• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘অগ্নিপথ’ৰ ‘অগ্নিবীৰ’ৰ মৰ্যাদা বিজেপি কাৰ্যালয়ৰ চিকিউৰিটী গাৰ্ড! বিজেপি নেতাৰ মন্তব্যই প্ৰকাশ কৰিলে অগ্নিপথৰ প্ৰাসংগিকতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2022 12:42 pm
Agnipath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা খণ্ডত নিয়োগৰ বাবে গ্ৰহণ কৰিব খোজা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশত অব্যাহত আছে প্ৰতিবাদ। দেশৰ যুৱ প্ৰজন্মক বঞ্চনা কৰাৰ পথ মুকলি কৰাৰ অভিযোগ তুলি অগ্নিপথ বাতিলৰ দাবীত সমগ্ৰ দেশতে ব্যাপক ৰূপত প্ৰতিবাদে গা কৰি উঠিছে।

কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিৰ গ্ৰহণযোগ্যতা সম্পেৰ্কে বিভিন্ন যুক্তিৰে প্ৰতিবাদী যুৱ চামক শান্ত কৰাৰ প্ৰচেষ্টা চলাইছে যদিও আঁচনিখনত থকা আসোঁৱাহ সমূহ আঙুলিয়াই দি প্ৰতিবাদ অব্যাহত ৰাখিছে সেনাৰ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকলে।

Apply Now

অগ্নিপথ আঁচনিৰ প্ৰাসংগিকতা সম্পৰ্কে যুৱচামৰ এই যুক্তিশীল আন্দোলনৰ মাজতে শাসনাধিষ্ঠ বিজেপি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কৰিছে এক উদ্ভট মন্তব্য। এক কথাত দেশৰ যুৱ প্ৰজন্ম তথা সেনা বাহিনীক অপমান কৰি এই নেতাজনে অগ্নিপথৰ অধীনত নিযুক্তি লাভ কৰিবলগীয়া অগ্নিবীৰ সকলৰ মৰ্যাদা বিজেপিৰ কাৰ্যালয়ৰ চিকিউৰিটী গাৰ্ডৰ সমতুল্য কৰি তুলিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে নতুন সামৰিক নিযুক্তি আঁচনি ‘অগ্নিপথ’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক শান্ত কৰাৰ প্ৰচেষ্টা চলাবলৈ গৈ অগ্নবীৰ নামেৰে নামাকৰণ কৰা সম্ভাব্য সেনা জোৱানসকৱক চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত বিজেপিৰ দলীয় কাৰ্যালয়ত চিকিউৰিটী গাৰ্ড হিচাপে নিয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

এই সংবাদমেল আয়োজন কৰি বিজয়বৰ্গীয়ে সাংবাদিকৰ আগত কয় যে নতুন আঁচনিৰ অধীনত চাৰি বছৰীয়া কৰ্তব্য ভ্ৰমণ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলে বিজেপি কাৰ্যালয়ত নিৰাপত্তাৰক্ষীৰ চাকৰিৰ বাবে প্ৰথম অগ্ৰাধিকাৰ পাব।

‘অগ্নিপথ’ আঁচনিৰ ওপৰত নিযুক্তি প্ৰত্যাশীসকলে অব্যাহত ৰখা ধাৰাবাহিক প্ৰতিবাদৰ মাজতে বিজয়বৰ্গীয়ে কয় যে সামৰিক প্ৰশিক্ষণৰ পিছত সমাজলৈ উভতি অহাৰ পিছত ‘অগ্নিবীৰ’ দক্ষ আৰু সম্পদশালী লোক হৈ উঠিব।

“অগ্নিপথৰ অধীনত এবাৰ চাৰি বছৰীয়া প্ৰশিক্ষণৰ পৰা উভতি অহাৰ পিছত ১৭.৫ বছৰৰ পৰা ২৩ বছৰলৈ, আনকি কোনোবাই ২১ বছৰত যোগদান কৰিলেও সময়সীমা শেষ হ’লে অগ্নিবীৰ সকলে হাতত ১১ লাখ টকা লাভ কৰিব। লগতে তেওঁলোকে অগ্নিবীৰ বেজ লাভ কৰিব। যদি মই এই বিজেপি কাৰ্যালয়ৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰিব লগা হয়, মই প্ৰথমে অগ্নিবীৰ বাছনি কৰিম।”- বিজয়বৰ্গীয়ে কয়।

বিজয়বৰ্গীৰ এই মন্তব্যই সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিজেপি নেতাগৰাকীক সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে প্ৰশিক্ষণ দিয়া যুৱক-যুৱতীসকলক চিকিউৰিটী গাৰ্ডৰ চাকৰিত নিয়োগ কৰিব বিচৰা মানসিকতাৰ বাবে তীব্ৰ সমালোচনা কৰে।

“দেশৰ যুৱ প্ৰজন্ম আৰু সেনা জোৱানসকলক ইমান অসন্মান নকৰিব। আমাৰ দেশৰ যুৱক-যুৱতীসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰে আৰু পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁলোকে সেনাত যোগদান কৰি গোটেই জীৱন দেশৰ সেৱা কৰিব বিচাৰে, বিজেপি কাৰ্যালয়ৰ বাহিৰত চিকিউৰিটী গাৰ্ড হ’বলৈ নহয়।”- এক টুইট যোগে কেজৰিৱালে কয়।

বিজেপি সাংসদ বৰুণ গান্ধীয়েও বিজয়বৰ্গীৰ মন্তব্যৰ বিৰোধিতা কৰা কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লয়। গান্ধীয়ে এক টুইটত কয় যে যি সকল সেনাৰ বীৰত্ব সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হয়, তেওঁলোকক ৰাজনৈতিক কাৰ্যালয়ৰ চকীদাৰ হ’বলৈ আমন্ত্ৰণ কৰা হৈছে।

তেওঁ লগতে কয়, “যিগৰাকীয়ে এই প্ৰস্তাৱ আগবঢ়াইছে, তেওঁক অভিনন্দন। ভাৰতীয় সেনা হৈছে ভাৰত মাতৃৰ বাবে সেৱাৰ মাধ্যম, কেৱল মাত্ৰ এক সাধাৰণ কাম নহয়।”

নিজ মন্তব্য বাবে এইদৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পাছত বিজয়বৰ্গীয়ে স্পষ্টীকৰণ আগবঢ়াবলৈ বাধ্য হৈছে। বিজেপি বিৰোধীসকলক টুলকিট গেং আখ্যা দি বিজয়বৰ্গীয়ে এই টুলকিট গেঙে তেওঁৰ মন্তব্যৰ ভুল বাখ্যা কৰিছে বুলি দায় সাৰিব বিচাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd