• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

বৰ্তমান ডিটেনশ্যন কেম্পত আৱদ্ধ দুগৰাকী মহিলাৰ বিতাড়ন প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ বাহাল; নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 18, 2026 7:11 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে অসমত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত বিদেশী হিচাপে চিহ্নিত হোৱা পাঁচগৰাকী মহিলাৰ আৱেদন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ অসম চৰকাৰক দুসপ্তাহৰ সময়সীমা বান্ধি দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে যোৱা ১৬ জুলাইত এই নিৰ্দেশ প্ৰদান কৰে। বিদেশী ন্যায়াধীকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এই পাঁচখন আৱেদনৰ বিপৰীতে ওকালতনামা আৰু প্ৰতি-শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰৰ অধিবক্তাই সময় বিচৰাৰ পৰিপ্ৰেক্ষিততে উচ্চতম ন্যায়ালয়ে এই সময়সীমা প্ৰদান কৰি দুসপ্তাহৰ পাছত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

 

Apply Now

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা শুনানিৰ সময়ত একাংশ আৱেদনকাৰীৰ হৈ আদালতত হাজিৰ হোৱা এগৰাকী অধিবক্তাই জানিবলৈ দিয়ে যে বিদেশী হিচাপে চিহ্নিত এই মহিলাসকলৰ ভিতৰত দুগৰাকী বৰ্তমান ডিটেনশ্যন কেম্পত আৱদ্ধ হৈ আছে। অৱশ্যে, উচ্চতম ন্যায়ালয়ে পূৰ্বেই এই গোচৰটোত স্থিতাবস্থা অটুট ৰখাৰ নিৰ্দেশ দিয়াৰ ফলত তেওঁলোকৰ বিতাড়ন প্ৰক্ৰিয়া বৰ্তমান স্থগিত হৈ আছে। ইয়াৰ পূৰ্বে যোৱা ৫ জুনত শীৰ্ষ ন্যায়ালয়খনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৃথক নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা এই আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰি বিতাড়ন প্ৰক্ৰিয়াত স্থিতাবস্থা বাহাল ৰাখিছিল। উল্লেখযোগ্য যে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি বিদেশী ন্যায়াধীকৰণে দিয়া ৰায়ক বাতিল কৰিবলৈ বিচাৰি দাখিল কৰা আৱেদনসমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে নাকচ কৰিছিল।

 

শুনানিকালত আন এগৰাকী আৱেদনকাৰীৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ যোৱা ১৩ জুলাইৰ এক গুৰুত্বপূৰ্ণ ৰায়দানৰ প্ৰসংগ উত্থাপন কৰে। উক্ত ৰায়দানত শীৰ্ষ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া এক ন্যায্য, আইনসন্মত আৰু যুক্তিসংগত পদ্ধতিৰে সম্পন্ন হ’ব লাগে। এই ৰায়দানৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে অসমৰ বিদেশী ন্যায়াধীকৰণ আৰু পূৰ্বৰ অবৈধ অনুপ্ৰৱেশকাৰী (নিৰ্ধাৰণ) ন্যায়াধীকৰণৰ (আইএমডিটি) কাৰ্যক্ৰমৰ লগত জড়িত কেইবাখনো আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে প্ৰদান কৰা ৰায়সমূহ খাৰিজ কৰিছিল। লগতে, উচ্চ ন্যায়ালয় বা আন কোনো ন্যায়াধীকৰণৰ পূৰ্বৰ নিৰীক্ষণৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ সংশ্লিষ্ট ন্যায়াধীকৰণসমূহক এই গোচৰসমূহৰ নতুনকৈ বিচাৰ কৰিবলৈ শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিছিল।

 

শীৰ্ষ ন্যায়ালয়ে লগতে পৰ্যবেক্ষণ কৰিছিল যে যিসকল ব্যক্তি ভাৰতীয় নাগৰিকত্ব দাবী কৰিবলৈ আইনগতভাৱে যোগ্য নহয়, তেওঁলোকে যাতে প্ৰক্ৰিয়াৰ অপব্যৱহাৰ, ভুৱা দাবী বা পদ্ধতিগত পলমৰ সুযোগ লৈ নাগৰিকত্ব লাভ কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাটো ৰাষ্ট্ৰৰ এক বৈধ আৰু অপৰিহাৰ্য স্বাৰ্থ। কিন্তু একে সময়তে নাগৰিকত্ব নিৰ্ধাৰণৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰপেক্ষ আৰু আইনসন্মত হোৱাটো বাঞ্চনীয় বুলি ন্যায়ালয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসম চৰকাৰে দুসপ্তাহৰ ভিতৰত দাখিল কৰিবলগীয়া শপতনামাৰ পাছতহে এই মহিলাসকলৰ ভৱিষ্যত নিৰ্ধাৰণ সন্দৰ্ভত পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd