• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ অন্য এক প্ৰমাদ! মিজোৰামৰ নিৰ্বাচনী প্ৰম’ত মেঘালয়ৰ শিৰস্ত্ৰাণ পিন্ধা নৰেন্দ্ৰ মোদী

উত্তৰ-পূবৰ সংস্কৃতিৰ প্ৰতি বিজেপিৰ শ্ৰদ্ধা-আন্তৰিকতাক লৈ প্ৰশ্ন

NE NOW NEWS নৰ্থ-ইষ্ট নাও নিউজ
মিজোৰাম , November 23, 2018 9:02 pm

2 min read

Narendra-Modi-750x375
245
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবক প্ৰধান মন্ত্ৰী মোদী আৰু তেওঁৰ দল বিজেপিয়ে অষ্টলক্ষ্মী, বৰ্ণিল সংস্কৃতিৰে ভৰা আদি আখ্যা দিলেও দলটো প্ৰকৃততে কিমান শ্ৰদ্ধাশীল এই অঞ্চলটোৰ জীৱন-সংস্কৃতিৰ প্ৰতি? কিমান আন্তৰিক আগ্ৰহ আছে এই অঞ্চলৰ মানুহ, সংস্কৃতি, ইতিহাস জনাৰ?

এই প্ৰশ্ন তুলিছে কংগ্ৰেছৰ প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় মুৰব্বী জৰিতা লেইতফ্লাঙে। জৰিতাৰ প্ৰশ্নটোৰ নেপথ্যত আছে বিজেপিয়ে অলপতে নিৰ্বাচন হ’ব লগীয়া মিজোৰামত প্ৰচাৰ কৰা এটা নিৰ্বাচনী প্ৰম’। এই প্ৰম’টোত প্ৰধান মন্ত্ৰী মোদীক দেখা গৈছে এক বিশেষ শিৰস্ত্ৰাণৰ সৈতে।

সাধাৰণতে যি ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰত নামে তাতে মোদীয়ে থলুৱা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বস্ত্ৰ, শিৰস্ত্ৰাণ আদি পৰিধান কৰা দেখা যায়। সেই ঠাইৰ সংস্কৃতিৰ অ-আ-ক-খ বা দুই এটা থলুৱা সম্বোধন আদি দাঙি ধৰাটো মোদীৰ এটা বৈশিষ্ট্য।

তাৰে প্ৰতিফলন ঘটাই মিজোৰামত বিজেপিৰ নিৰ্বাচনী প্ৰম’ত বিশেষ এটা শিৰস্ত্ৰাণৰ সৈতে মোদীৰ ছবি দিয়া হৈছে। কিন্তু প্ৰমাদটো হ’ল, এই শিৰস্ত্ৰাণটো মিজোসকলৰ নহয়। মেঘালয়ৰ গাৰোসকলৰহে। এইটো মোদীৰ পূৰ্বে মেঘালয় ভ্ৰমণৰ সময়ত তোলা ছবি বুলি সন্দেহ কৰা হৈছে।

শিৰস্ত্ৰাণটো পিন্ধি থকা মোদীৰ এটা ইমেইজৰ সৈতে জৰিতাই তেওঁৰ টুইটাৰত এই প্ৰমাদ আঙুলিয়াই দি উত্তৰ-পূবৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ মৌলিকতা চিনাত বিজেপি পুতৌজনকভাৱে ব্যৰ্থ বুলি কয়। “মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মোদীক ফইলা (খাচিসকলৰ) আৰু কতিপ (গাৰোসকলৰ) শিৰস্ত্ৰাণৰ সৈতে দেখুওৱাটো হাস্যকৰ।” জৰিতাই কয়।

উল্লেখযোগ্য যে জৰিতা কংগ্ৰেছ দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী হোৱাৰ উপৰি মিজোৰামত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্বতো আছে।

ইফালে তেওঁ বিজেপিৰ তথ্য-প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় মুৰব্বী অমিত মালব্যকো কটাক্ষ কৰে। “অমিত মালব্য আৰু তেওঁৰ কোম্পানীটোৱে মেঘালয় আৰু মিজোৰামৰ মৌলিক সংস্কৃতিৰ প্ৰভেদ বুজিব নোৱাৰে।” জৰিতাই কয়।

When @amitmalviya & Co. cannot differentiate between the unique culture of Mizoram and Meghalaya. @PMOIndia and @BJP4India "the North East" is not a single state – it comprises of 8 beautiful states with their own unique culture!@INCMizoram @MPCCMizoram @davidlms25 pic.twitter.com/4SQPAUg0D5

— Szarita Laitphlang (ज़रिता लैतफलांग) (@szarita) November 23, 2018

“নৰ্থ-ইষ্ট এখন ৰাজ্য নহয়, নিজা আৰু মৌলিক সংস্কৃতি থকা আঠখন সুন্দৰ ৰাজ্যৰে উত্তৰ-পূব গঠিত।” টুইটটোত কোৱা হৈছে।

আনহাতে আন আন ছ’চিয়েল মিডিয়া য়ুজাৰেও এই প্ৰমাদক লৈ সমালোচনা আৰু ব্যংগ কৰা দেখা গৈছে। সততে উত্তৰ-পূবক অষ্টলক্ষ্মী, ভাৰতৰ ইঞ্জিন আদিৰে আখ্যা দিয়া মোদী আৰু তেওঁৰ দল বিজেপিৰ এই কাণ্ডই তেওঁলোকৰ আন্তৰিকতাহীনতাকে প্ৰতিফলন কৰে বুলি অভিহিত কৰিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

আমোদজনকভাৱে মোদীয়ে আজি মিজোৰামৰ এখন নিৰ্বাচনী সভাত কয় যে নৰ্থ-ইষ্টৰ মানুহে তেওঁক থলুৱা সাজ উপহাৰ দিয়ে, যিবোৰক কংগ্ৰেছৰ নেতাসকলে আচহুৱা বুলি কয়। “নৰ্থ-ইষ্টৰ মানুহে মোক বিভিন্ন ঠাইত পৰম্পৰাগত সাজ উপহাৰ দিয়ে, যিবোৰক কংগ্ৰেছৰ নেতাসকলে আচহুৱা কিবা বুলি কয়।” মোদীয়ে ভাষণত কৈছিল।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd