• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্ধৰ্ষ দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত বাংলাদেশত আজিও সক্ৰিয় আলফা (স্বাঃ)

২০১৪ চনত মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক বাংলাদেশৰ বিশেষ আদালতৰ ‘মৃত্যুদণ্ড’ আৰু তাৰ ৫ বছৰ পূৰ্বে বৰুৱাৰ প্ৰস্থানৰ পিছতো চুবুৰীয়া দেশখনত এতিয়াও সক্ৰিয় হৈ আছে আলফা (স্বাঃ)।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 9:24 pm
drishti rajkhowa deputy c-in-c ulfa (I)

দৃষ্টি ৰাজখোৱা। ছবি- শ্বিলং টাইমছৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক বাংলাদেশৰ বিশেষ আদালতৰ ‘মৃত্যুদণ্ড’ আৰু তাৰ ৫ বছৰ পূৰ্বে বৰুৱাৰ প্ৰস্থানৰ পিছতো চুবুৰীয়া দেশখনত এতিয়াও সক্ৰিয় হৈ আছে আলফা (স্বাঃ), চলি আছে সামৰিক প্ৰশিক্ষণ।

বাংলাদেশৰ চিতাগং হৈ দক্ষিণ চীনৰ পৰা অস্ত্ৰ সৰবৰাহৰ অতি গুৰুত্বপূৰ্ণ ত্ৰানজিট ৰুটটো বৰ্তমান পৰিচালনা কৰি আছে আলফা (স্বাঃ)ৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি অসম ওৰফে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই।

Apply Now

সোমবাৰে যোৰহাট আৰক্ষীৰ জালত পৰা দৃষ্টি ৰাজখোৱাৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী দাৱলজ্যোতি দত্ত ওৰফে বিবৰ অসমৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য। ২০১৭ চনৰ মে’ত আলফা (স্বাঃ)ত যোগদান কৰা দত্তই ‘‘সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল মেঘালয় আৰু বাংলাদেশত’’, দাবী আৰক্ষীৰ।

@JorhatPolice1 arrested dreaded ULFA(I) cadre Dawoljyoti Dutta @ Dior Axom from Na Borachuk, Jorhat. He'd joined ULFA(I) last year, trained in arms & explosives, in Assam, Meghalaya & Bangladesh & was PSO of ULFA(I) leader Drishti Rajkhowa.#SantrashvadMuktAssam @assampolice pic.twitter.com/GLx1EQO5go

— Jorhat Police (@Jorhat_Police) November 19, 2018

গাৰো পাহাৰ আৰু বাংলাদেশৰ মাজত সঘন যাতায়াত আছে দৃষ্টি ৰাজখোৱাৰ। জি এন এল এ’ৰ সেনাধ্যক্ষ চ’হান দি চিৰাৰ মৃত্যুৰ পিছত ‘স্ব-জাতি’ৰ নোহোৱা সত্ত্বেও গাৰো বিদ্ৰোহী সংগঠনটোৱে দৃষ্টিক সংগঠনটোৰ দায়িত্ব ল’বলৈ কৰা অনুৰোধে আলফা নেতাজনৰ অঞ্চলটোত সক্ৰিয়তাৰ প্ৰমাণ দিয়ে। যোৱা ২৪ ফেব্ৰুৱাৰিত পূব গাৰো পাহাৰৰ ছামান্দাত মেঘালয় আৰক্ষী কমাণ্ড’ৰ গুলীত নিহত হৈছিল চিৰা।

গাৰো সংগঠনৰ মাজত জনপ্ৰিয়তা আৰু নিজে ৰাভা সম্প্ৰদায়ৰ হোৱাটো এলেকাটোত চলাচলৰ ক্ষেত্ৰত দৃষ্টিৰ অতিৰিক্ত সুবিধা। গাৰো পাহাৰৰ পৰা গুৱাহাটীতকৈ বাংলাদেশৰ মৈমনসিঙৰ দূৰত্ব কম, ছিলেটলৈ দূৰত্ব প্ৰায় ৪০০ কি: মি:|

