অসমীয়া ভাষাৰ লিখন ৰীতিত প্ৰত্যয় আৰু বিভক্তিৰ ব্যৱহাৰ

অসমীয়া ভাষাৰ লিখন-ৰীতিত প্ৰত্যয় আৰু বিভক্তিবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায়ে খেলিমেলি ঘটা লক্ষ্য কৰা যায়৷ নক’লেও চলে, এইবোৰৰ প্ৰয়োগ সঠিকভাৱে নকৰিলে শব্দৰ অভিপ্ৰেত অৰ্থ নিৰূপণত বেমেজালি ঘটে৷

প্ৰত্যয় আৰু বিভক্তিৰ সংযোগত অসমীয়া শব্দত সন্ধি হয়৷ যেনে—

হৰি+এ=হৰিয়ে, গৰু+এ=গৰুৱে,

গাঁও+অৰ=গাঁৱৰ, খা+আ=খোৱা,

যা+আ=যোৱা, থ+আ=থোৱা,দি+আ=দিয়া, নি+আ=নিয়া, পি+আ=পিয়া,

ন+খায়=নাখায়, ন+মিলে=নিমিলে,

কণা+ঈ=কাণী, অকৰা+ঈ=আকৰী,

অজলা+ঈ=আজলী ইত্যাদি৷

সন্ধিৰ অৰ্থ লগ লগা বা যুক্ত হোৱা৷ গতিকে মূল শব্দৰ সৈতে যুক্ত হোৱা এই ৰূপবোৰ লগলগাই লিখাটোৱেই নিয়ম৷ তেতিয়া অৰ্থবোধ সহজ হয়৷

অসমীয়া ভাষাত ৰামক, ঘৰত, পৰত, বজাৰলৈ, দিল্লীলৈ, কৰোঁতা, ধৰোঁতা, বাজনা, খুন্দনাকে ধৰি বিভক্তি/প্ৰত্যয়-সংযোজিত অসংখ্য শব্দৰ ব্যৱহাৰ হয়৷ এই শব্দবোৰেই ভাষাটোৰ ভাব-প্ৰকাশৰ ঘাই মাধ্যম৷

বিভক্তি বুলিলে আমি সাধাৰণভাৱে কাৰক-বিভক্তি আৰু ক্ৰিয়া-বিভক্তিকে বুজোঁ৷ ডঃ গোলোকচন্দ্ৰ গোস্বামীয়ে সম্বন্ধবাচক বিশেষ্য পদত পুৰুষ অনুসাৰে লগ লগা পুৰুষবাচক সৰ্গবোৰকো বাক্যত সিবোৰৰ অপৰিহাৰ্য প্ৰয়োগলৈ লক্ষ্য কৰি বিভক্তিৰ মৰ্যাদা দিছে৷ পূৰ্বসৰ্গবোৰৰ বাদে অন্যান্য প্ৰত্যয় আৰু বিভক্তিবোৰ মূল শব্দৰ পিছত বহে৷ আনহাতে সম্বন্ধ নিৰ্দেশক প্ৰত্যয় বা বিভক্তিবোৰ সম্বন্ধবাচক শব্দৰ পাছত লগ লগাৰ পাছতহে তাৰ পাছত কাৰক-বিভক্তি যোগ হয়, যেনে— ভাই—তোৰ ভাই+এৰ > ভায়েৰ+ই (কৰ্তা)=ভায়েৰই৷ তেনেদৰে ভায়েৰাই, ভায়েকক, ভায়েকলৈ ইত্যাদি৷

বিভক্তি আৰু প্ৰত্যয়ৰ পাৰ্থক্য আছে৷ বিভক্তিৰ সংযোগে শব্দ একোটাৰ মূল অৰ্থ একে ৰাখি তাক বাক্যত ব্যৱহাৰৰ উপযোগী কৰি তোলে৷ আন কথাত “বিভক্তি যুক্ত শব্দই পদ”৷ প্ৰত্যয়ৰ সংযোগে কিন্তু শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটাব পাৰে, নাইবা এক শ্ৰেণীৰ শব্দক আন এক শ্ৰেণীলৈ নিব পাৰে৷ উদাহৰণস্বৰূপে ‘বাজ’ এটা ধাতু শব্দ৷ কিন্তু -অনা প্ৰত্যয়ৰ সংযোগত সৃষ্ট ‘বাজনা’ বিশেষ্য শব্দ৷ তেনেদৰে খেত্ মানে শষ্য ৰোপণ কৰা ঠাই ৷ তাৰ পৰা হোৱা ‘খেতি’ আৰু ‘খেতিয়ক’-ৰ অৰ্থ ক্ৰমে শইচ আৰু খেতত বা শষ্যক্ষেত্ৰত খেতি কৰা মানুহ৷

এনেদৰে লক্ষ্য কৰিলে দেখা যায়, প্ৰত্যয়ৰ সংযোগত মূল শব্দৰ শ্ৰেণীৰ পৰিৱৰ্তন ঘটে বা ঘটিব পাৰে৷ অৰ্থাৎ প্ৰত্যয়ৰ জৰিয়তে ধাতু শব্দক বিশেষ্য/বিশেষণলৈ, বিশেষ্যক বিশেষণলৈ, বিশেষণক বিশেষ্যলৈ পৰিৱৰ্তন কৰা হয়৷ শব্দৰ শ্ৰেণী-পৰিৱৰ্তন ঘটোৱা এই শ্ৰেণীৰ প্ৰত্যয়ক কৃৎ আৰু তদ্ধিত প্ৰত্যয়ৰূপে নামকৰণ কৰি সাধাৰণভাৱে গঠনমূলক প্ৰত্যয় আখ্যা দিয়া হৈছে৷

তেনেদৰে, নিৰ্দিষ্টতাবাচক, অনিৰ্দিষ্টতাবাচক, লিংগ-নিৰ্ণায়ক, একবচন-বহুবচনবোধক আদি বিভিন্ন প্ৰত্যয়ৰ ব্যৱহাৰেও অসমীয়া ভাষাক বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে৷ অসমীয়া ভাষাৰ স্বকীয়ত্বৰ এইবোৰেই প্ৰমাণ৷

আৰম্ভণিতে উল্লেখ কৰি আহিছোঁ, প্ৰত্যয় আৰু বিভক্তিৰ বৈশিষ্ট্যৰ বিৱৰণ দিয়াটো মোৰ এই লেখাটোৰ উদ্দেশ্য নহয়৷ সম্প্ৰতি অসমীয়া লিখোঁতে প্ৰত্যয় আৰু বিভক্তিবোৰ মূল শব্দৰ সৈতে লগ লগাই নিলিখি পৃথককৈ লিখাৰ প্ৰৱণতা এটা গা কৰি উঠা পৰিলক্ষিত হৈছে৷ সেই বিষয়ে মোৰ মনোভাব ব্যক্ত কৰাটোহে এই লেখাৰ ঘাই উদ্দেশ্য৷ ভাষাটোৰ এৰাব নোৱৰা সম্পদৰূপে চিহ্নিত এই বিভক্তি আৰু প্ৰত্যয়বোৰ নিলগাই নিলিখি মূল শব্দৰ সৈতে একেলগে লিখাটোৱেই লিখিত অসমীয়াৰ চিৰাচৰিত নিয়ম৷ লগ লগাই লিখিলে প্ৰত্যয়/বিভক্তিযুক্ত শব্দবোৰৰ অভিপ্ৰেত অৰ্থৰ প্ৰকাশত বেমেজালি নঘটে৷ বৰ্তমান কোনো কোনোৱে এই নীতি নামানি প্ৰত্যয় আৰু বিভক্তিবোৰ মূল শব্দৰ পৰা নিলগাই সুকীয়াকৈ লিখা দেখা যায়; যেনে—হাঁহ ক, ৰাম ক, শ্বিলং ৰ, ঘৰ ত, মানুহ বোৰ আদি৷

