এন আৰ চি প্ৰক্ৰিয়াৰ “অন্যায়”ৰ বিৰুদ্ধে নতুন দিল্লীত ধৰ্ণা; ভুৱা আপত্তিকাৰীক শাস্তিৰ দাবী

ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে নাগৰিকত্ব আইন, ১৯৫৫-ৰ ধাৰা ১৭ অনুসৰি ব্যৱস্থা লোৱাৰ দাবী

Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

এন আৰ চিৰ দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে যোৱা ০১.১১.২০১৮ তাৰিখে  অনুমোদন কৰা SOP ৰ কিছু দফাৰ লগতে মাননীয় উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰা হৈছে বুলি অভিযোগ আনি নতুন দিল্লীত আমছুৱে দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে সংবাদ মাধ্যমক জনায় যে এই অনিয়ম আৰু খামখেয়ালিৰ ফলত সাধাৰণ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ৰাইজে বহু সমস্যাৰ সন্মূখীন হৈ আহিছে।

এন আৰ চি কৰ্তৃপক্ষক পক্ষপাতিত্বমূলক ভুমিকা পৰিহাৰ কৰি নিৰপেক্ষ দৃষ্টিভংগিৰে কাম কৰিবলৈ দাবী জনায়।

সংগঠনটোৱে তলত উল্লেখ কৰা দাবীসমূহ তুলিছে-

১) মাননীয় উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা SOP ৰ দফা ৫ অনুযায়ী দাবী-আপত্তিৰ শুনানিলৈ মতা জাননীত দাবী-আপত্তিৰ কাৰণ (Grounds of Objection or Claim) উল্লেখ কৰক।  ভুৱা আপত্তিকাৰীক নাগৰিকত্ব আইন, ১৯৫৫ ৰ ধাৰা ১৭ অনুসৰি শাস্তি প্ৰদান কৰক।

২) আপত্তিকাৰী অনুপস্থিত থকা শুনানিসমূহত পোনে পোনে আপত্তিসমূহ খাৰিজ কৰক।

৩) আপত্তি আবেদন দাখিলৰ সময়ত আপত্তিকাৰীয়ে নিজৰ নাম-ঠিকনা ফোন নম্বৰ ইত্যাদিৰ লগতে আপত্তিৰ কাৰণ উল্লেখ কৰাটো বাধ্যতামূলক। নাম-ঠিকনা ফোন নম্বৰ অবিহনে দাখিল কৰা আপত্তি-আৱেদনসমূহ খাৰিজ কৰক।

৪) মাননীয় উচ্চতম ন্যায়ালয়ৰ অনুমোদিত SOP ৰ দফা ৫ অনুসৰি আপত্তিৰ কাৰণ উল্লেখ কৰি অতি কমেও ১৫ দিনৰ পূৰ্বে আপত্তি উত্থাপিত হোৱা ব্যক্তিক জাননী দিব লাগিব। কোনো কাৰণত কোনো জাননী ১৫ দিন পূৰ্বে দিব নোৱাৰিলে সেই জাননীৰ শুনানিৰ তাৰিখ পুননিৰ্ধাৰণ কৰি নতুন জাননী প্ৰদান কৰিব লাগিব।

৫)  আপত্তিকাৰীৰ নাম ঠিকনা ইত্যাদি প্ৰকাশ কৰিব নালাগে বুলি ৰাজ্যিক সমন্বয়ক  প্রতীক হাজেলাই ১১ মে তাৰিখে  নিৰ্দেশনা দিয়াত Natural Justice পোৱাত বাধা দিয়াহে হৈ আছে। নিজৰ নাগৰিকত্বৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰা ব্যক্তিজনৰ সম্পূৰ্ণ বিৱৰণ জনা সংশ্লিষ্ট ব্যক্তিজনৰ অধিকাৰ। কিন্তু NRC ৰ কৰ্তৃপক্ষই মইমতালিৰে আপত্তিকাৰীৰ তথ্য গোপনে লুকুৱাই ৰাখি তথ্য জনাৰ অধিকাৰ খৰ্ব  কৰি আহিছে। হাজেলাই জাৰি কৰা ১১ মে’ তাৰিখৰ নটিফিকেইশ্যন বাতিল কৰি আপত্তিকাৰী সকলৰ নাম-ঠিকনা ফোন নম্বৰ আদি আপত্তি উত্থাপিত হোৱা ব্যক্তিক অৱগত কৰক।

৬) এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া বিশেষকৈ দাবী আৰু আপত্তি প্ৰক্ৰিয়া স্বচ্ছ  (Transparent) হ’ব লাগিব বুলি SOP-ত উল্লেখ আছে। কিন্তু দাবী-আপত্তি নিষ্পত্তিৰ সময়ত নিষ্পত্তিকাৰী বিষয়াই কি সিদ্ধান্ত গ্ৰহণ কৰি আছে সেয়া গোপনে ৰখাত বিশেষকৈ আপত্তিকাৰী উপস্থিত নথকা শুনানিত কি সিদ্ধান্ত গ্ৰহণ কৰি আছে স্পষ্টকৈ প্ৰকাশ নকৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হৈ আছে আৰু SOP ৰ নীতি উলংঘা হৈ আছে। SOP অনুসৰি সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ কৰক।

৭) এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰক। ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বহু লোকৰ বিভিন্ন কাৰণত যেনে বানপানী, গৰাখহনীয়া, অজ্ঞানতাৰ বাবে নথি হেৰাই গৈছে। তেনে লোকৰ সুবিধাৰ্থে ডি এন এ পৰীক্ষা কৰি নাগৰিকত্ব নিৰ্ধাৰণ কৰক।

৮) ৩১ আগষ্ট, ২০১৫ ইং তাৰিখৰ পিছৰ লিংকেইজ ডকুমেণ্ট দাবী-আপত্তি নিষ্পত্তিৰ সময়ত গ্ৰহণ কৰক।

৯। Principles of Natural Justice-ৰ সকলো নীতি কঠোৰভাৱে মানি চলক।

২১ মে’ৰ দুঘন্টীয়া ধৰ্ণ কাৰ্য্যসূচীৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব, কেন্দ্ৰীয় যুটীয়া গৃহ সচিব (উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা), ভাৰতৰ মহাপঞ্জীয়ক, অসম চৰকাৰ মূখ্য সচিব আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

ইয়াৰ পিছতো যদি কৰ্তৃপক্ষই ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধৰণক এন আৰ চিৰ নামত হাৰাশাস্তি কৰা বন্ধ নকৰে বা নিৰপেক্ষ ভুমিকা পালন নকৰে তেন্তে আমছুৱে সমগ্ৰ অসমতে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়িবলৈ বাধ্য হ’ব, সংগঠনটোৱে সংবাদ মাধ্যমক জনায়।

ধৰ্ণা কাৰ্য্যসূচীত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদকদ্বয় আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন, এছ ডি পি আই দলৰ ৰাষ্ট্ৰীয় উপসভাপতি অধিবক্তা ছফৰুদ্দিন আহমেদ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ মধু প্ৰসাদ আদিয়ে বক্তব্য ৰাখে।