NORTHEAST NOW (Assamese)

মিছা চাহ বাগিচাত অঘটন; পুখুৰীত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি

June 20, 2022 2:13 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ মিছা চাহ বাগিচাত ঘটিছে এক অঘটন। পুখুৰীত মাছ মাৰিবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটিছে।

নিহত যুৱকজন ১৪ নং লাইনৰ  অমৰ নায়ক বুলি চিনাক্ত হৈছে। দুদিন পূৰ্বে পুখুৰীত পৰি নিখোজ হৈছিল যুৱকজন। সোমবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বিগত দুটা দিনে SDRF আৰু কলিয়াবৰ অগ্নি নিৰ্বাপক তথা আপাতকালীন বিভাগে অভিযান অব্যাহত ৰখাৰ পাছতে আজি পুৱা উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

নেৰেনেপেৰা বৰষুণৰ ফলত পুখুৰীৰ পানীৰ গভীৰতা বৃদ্ধি পোৱাৰ সময়তে যুৱকজনে মৎস্য চিকাৰ কৰিবলৈ যাওঁতে সলিল সমাধি ঘটে। যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

মৃতদেহটো কলিয়াবৰৰ মিছা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

Related News