আধাৰ লিংকৰ পাছত উমৈহতীয়া ভোটাৰ তালিকাৰ লক্ষ্য কেন্দ্ৰৰ

Common electoral roll

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা অনুসৰি সংসদ, বিধানসভা আৰু স্থানীয় সংস্থাৰ নিৰ্বাচনৰ বাবে এক উমৈহতীয়া ভোটাৰ তালিকা গ্ৰহণ কৰাৰ লক্ষ্যৰে এই বৈঠক আহ্বান কৰা হৈছে।

ৰাজ্যসভাই নিৰ্বাচনী আইন (সংশোধনী) বিধেয়ক, 2021 গৃহীত কৰাৰ পিছতে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, আইন আৰু ন্যায় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে দেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উমৈহতীয়া নিৰ্বাচনী তালিকাৰ স্থিতি সন্দৰ্ভত এক নিৰ্ধাৰিত বৈঠক অনুষ্ঠিত কৰে।

সমিতিখনৰ নেতৃত্ব দিছে বিজেপিৰ সুশীল কুমাৰ মোডীয়ে।

জানিব পৰা গৈছে যে সমিতিখনৰ বিৰোধী সদস্যসকলে – টিএমচিৰ সুখেন্দু শেখৰ ৰায়, কংগ্ৰেছৰ দীপেন্দৰ হুডা আৰু ডিএমকেৰ পি উইলছনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি যুক্তি দিছিল যে এইয়া ৰাজ্যসমূহৰ অধিকাৰত বেদখল কৰা হ’ব।

বিৰোধী দলৰ কিছু সদস্যই যুক্তি দিয়ে যে সংবিধানৰ অধীনত ৰাজ্যিক নিৰ্বাচন আয়োগক দিয়া ক্ষমতাৰ অধিগ্ৰহণ কৰাৰ কোনো ক্ষমতা বা কৰ্তৃত্ব কেন্দ্ৰৰ নাই।

সমিতিখনক বিধান বিভাগৰ সচিব ৰীতা বশিষ্ট আৰু নিৰ্বাচন আয়োগৰ প্ৰতিনিধিসকলে উমৈহতীয়া ভোটাৰ তালিকাৰ স্থিতিৰ ওপৰত এক উপস্থাপন প্ৰদান কৰে।

চৰকাৰে সমিতিক জনাইছে যে তেওঁলোকে শীঘ্ৰেই ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে যাতে তেওঁলোকক এক উমৈহতীয়া ভোটাৰ তালিকা গ্ৰহণ কৰিবলৈ সৈমান কৰাৰ চেষ্টা কৰা হয়।

চৰকাৰে এতিয়ালৈকে আইন সংশোধনৰ পক্ষপাতী নহয় কিন্তু ৰাজ্যসমূহকক এক উমৈহতীয়া ভোটাৰ তালিকা গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰিব বিচাৰে।