১৪০০ কোটি টকাৰ কেলেংকাৰী! দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাৰ পদত্যাগ দাবী আপৰ

বিমুদ্ৰাকৰণৰ সময়ত জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগত আপে দিল্লীৰ গৱৰ্ণৰ ভি কে চাক্সেনাৰ পদত্যাগ আৰু গ্ৰেপ্তাৰ বিচাৰিছে।
এই দাবী উত্থাপন কৰি আপৰ বিধায়ক দুৰ্গেশ পাঠকে কয় যে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাই ২০১৬ চনত বিমুদ্ৰাকৰণৰ পিছতে কেভিআইচিৰ অধ্যক্ষ হিচাবে তেওঁৰ কৰ্মচাৰীসকলক ১৪০০ কোটি টকাৰ পুৰণি নোট সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।বিধায়কগৰাকীয়ে কয় “যেতিয়া তেওঁ কেভিআইচিৰ অধ্যক্ষ আছিল তেতিয়াই দেশত বিমুদ্ৰাকৰণ ঘোষণা কৰা হৈছিল।তাত কাম কৰা এজন কেছিয়াৰে লিখিতভাৱে এই কথা উল্লেখ কৰিছিল যে চাক্সেনাই পুৰণি নোট সলনি কৰিবলৈ তেওঁক বাধ্য কৰিছিল।”

কেছিয়াৰজনক চাক্সেনাই নিলম্বিত কৰিছিল। আপে এই সমগ্ৰ বিষয়টোৰ ইয়াৰ তদন্ত দাবী কৰিছে। ইফালে, এই অভিযোগ সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰ কাৰ্যালয়ৰ পৰা তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। আপৰ এনে গুৰুতৰ অভিযোগে দিল্লী চৰকাৰ আৰু লেফটেনেণ্ট গৱৰ্ণৰৰ মাজত অধিক ব্যৱধানৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।

অৰবিন্দ কেজৰিৱাল চৰকাৰৰ চাক্সেনাৰ পূৰ্বসূৰীৰ সৈতেও মতবিৰোধ হৈছিল। লেফটেনেণ্ট গৱৰ্ণৰৰ বিৰুদ্ধে শ্ল’গান দি আৰু প্লেকাৰ্ড লৈ আপৰ বিধায়কসকল সদনৰ ভিতৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ফলত উপাধ্যক্ষ ৰাখী বিৰলাই ১৫ মিনিটৰ বাবে বিধানসভাৰ কাৰ্যক্ৰম স্থগিত ৰাখিবলগীয়া হৈছিল।

আপে দুৰ্নীতিত লিপ্ত চাক্সেনাক দিল্লীৰ উপ ৰাজ্যপালৰ পদৰ পৰা অপসাৰণৰ দাবী জনাইছে। আপে কৈছে” যেতিয়া চাক্সেনা কেভিআইচিৰ অধ্যক্ষ আছিল তেতিয়া তেওঁ কেছিয়াৰক হেঁচা দি পুৰণি টকা সলাই নতুন নোট লৈছিল। কেৱল দিল্লীতে কেভিআইচিৰ শাখাত ২২ লাখ টকা সলনি কৰা হৈছিল। সমগ্ৰ দেশতে এনে ধৰণৰ ৭০০০ টা শাখা আছে, অৰ্থাৎ ১৪০০ কোটি টকাৰ কেলেংকাৰী হৈছিল,” । আপৰ বিধায়কসকলে বিষয়টোত চিবিআই আৰু ইডি তদন্তৰ হতুৱাই তদন্ত কৰাৰো দাবী জনাইছে।আজি আপৰ বিধায়কসকলে ভি কে চাক্সেনাৰ বিৰুদ্ধে হাতত প্লেকাৰ্ড লৈ বিধানসভা চৌহদত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।