লাভদায়ক বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত খণ্ডক গতোৱাৰ মোদী চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে কৰ্মচাৰীৰ প্ৰতিবাদ

আদানী গ্ৰুপে লাভ কৰাটো নিশ্চিত হোৱাৰ পিছতে শংকিত উত্তৰ-পূবৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ কৰ্মচাৰী

LGB Employees protest

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত কৰ্মচাৰীৰ প্ৰতিবাদ।

বৰঝাৰস্থিত উত্তৰ পূবৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে বিমান বন্দৰটোৰ কৰ্মচাৰীসকলেও।

দেশৰ ৬টা লাভদায়ক বিমান বন্দৰ ব্যক্তিগত খণ্ডক গতোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে। আহমেদাবাদ, জয়পুৰ, ত্ৰিবান্দ্ৰাম, লক্ষ্ণৌ, মেংগালোৰৰ লগতে গুৱাহাটীত থকা বৰঝাৰ বিমান বন্দৰ আদানী গ্ৰুপৰ হাতলৈ যোৱাটো ইতিমধ্যেই নিশ্চিত হৈছে।

এইটো নিশ্চিত হোৱাৰ পিছতে শংকিত হৈ পৰা এয়াৰপ’ৰ্ট অথৰিটি অব ইণ্ডিয়াৰ কৰ্মচাৰীসকলে এখন যুটীয়া মঞ্চৰ অধীনত যোৱা কেইবাদিনো ধৰি কেন্দ্ৰীয় চৰকাৰৰ এই একপক্ষীয় পদক্ষেপৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰি আহিছে।

তাৰে অংশ হিচাপে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কৰ্মচাৰীসকলেও ৬ ছেপ্টেম্বৰত চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

কেইবাশও কৰ্মচাৰীয়ে এয়াৰপ’ৰ্ট অথৰিটি অব ইণ্ডিয়াৰ য়ুনিয়ন আৰু এছ’চিয়েশ্যনবোৰৰ যুটীয়া মঞ্চৰ অধীনত এই প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লয়। প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে বন্দৰটোৰ বাহিৰত বিভিন্ন শ্ল’গান দিয়ে।

“বিমান বন্দৰবোৰ ব্যক্তিগতকৰণৰ এই খৰখেদাই বহুতো প্ৰশ্নৰ উদ্ৰেক কৰিছে। স্বাৰ্থজড়িত পক্ষবোৰক আস্থাত নোলোৱাকৈ আৰু তেওঁলোকৰ স্বাৰ্থৰ কথা কোনো বিবেচনা নকৰাকৈ এই সিদ্ধান্ত লোৱা হৈছে।”, মঞ্চৰ সম্পাদক প্ৰদীপ দাসে কয়।