NORTHEAST NOW (Assamese)

বহিঃৰাজ্যৰ শ্ৰমিকৰ নিযুক্তি বন্ধ কৰাৰ দাবীত বঙাইগাঁও শোধনাগাৰত আক্ৰাছু, চিলাৰায় উন্নয়ন মঞ্চৰ প্ৰতিবাদ

January 5, 2021 7:02 pm · এন ই নাও নিউজ

চিৰাং জিলাৰ ঢালিগাঁৱস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও তেল সোধনাগাৰৰ সন্মুখত আক্ৰাছুৰ চিৰাং জিলা সমিতি আৰু চিলাৰায় উন্নয়ন মঞ্চই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে বঙাইগাঁও শোধনাগাৰ পৰিচালনাৰ মুখ্য মহা প্ৰৱন্ধকক ১৮ টা দাবী যুক্ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

শোধনাগাৰ কৰ্তৃপক্ষই শীঘ্ৰে এই দাবী সমূহ পূৰণ নকৰিলৈ ভবিষ্যতে অধিক সংগ্ৰাম গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰী সকলে লগতে জনায়।

প্ৰতিবাদকাৰী সকলে স্মাৰক পত্ৰত উল্লেখ কৰা মুখ্য দাবী সমূহৰ ভিতৰত শ্ৰমিকৰ প্ৰাপ্য মজুৰী বিজিআৰ কৰ্তৃপক্ষই আদায়ৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা, এ এছ আই হস্পিটেল স্থাপন কৰা, বহিঃৰাজ্যৰ শ্ৰমিকক নিযুক্তি বন্ধ কৰা, দাঁতিকাষৰীয়া অঞ্চলসমূহত বিদ্যালয়, বাট-পথ, বিজুলীবাতিৰ ব্যৱস্থা কৰা ইত্যাদি।

আনহাতে, প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী সকলে থলুৱাক নিয়োগ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Related News