আচলতে হাঁহক, ৰামক, শ্বিলঙৰ, ঘৰত, মানুহবোৰ—এনেদৰে লিখিলেহে ভাষাটোৰ মৰ্যাদা ৰক্ষা পৰে৷ নতুনকৈ আৰম্ভ হোৱা এনে লিখন-ৰীতি মূলতঃ ৰোমান লিপি ব্যৱহাৰৰ ফল যেন ধাৰণা হয়৷ সাধাৰণতে ৰোমান লিপিত অসমীয়া লিখিবলৈ আৰম্ভ কৰাসকলে প্ৰত্যয় আৰু বিভক্তিবোৰ মূল শব্দৰ পৰা নিলগাই লিখা দেখা যায়৷ অসমীয়াত এনেদৰে লিখিলে শব্দবোৰৰ উচ্চাৰণ হ’বগৈ হাঁহ্ ক, ৰাম্ ক, শ্বিলং ৰ, ঘৰ্ ত আদি৷ এনে প্ৰয়োগে শব্দৰ আচল অৰ্থ-প্ৰকাশত হেঙাৰ বান্ধে৷

এইখিনিতে আন এটি কথাও উল্লেখ কৰা প্ৰাসংগিক হ’ব৷ অসমীয়া ভাষাত -ং ব্যঞ্জনান্ত হিচাপে ব্যৱহাৰ হয়৷ তাৰ স্বৰান্ত ৰূপ হ’ল ঙ৷ -ং-যুক্ত শব্দত বিভক্তি যোগ হ’লে সি ঙ-লৈ ৰূপান্তৰিত হয়, যেনে—কলং+অত=কলঙত, শ্বিলং+অৰ=শ্বিলঙৰ ইত্যাদি৷  তেনেদৰে গাঁও শব্দত বিভক্তি লগ লাগিলে ও—ৱলৈ পৰিৱৰ্তিত হয়৷ অৰ্থাৎ, গাঁও হ’বগৈ গাঁও+এ=গাঁৱে, গাঁও+ত=গাঁৱত ইত্যাদি৷ বহুতে এই নিয়ম নামানি শ্বিলংৰ, কলংত, গাঁওৰ এনেদৰে লিখা দেখা যায়৷ আকৌ নিমিত্ত অৰ্থসূচক -লৈ বিভক্তি আৰু ল ধাতুৰ পৰা সৃষ্ট লৈ-ৰ প্ৰয়োগতো খেলিমেলি লক্ষ্য কৰা যায়৷ সম্প্ৰতি পোৱা তেনে প্ৰয়োগৰ দুটামান উগাহৰণ, যেনে— ‘কাগজ লৈ যা’-ৰ পৰিৱৰ্তে ‘কাগজলৈ যা’, ‘নামচাঙলৈ আহ’-ৰ সলনি ‘নামচাং লৈ আহ’ ইত্যাদি৷ এনে প্ৰয়োগে অৰ্থবোধত বেমেজালি ঘটায়৷

বিভক্তিযুক্ত শব্দৰ পিছত বহা অনুপদবোৰ লগলগাই লিখা উচিত নে নিলগাই লিখা উচিত সেয়াও এক প্ৰশ্ন৷ অনুপদ (Post position) শব্দটোতে তাৰ উপায় নিহিত হৈ আছে বুলি মোৰ ধাৰণা৷ অৰ্থাৎ স্বতন্ত্ৰ অৰ্থসূচক অনুপদবোৰ মূল শব্দৰ পৰা নিলগাই লিখা যুগুত; যেনে—ৰামৰ দ্বাৰা, ঘৰৰ পৰা, তোমাৰ কাৰণে, তাৰ বাবে ইত্যাদি ৷