এই মন্তব্য শৰ্মাৰ।

লগতে পঢ়ক– এনডিএফবি-ত যোগদানৰ মুকলি আহ্বান বড়ো বিদ্ৰোহী নেতাৰ

আলফাক বাহিৰত ৰাখি বিধেয়কৰ সমৰ্থন আৰু বিৰোধিতাৰে অসমত দুটা “মত” থকাটো স্বীকাৰ কৰি শৰ্মাই কয় এই সন্দৰ্ভত সিদ্ধান্ত যুটীয়া সংসদীয় সমিতিয়ে ল’ব। “মই নিশ্চিত অসমৰ ৰাইজৰ মত যুটীয়া সংসদীয় সমিতিৰ চূড়ান্ত পৰামৰ্শত প্ৰতিফলিত হ’ব। তাৰ পিছত সংসদে যি সিদ্ধান্ত লয়, তেওঁলোকৰ কথা, কাৰণ ৰাজ্যৰ নাগৰিকত্বৰ বিষয়ত নিয়ন্ত্ৰণ নাই,” মন্তব্য শৰ্মাৰ।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd