বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ
বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানলৈ কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ লগত জড়িত থকা লোকে মৃত্যুৰ ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। এন ডি টি ভিৰ এক প্ৰতিবেদন অনুসৰি, সামাজিক মাধ্যমৰ এটা পোষ্ট আৰু এটা ভইচ নোটৰ জৰিয়তে এই ভাবুকি দিয়া হৈছে। বৰ্তমান মুম্বাই আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে। অৱশ্যে এতিয়ালৈকে আমিৰ খান বা তেওঁৰ দলৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই।
প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি আৰ্জু বিষ্ণৈ আৰু টাইছন বিষ্ণৈ নামৰ লৰেন্স বিষ্ণৈৰ দুজন সহযোগীয়ে সামাজিক মাধ্যমত এই ভাবুকিভৰা বাৰ্তা প্ৰেৰণ কৰিছে। এই পোষ্টটোত অভিনেতাগৰাকীক তেওঁৰ শেহতীয়া তৃতীয় বিবাহৰ লগত সাঙুৰি লাভ জেহাদক উৎসাহিত কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। লগতে সকীয়াই দিয়া হৈছে যে যিসকলে এনে কামক উদগনি দিয়ে তেওঁলোকে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব। উল্লেখ্য যে ৬১ বছৰীয়া আমিৰ খানে এই বছৰৰ আৰম্ভণিতে তেওঁৰ সংগী গৌৰী স্প্ৰাটৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু এইখন তেওঁৰ তৃতীয় বিবাহ আছিল।
ইয়াৰ উপৰিও এই পোষ্টটোত যোৱা মাহত ৰাজস্থানৰ শ্ৰীগংগানগৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ অপহৰণ আৰু নিৰ্যাতনৰ ঘটনাৰ কথাও উল্লেখ কৰা হৈছে। এই ঘটনাত আৰক্ষী আৰু কৰ্তৃপক্ষই লোৱা ক্ষিপ্ৰ ব্যৱস্থাক প্ৰশংসা কৰাৰ লগতে ৰাজনৈতিক নেতাসকলকো কঠোৰ সকীয়নি দিয়া হৈছে। বাৰ্তাটোত স্পষ্টকৈ কোৱা হৈছে যে যদি কোনো ৰাজনৈতিক ব্যক্তিয়ে অপৰাধীক বচাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকেও অপৰাধীৰ দৰেই একেই পৰিণতিৰ সন্মুখীন হ’ব লাগিব।