আলফাৰ এসময়ৰ শক্তিশালী ১০৯ নং বেটেলিয়নৰ কমাণ্ডাৰ তথা বিভাজনৰ পিছত আলফা (স্বাঃ) কেন্দ্ৰীয় সমিতিৰ সদস্য নিযুক্ত হোৱা দৃষ্টি মুখ্য সেনাধ্যক্ষ বৰুৱাৰ অত্যন্ত বিশ্বস্তৰূপে জনাজাত।

লগতে পঢ়ক– আলফা নেতা দৃষ্টি অসমে লোৱা নাই জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্ব : পৰেশ অসম

উত্তৰ-পূবৰ উগ্ৰপন্থীৰ ওপৰত ‘কঠোৰ’ ব্যৱস্থা লোৱা হাছিনা চৰকাৰৰ দিনতে ২০১০ চনত চিতাগং বন্দৰ হৈ এন এচ চি এন (আই এম)ৰ এক অস্ত্ৰ-সৰবৰাহ নিষ্ক্ৰিয় কৰা বুলি দাবী কৰিছিল ভাৰতীয় চোৰাংচোৱাই। ২০০৯ চনত একেখন চৰকাৰেই গ্ৰেপ্তাৰ কৰি ভাৰতলৈ প্ৰত্যৰ্পণ কৰিছিল আলফাৰ সভাপতি অৰৱিন্দ ৰাজখোৱাৰ লগতে আলফাকে ধৰি উত্তৰ-পূবৰ বহুকেইটা বিদ্ৰোহী সংগঠনৰ শীৰ্ষ নেতাক।

তাৰ পূৰ্বে ২০০৪ চনৰ ১ এপ্ৰিলৰ ৰাতি কৰ্ণফুলি নৈত বাংলাদেশ আৰক্ষী আৰু উপকূল আৰক্ষীয়ে জব্দ কৰা ‘১০ ট্ৰাক ভৰ্তি অস্ত্ৰ-শস্ত্ৰ’ আজিও দেশখনৰ ইতিহাসৰ অস্ত্ৰ উদ্ধাৰৰ সৰ্ববৃহৎ ঘটনা।

সেই অস্ত্ৰ সৰবৰাহৰ ঘটনাটোতে তদানীন্তন আলফা আৰু বৰ্তমান আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে জামাতৰ মুৰব্বী আৰু বাংলাদেশৰ তদানীন্তন উদ্যোগ মন্ত্ৰী মতিউৰ ৰহমান, গৃহ ৰাজ্য মন্ত্ৰী লুতফজ্জামান বাবৰ সহিতে ১৩ জনক বিশেষ আদালতে ২০১৪ চনৰ ৩০ জানুৱাৰিত মৃত্যুদণ্ড বিহিছিল।

দুই শক্তিশালী চুবুৰীয়া চীন আৰু ভাৰতৰ সৈতে ‘সু-সম্পৰ্ক’ ৰক্ষা বাংলাদেশৰ বাবে গুৰুত্বপূৰ্ণ। চীনা অস্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ উত্তৰ-পূবৰ বজাৰ আৰু বিদ্ৰোহীৰ বাবে গুৰুত্বপূৰ্ণ জল আৰু আকাশী যোগাযোগৰ লগতে স্থলপথেৰে উত্তৰ-পূবত প্ৰৱেশৰ থলী চিতাগং।

হাছিনা চৰকাৰৰ সৈতে বৰ্তমান ভাৰতৰ ‘সু-সম্পৰ্ক’ৰ বিপৰীতে এই ‘নতুন’ তথ্যই দিব পাৰে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ ঘোষিত কূটনৈতিক সম্পৰ্কৰ ‘অঘোষিত’ দিশ পুনৰীক্ষণৰ অৱকাশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd