• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ অস্ত্ৰৰ জবাব ‘শক্তিৰে’ দিব ৰাষ্ট্ৰই, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত মন্তব্য হিমন্ত বিশ্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 8:04 pm
Indian state will 'handle ULFA with might', Assam minister Himanta Biswa declares in Sputniknews interview

হিমন্ত বিশ্ব শৰ্মা। ছবি- scroll.inৰ সৌজন্যত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হুংকাৰ দি অহা আলফা (পঢ়ক আলফা-স্বাধীন)ই ‘অস্ত্ৰ’ প্ৰদৰ্শন কৰিলে তাক ‘শক্তিৰে’ মোকাবিলা কৰিব ৰাষ্ট্ৰই। এই মন্তব্য অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

“এখন গণতান্ত্ৰিক চৰকাৰ আলফাৰ নিচিনা সংগঠনৰ শ্ৰুতলিপি মতে নচলে।… তেওঁলোকক শুনিবলৈ চৰকাৰ বাধ্য নহয়। আলফাই যি কৰে, তাৰ মোকাবিলা শক্তিৰে কৰা হ’ব।… তেওঁলোকে যদি অস্ত্ৰৰ শক্তি দেখুৱাব খোজে, তেন্তে ৰাষ্ট্ৰও তেওঁলোকক প্ৰত্যুত্তৰ দিয়াৰ বাবে মুক্ত,” মস্ক’ত মুখ্য কাৰ্য্যালয় থকা আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী স্পুতনিকনিউজ-ত শেহতীয়া এক সাক্ষাৎকাৰত এই মন্তব্য শৰ্মাৰ।

Apply Now

বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈ অহা আলোচনাপন্থী (পঢ়ক আলোচনাৰত) আলফা সন্দৰ্ভতো সাক্ষাৎকাৰটোত মন্তব্য কৰিছে মন্ত্ৰীজনে। আগন্তুক নিৰ্বাচনত শাসনাধীন বিজেপিক ভোট নিদিয়াৰ ইংগিত দি অহা আলোচনাৰত আলফাৰ “সমৰ্থন বা বিৰোধিতাৰ কোনো মূল্য নাই”, দাবী মন্ত্ৰীজনৰ। শৰ্মাই কয়, “আলোচনাৰত আলফাৰ দুটা বা তিনিটা ভোটে কোন জিকিব বা হাৰিব নিৰ্ধাৰণ নকৰে।”

লগতে পঢ়ক– দুৰ্ধৰ্ষ দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত বাংলাদেশত আজিও সক্ৰিয় আলফা (স্বাঃ)

যোৱা নিৰ্বাচনত বিজেপিক ভোট “দিছিল”, কিন্তু এইবাৰ “নিদিয়ে” বুলি আলোচনাৰত আলফাই কৰা মন্তব্য সন্দৰ্ভত সাক্ষাৎকাৰী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই ইয়াক অভিহিত কৰিছে “দৰদাম”ৰূপে।

“নাগৰিক হিচাপে তেওঁলোকে যদি বিজেপিক ভোট দিছিল, ঠিক আছে! কিন্তু বাঙালী হিন্দু শৰণাৰ্থীকে ধৰি আন বহুতেওটো বিজেপিক ভোট দিছিল। কিন্তু আপুনি চৰকাৰৰ সৈতে দৰ-দাম কৰিব নোৱাৰে যে, ‘চাওক আমি ভোট দিছিলো’,” শৰ্মাৰ মন্তব্য।

শেহতীয়াকৈ অসমৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাৰ কথাও অগ্ৰাহ্য কৰিছে মন্ত্ৰীজনে। শৰ্মাই এই দাবীক চৰকাৰক ‘ব্লেকমে’ইলিং’ৰ এক পদ্ধতিৰূপে অভিহিত কৰিছে।

লগতে পঢ়ক– আলফা (স্বাঃ)ক নাগৰিকত্ব বিধেয়কে ‘নতুন জীৱন দান’ কৰিছে: পল্লৱ ভট্টাচাৰ্য্য

“আপোনালোকে যদি নাগৰিকত্ব বিধেয়ক গৃহীত কৰে, তেন্তে আলফা শক্তিশালী হৈ যাব, এইটো চৰকাৰৰ সৈতে একধৰণৰ ব্লেকমে’ইলিং। কোনোবাই যদি আলফাত যদি যোগ দিয়ে তেওঁলোকক কঠোৰভাৱে মোকাবিলা কৰা হ’ব, কাৰণ কোনো বিধেয়ক বা নীতিগত বিষয়ত আপুনি ৰেহাই দিব নোৱাৰে বা আপুনি ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাব নোৱাৰে,” চৰকাৰৰ সৈতে “এইটো দৰদামৰ বিষয়” নহয় বুলি দাবী কৰি এই মন্তব্য শৰ্মাৰ।

লগতে পঢ়ক– এনডিএফবি-ত যোগদানৰ মুকলি আহ্বান বড়ো বিদ্ৰোহী নেতাৰ

আলফাক বাহিৰত ৰাখি বিধেয়কৰ সমৰ্থন আৰু বিৰোধিতাৰে অসমত দুটা “মত” থকাটো স্বীকাৰ কৰি শৰ্মাই কয় এই সন্দৰ্ভত সিদ্ধান্ত যুটীয়া সংসদীয় সমিতিয়ে ল’ব। “মই নিশ্চিত অসমৰ ৰাইজৰ মত যুটীয়া সংসদীয় সমিতিৰ চূড়ান্ত পৰামৰ্শত প্ৰতিফলিত হ’ব। তাৰ পিছত সংসদে যি সিদ্ধান্ত লয়, তেওঁলোকৰ কথা, কাৰণ ৰাজ্যৰ নাগৰিকত্বৰ বিষয়ত নিয়ন্ত্ৰণ নাই,” মন্তব্য শৰ্মাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd