যোৱা ১৬ ফেব্ৰুৱাৰীৰ মাজনিশা হঠাৎ বিধ্বংসী জুয়ে যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰখন চাৰখাৰ কৰি পেলালে। টেলিভিশ্বনৰ পৰ্দাত সেই মৰ্মান্তিক ঘটনাৰ ছবিবিলাক দেখি আমি মৰ্মাহত হৈছিলোঁ। মনটো উৰা মাৰিছিল চক বজাৰলৈ। তাৰ অনেক কাৰণ আছিল। মোৰ ঘৰ নাহৰণিৰ পৰা সৰু কালত অনেকবাৰ যোৰহাটলৈ আহিছিলোঁ আৰু এই বজাৰখনৰ পৰা দুই-এপদ সামগ্ৰী কিনিছিলোঁ। এই নগৰখনত আমাৰ সম্পৰ্কীয় ভালেমান পৰিযাল আছিল আৰু আজিও আছে। সেইবাবে এই নগৰখনলৈ প্রায়ে আহিবলগীয়া হৈছিল। ইয়াতে তিনি বছৰ ধৰি অধ্যাপনাও কৰিছিলোঁ। নগৰখন আৰু চ’ক বজাৰৰ সৈতে মোৰ এক আৱেগিক সম্পৰ্ক আছে৷ সবাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শতাধিক দোকানীয়ে এই বজাৰখনতে জাঁৱিকাৰ পথ উলিয়াই লৈছিল আৰু তেওঁলোকৰ আজি সৰ্বনাশ ঘটিছে।
১৭৫৭ চনৰ ২৩ জুনত পলাচীৰ যুদ্ধত বংগৰ নাৱাব চিৰাজুদ্দৌলাৰ পৰাজয় হোৱাৰ লগে লগে সমগ্ৰ বংগ বিদেশী শাসনলৈ যায়। তাৰ সাতটা দশকৰ পাছত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা য়াণ্ডাবু চুক্তিৰ ফল স্বৰূপে প্রথমতে নামনি, তাৰ পাছত উজনি অসম ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ পাছত ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ১৮৩৮ চনৰ ভিতৰত সমগ্র অসম আৰু উত্তৰ পূব অঞ্চল তেওঁলোকৰ শাসনলৈ যোৱাৰ পাছত এই বৃহৎ এলেকা বংগৰ ৰাজধানী ঢাকাৰ পৰা পৰিচালিত হৈছিল। চেৰাপুঞ্জিৰ পৰা ডেভিদ স্কটে অসম আৰু উত্তৰ-পূব অঞ্চলৰ শাসনভাৰ গভৰ্ণৰ-জেনেৰেলৰ এজেণ্ট হিচাপে প্ৰশাসন চলাইছিল (নিৰোদ কুমাৰ বৰুৱা, (David Scott in Northeast India 1802-1832) । বিটিছ প্ৰশাসকে আমাৰ ইয়াত শাসন পৰিচালনা কৰিবলৈ বংগৰ পৰা বহুতো লোক লৈ আহিছিল। কেপ্তেইন নেফভিলৰ নিৰ্দেশত যোৰহাটলৈ ঢাকাৰ পৰা ভালে সংখ্যক লোকক কেইটামান বিশেষ কামৰ বাবে অনা হৈছিল।
মৌখিক ইতিহাসৰ পৰা আমি আহৰণ কৰা তথ্যৰ পৰা জানিব পাৰিছিলোঁ যে গুলজাৰ বেপাৰী আছিল ঢাকাৰ পৰা অহা প্রথমগৰাকী ব্যক্তি। তেওঁ ১৮৩৮ চনত যোৰহাটলৈ আহি থিতাপি লৈছিল বুলি জনা যায়। বৰ্তমানৰ এ. টি. ৰোড আৰু গড় আলিৰ সংযোগৰ পৰা উত্তৰলৈ যোৱা ঠাইৰ পৰা চ’ক বা চৌক বজাৰতে ঢাকাৰ পৰা অহা ব্যক্তিসকলে ব্যৱসায় আৰম্ভ কৰে আৰু তাৰ পৰা কবৰস্থানলৈকে যোৱা পথটোৰ দুয়ো কাষে ঢাকাপট্টি প্রতিষ্ঠিত হয়। এয়া আছিল অসমত সৃষ্টি হোৱা প্রথমটো ঢাকাপট্টি। মোৰ এটা লেখা “অসমত ঢাকাপট্টি” (দৈনিক জনমভূমি, নৱেম্বৰ ২, ২০১১) এই বিষয়ে বহলাই আলোচনা কৰা হৈছে।
কিহৰ বাবে ঢাকাৰ পৰা এই মানুহবিলাকক ব্ৰিটিছ শাসকে যোৰহাটলৈ আনিছিল? জানিব পৰা মতে বিদেশী প্রশাসক আৰু চাহ বাগান চলোৱা চাহাবসকলৰ বাবে প্রয়োজন হোৱা ব্ৰেড (পাওৰুটি) আৰু বিস্কুট তৈয়াৰ কৰিবলৈ, তুলি, টোচক আৰু চকীৰ কুচন তৈয়াৰ কৰিবলৈ, চৰকাৰী নথি-পত্ৰ, ৰেজিষ্টাৰ বুক আৰু ৰিপৰ্ট বন্ধাই ৰাখিবলৈ বুক বাইণ্ডাৰ, সাজ-পোছাক আৰু নানা ধৰণৰ কাপোৰ চিলোৱা দৰ্জীৰ কাম কৰিবলৈ এইসকল মানুহক অনা হৈছিল। যোৰহাটৰ মাজ মজিয়াত তেওঁলোকক দোকান-পোহাৰ দিবলৈ সুবিধা কৰি দিয়া হৈছিল। এই ঠাইখিনিকে চ’ক বজাৰ বুলি পৰিচিত হ’ল। ইয়াৰ প্রথমখন ব্যৱসায়িক প্রতিষ্ঠান আছিল চুলতান বেকাৰী। অলপ দিনৰ ভিতৰতে ঢাকাৰ পৰা অহা কেইবাশ লোকৰে ঢাকাপট্টি প্রতিষ্ঠিত হৈ উঠিল। এইসকল মানুহক আজি যিখিনি ঠাইত ঢাকাপট্টি আছে তাতে সংস্থাপিত কৰা হৈছিল।
দেশ বিভাজনৰ পাছত ইয়াৰ কিছু সংখ্যক লোক ঢাকালৈ গুছি গ’ল। সৰহ ভাগ পিছে ঢাকাপট্টিতে থাকি গ’ল। এই ঢাকাপট্টি আৰু চ’ক বজাৰৰ মাজত এক অভিন্ন সম্পৰ্ক আছিল। তাৰ কাৰণটো আছিল যে ব্ৰিটিছ প্ৰশাসনে বজাৰৰ স্থান আৰু ব্যৱসায়ীসকলৰ বাসস্থান সুকীয়া কৰি ৰাখিবলৈ বিচাৰিছিল। কালক্ৰমত চ’ক বজাৰত থলুৱা লোকে সৰু-সুৰা দোকান পাতি তাত এক ব্যস্ত পৰিৱেশ সৃষ্টি কৰি লৈছিল। তাৰ ব্যস্ততাৰ বিষয়ে ১৯৭২-১৯৭৪ চনত যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত মই ভালদৰে অনুভৱ কৰিব পাৰিছিলোঁ। এই বজাৰখনত আছিল দৈনন্দিন জীৱনত প্রয়োজন হোৱা সকলো সামগ্ৰী, হাতুৰি বটালিৰ পৰা আৰম্ভ কৰি ফলমূল, কাপোৰৰ লগতে কেইবাখনো দর্জাৰ দোকান, কিতাপ-কাগজৰ দোকান, ইত্যাদি অলেখ। বহুত সময়ত এইসকল দোকানীৰ সৈতে মত বিনিময় কৰি ভাল পাইছিলোঁ। তেওঁলোকৰ সৰহভাগ মানুহ এতিয়া তাত নাই চাগৈ। তেওঁলোকৰ সতি-সন্ততি অথবা আন নতুন ব্যৱসায়ীয়ে ইয়াতে জীৱন নিৰ্বাহৰ সন্ধান বিচাৰি কালক্ৰমত সৰুকৈ হ’লেও প্ৰতিস্থিত হ’ব পাৰিছে।
যোৱা ২০১৯ চনৰ ফেব্ৰুৱাৰীত যোৰহাটলৈ যাওঁতে অন্তিম বাৰৰ বাবে চ’ক বজাৰলৈ গৈছিলোঁ। সত্তৰৰ দশকৰ পৰিৱেশ যেন আজিও বিদ্যমান। বিশৃংখলতাৰে ভৰপূৰ বৈদ্যুতিক তীৰ আৰু টিভি কেবোলবিলাক ভয়লগাকৈ ওলমি আছিল। মোৰ শংকা হৈছিল – কেনেবাকৈ ইয়াত জুই লাগিলে কি এক ভয়ানক পৰিস্থিতি হ’ব! নগৰ পৌৰ সভা, বিদ্যুৎ বিভাগৰ কোনো কাণসাৰ নাই। এইবিলাক দায়িত্বশীল কৰ্তৃপক্ষই ৰাজহুৱা স্বাৰ্থৰ প্রতি যে কিবা গুৰুত্ব দিয়ে তাৰ কোনো উমান নাপালোঁ। একেদৰে সাধাৰণ নাগৰিক তথা চ’ক বজাৰত ব্যৱসায়-বাণিজ্য চলাই থকাসকলো যে জন-সুৰক্ষাৰ প্রতি একেবাৰে উদাসীন তাৰ প্রমাণ কেৱল যোৰহাটতে নহয়, গুৱাহাটী প্রমুখ্যে প্ৰায়বিলাক নগৰত দেখিবলৈ পোৱা যায়। সেয়ে পৌৰ এলেকাৰ মাটিত সীমা ঠেলি ঘৰ সজাৰ কাৰণে বাট পথ অতিকৈ ঠেক হৈ পৰে। জুই লাগিলে অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈকে প্রৱেশ কৰিব নোৱাৰে। অসম ৰাজ্যখন ভূমিকম্পৰ পাঁচ নম্বৰ জ’নত অৱস্থিত। কেতিয়াবা যদি (ভগৱানে নকৰক) তুৰস্কৰ-ছিৰিয়াৰ নিচিনা ৭-৮ প্রাৱল্যৰ ভূ-কম্পন হয়, নগৰৰ বাসিন্দাসকলৰ বাবে থিয় হ’বলৈ অলপো মুকলি মাটি নাই বুলি ক’ব পাৰি।
দৰাচলতে, বাসিন্দাসকলে নগৰখনক নিজৰ বুলি নাভাবে আৰু সেইবাবে তেওঁলোকে নগৰখনৰ কল্যাণৰ হকে ভাবিবলৈ কোনো কাৰণ বিচাৰি নাপায়। একেদৰে অসম চৰকাৰৰ পৌৰ প্রশাসনৰ বিভাগ আছে। স্থানীয় প্ৰশাসনৰ বাবে আছে পৌৰ নিগমআৰু আছে জিলা প্রশাসন। তেওঁলোকে নগৰবিলাকৰ সুৰক্ষাৰ বিষয়ত কিমান যত্নপৰ? বজাৰবিলাক কিমান পৰিষ্কাৰ আৰু তাৰ পৰিৱেশ কিমান স্বাস্থ্যসন্মত? পৌৰপতি, জিলা প্রশাসন আৰু নিৰ্বাচিত পৌৰ সদস্যসকল নগৰৰ সৰ্বাংগীন স্বাস্থ্যৰ প্রতি কিমান সচেতন? এইবিলাক অপ্ৰীতিকৰ প্রশ্ন এতিয়া নিশ্চয় উত্থাপিত হ’ব। চৰকাৰ, ন্যায়পালিকা আৰু কৰ্তৃত্বশীল বিভাগবিলাকে নিৰপেক্ষ ভূমিকা লৈ ভৱিষ্যতে যাতে এনে দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ নাপায় তাৰ উচিত ব্যৱস্থা ল’ব লাগিব।
ভূক্তভোগীসকলে যাতে উচিত ক্ষতিপুৰণ লাভ কৰে আৰু তেওঁলোকে যাতে ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰে সেই দিশতো যত্নপৰ হ’ব লাগিব। বোধহয় তেওঁলোকৰ বহুতেই সম্পত্তিৰ বীমা কৰা নাই। মোৰ ধাৰণা বহুতৰে হয়তো দোকান আৰু ভূমিৰ কোনো নিৰ্ভৰযোগ্য তথ্য বা দলিল নাই। গতিকে এক জটিল পৰিস্থিতিয়ে দেখা দিব। তাৰ সৈতে মোকাবিলা কৰাটো এক অতিকৈ জটিল কাম হৈ পৰিব। তেনে ক্ষেত্রত মানৱীয় দৃষ্টিভংগীৰে সকলো দিশ বিচাৰ কৰিব লাগিব। লগতে স্থানীয় সচেতন বাসিন্দাই সহায়ৰ হাত বঢ়াব লাগিব। নহ’লে সৰ্বস্বান্ত হোৱা দুৰ্ভগীয়া মানুহখিনি সমূলাঞ্চে বিপদগ্ৰস্ত হৈ পৰিব। জুয়ে তেওঁলোকৰ আশা আৰু ভৱিষ্যৎ ভষ্মীভূত কৰাৰ পাছত যিমান ব্যাথিত হৈছোঁ তাতকৈ অধিক ব্যাথিত হৈছোঁ তেওঁলোকৰ অনাগত দিনৰ সংগ্ৰাম আৰু দুৰ্দশাৰ আগজাননী দেখি। সেয়ে, তেওঁলোকৰ পিনে সহায়ৰ হাত আগবঢ়াই নাগৰিক হিচাপে তেওঁলোকৰ দুখৰ সৈতে আমি সমভাগী হোৱাটো এতিয়া সময়ৰ আহ্বান।